পুৱাতে নগৰখনে গালে মুখে হাত থৈ বহি থাকে ●দেৱপ্ৰসাদ তালুকদাৰ

পুৱাতে নগৰখনে গালে মুখে হাত থৈ বহি থাকে

●দেৱপ্ৰসাদ তালুকদাৰ

পুৱাতে মুকলি কৰি প্ৰাৰ্থনাৰ দুৱাৰ খিৰিকী ওলাই আহো প্ৰাতঃভ্ৰমণলৈ ইমান মুকলি হৈ থাকে ফুলৰ সুবাস লৈ উন্মুক্ত বতাহ চাটি যেন সাৰ পাই চুইছেহি গছৰ পাত লতা বন ফুলৰ পাহি

নগৰখনৰ ফুটপাথ, পার্ক, দোকানৰ চুক কোণত খালি হৈ সিঁচৰিত হৈ পৰি থাকে হাফ, কোৱাটাৰ, ফুল কাৰোবাৰ দেহ-মন পূৰ্ণ কৰি ওৰেতো বাতি

ইমান নিকা প্রশান্তিৰে ভৰা দোকমোকালিটো কিবা খালি খালি কৰি থৈ যায়। ভিতৰখন শূন্য হৈ পৰি থকা বটলবোৰ

কি বেদনাত ভাবনাৰ ৰঙীণ গধূলিবোৰ লাহে লাহে গধুৰ হৈ আহিলে ৰাতি দুৰ্ভাৱনাৰ দুৱাৰ খিৰিকীবোৰ খোল খায়

ইমান নিকা হৈ আহে পুৱাৰ দুহাত কোমল মন বননি

চৌপাশৰ নিৰ্জনতাই, শাৰী শাৰীকৈ ৰিঙিয়াই মাতে গা মন গধুৰ হ’লেও কিবা এটা ভাল লগাই পাতলায় মনৰ পদুলি পিছে, এই খেলিমেলি খালি বটলৰ পৰিৱেশে বিচলিত কৰে নতুনক লৈ দেখি থকা সপোনবোৰ

অনিশ্চয়তাৰ সাঁকোখনত নগৰখন কঁপি উঠে বিষাক্তবোৰ গিলি গিলি এচামে পুৱাৰ বেলিটো মনিব নোৱাৰা হয়।

সপ্তাহটোৰ বিশেষ লেখাঃ

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

Topics

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...

দৃষ্টিহীন স্বপ্নৰ শলিতা—বশিষ্ঠ ত্ৰিদিপ শৰ্মা

দৃষ্টিহীন স্বপ্নৰ শলিতা ----------------------------- আশাৰ বহাগত সপোনৰ ডেউকা ফাগুনৰ বিবস্ত্ৰ বতাহছাটিয়ে উতুৱাই নিয়া...

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি—বাবু শৰ্মা

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি ------------------------------ নিৰন্ধ্ৰ সেমেকা মজিয়াত অতিক্ৰমী ডুৰন্ত্ৰ পকনীয়া সোঁত  নৰখাদকৰ অজান্তি...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img