মেঘালয়ৰ হিন্দু খাচী আৰু জৈন্তিয়াসকলে ৰাজ্যখনৰ পশ্চিম জৈন্তিয়া পাহাৰ জিলাৰ মুখ্য কাৰ্যালয় জোৱাইৰ নাৰ্তিয়াং গাঁৱত অৱস্থিত নাৰ্তিয়াং দুৰ্গা মন্দিৰত জৈন্তেশ্বৰী দেৱীৰ ৰূপত শক্তিক উপাসনা কৰে৷ অসমৰ কামাখ্যা মন্দিৰৰ দৰেই নাৰ্তিয়াং দুৰ্গা মন্দিৰতো দেৱীৰ কোনো মূৰ্তি বা প্ৰতিমা নাই৷ অঞ্চলটোত প্ৰচলিত লোকবিশ্বাস মতে ‘জৈন্তিয়া’ শব্দটোৰ উৎপত্তি হৈছে জয়ন্তী দেৱী বা জৈন্তেশ্বৰীৰ পৰা৷ দেৱী শক্তিৰ উপাসনা জৈন্তিয়া ৰাজপৰিয়ালবোৰত সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ দৰে আছিল৷ জৈন্তিয়া ৰজাসকলে দক্ষিণ পাৰৰ সমভূমি অঞ্চলত নিজৰ আধিপত্য অধিক শক্তিশালী কৰাৰ পিছত দেৱী জৈন্তেশ্বৰীৰ পূজা-অৰ্চনা আৰম্ভ কৰিছিল বুলি কোৱা হয়৷

বৰ্তমানৰ জৈন্তিয়া পাহাৰ জিলাখন জৈন্তিয়া ৰাজ্যৰ মূল কেন্দ্ৰবিন্দু আছিল৷ সপ্তদশ শতিকাৰ পৰা উত্তৰ-পূবৰ ইতিহাস আৰু সংস্কৃতিত ৰাজ্যখনৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ৷ জৈন্তিয়া ৰজাসকলে প্ৰথমে কেৱল পাহাৰীয়া অঞ্চলসমূহতহে তেওঁলোকৰ শাসন প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু, উত্তৰ আৰু দক্ষিণ ফালৰ অঞ্চলবোৰত তেওঁলোকে সামৰিক বিজয় লাভ কৰি নিজৰ আঞ্চলিক নিয়ন্ত্ৰণ ক্ৰমান্বয়ে সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছিল৷ জৈন্তিয়া ৰাজ্যৰ ৰাজধানী মূলতঃ জৈন্তেশ্বৰী দুৰ্গা মন্দিৰৰ চুবুৰীয়া নাৰ্তিয়াং গাঁৱত স্থাপন কৰা হৈছিল৷ কিন্তু, এই ৰাজধানী পিছত পূৰ্ৱ বংগ [বাংলাদেশ]ৰ চিলেট অঞ্চলৰ জৈন্তিয়াপুৰ পাহাৰলৈ স্থানান্তৰিত কৰা হৈছিল৷

জোৱাইৰ নাৰ্তিয়াং দুৰ্গা মন্দিৰভাগ ভাৰতৰ ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম৷ শোকাকুল শিৱই সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বজুৰি ঘূৰি ফুৰুতে বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰি সতীৰ শৰীৰটো ৫১টা টুকুৰাত কাটি পেলোৱাত সতীৰ বাওঁ ভৰিৰ এটা অংশ নাৰ্তিয়াংত পৰিছিল বুলি কোৱা হয়৷ নাৰ্তিয়াং দুৰ্গা মন্দিৰৰ মুৰব্বী পূজাৰীজনৰ মতে ইয়াত প্ৰচলিত ৰীতি-নীতিবোৰৰ সৈতে কেৰালাৰ বিভিন্ন ভদ্ৰকালী মন্দিৰৰ ৰীতি-নীতিৰ বহুতো সাদৃশ্য দেখা যায়৷ পঞ্চদশ শতিকাত কোঁচ ৰাজকুমাৰী আৰু কোঁচ ৰজা নৰনাৰায়ণৰ কন্যা লক্ষ্মী নাৰায়ণে জৈন্তিয়া ৰজা জচো মানিকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ঠিক একে সময়তে বৰ্তমানৰ মন্দিৰ চৌহদটো নিৰ্মাণ কৰা হৈছিল৷ কোৱা হয় যে নাৰ্তিয়াং দুৰ্গা মন্দিৰৰ সেই নিৰ্দিষ্ট স্থানত স্বয়ং দেৱীয়ে নিজেই জচো মানিকৰ সপোনত দেখা দি ৰজাজনক এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল৷ জচো মানিকে গোভা, নেলী, খোলা, টোপকুচি, বাৰপুজিয়া, চহৰী আৰু ফুলগুৰিৰ দৰে সৰু-সৰু ৰাজ্যসমূহ অন্তৰ্ভুক্ত কৰিবলৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ আহোম সাম্ৰাজ্যৰ সীমান্তত অৱস্থিত তেওঁৰ নিজৰ ৰাজ্যৰ অঞ্চলসমূহ সম্প্ৰসাৰিত কৰিছিল৷ এই ৰাজ্যসমূহ এতিয়া অসমৰ কামৰূপ আৰু নগাঁও জিলাত অৱস্থিত৷ জচো মানিকে ত্ৰিপুৰাৰ ৰজা বিজয় মানিকৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিল৷ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু জৈন্তিয়াসকলৰ মাজৰ সম্পৰ্কও আছিল সৌহাদ্যপূৰ্ণ৷
দেৱী জৈন্তেশ্বৰী পৰম্পৰাগত নিয়াম খাচী ধৰ্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ নিয়াম খাচীৰ ধৰ্মীয় ৰীতি-নীতিবোৰ সনাতন হিন্দু ধৰ্মৰ সৈতে প্ৰায় একে৷ খ্ৰীষ্টান খাচীসকলৰ বিপৰীতে নিয়াম খাচীৰ অনুগামীসকলে মৃতকৰ অন্তেষ্টিক্ৰিয়া হিন্দু ৰীতি-নীতিৰ অনুসৰি সম্পাদন কৰে৷ নাৰ্তিয়াং গাঁৱৰ উপৰিও মেঘালয়ৰ হিন্দু খাচী আৰু জৈন্তিয়াসকল মুখ্যতঃ মিহমিKI×য়ু আৰু জোৱাই চহৰত বাস কৰে৷ নাৰ্তিয়াং দুৰ্গা মন্দিৰত প্ৰচলিত বিভিন্ন ৰীতি-নীতিবোৰ বঙালী হিন্দু আৰু প্ৰাচীন খাচী পৰম্পৰাৰ এক সুন্দৰ সংমিশ্ৰণ বুলিলেও ভুল ন’হব৷ স্থানীয় পুৰোহিত [খাচী ভাষাত ‘ছিয়েম’ বুলি সম্বোধন কৰা হয়]জনক মন্দিৰৰ মুখ্য পৃষ্ঠপোষক হিচাপে গণ্য কৰা হয়৷

জনবিশ্বাস মতে জৈন্তিয়া ৰাজ্যৰ স্থানীয় লোকসকল পূজাৰ ৰীতি-নীতিৰ বিষয়ে ভালদৰে অৱগত নাছিল৷ তদুপৰি, চুবুৰীয়া অসমতো মন্দিৰৰ ৰীতি-নীতি সুকলমে পালন কৰিব পৰা ব্ৰাহ্মণ বিচাৰি নোপোৱাত তেওঁলোক ব্যৰ্থ হৈছিল৷ সেয়েহে, তেওঁলোকে উজ্জয়িনী, মহাৰাষ্ট্ৰ আৰু পশ্চিম ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা দেশমুখ ব্ৰাহ্মণ [জৈন্তিয়াসকলৰ মাজত দেশমুখীয়া বুলিও জনা যায়]সকলক নাৰ্তিয়াংলৈ পূজাৰী হিচাপে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়৷ বৰ্তমান এই পূজাৰীসকলৰ ৩০তম প্ৰজন্মই মন্দিৰৰ দৈনন্দিন কাৰ্যকলাপ চোৱাচিতা কৰে৷ তেওঁলোকৰ পূৰ্বপুৰুষসকলে বৰ্তমান বাংলাদেশৰ চিলেট অঞ্চলক সামৰি লোৱা সমগ্ৰ এলেকাটোত বসতি স্থাপন কৰিছিল৷

স্থানীয় জৈন্তিয়া পুৰোহিতসকলক ‘লিংডো’ আৰু জৈন্তিয়া ব্ৰাহ্মণসকলক ‘ৱামন’ বুলি কোৱা হয়৷ নাৰ্তিয়াং দুৰ্গা মন্দিৰত পশু বলিৰ পৰম্পৰা আজি যুগ-যুগান্তৰ ধৰি চলি আহিছে৷ বাৰ্ষিক দুৰ্গা পূজা মহোৎসৱৰ মহা-অষ্টমী তিথিৰ দিনা ম’হ, ছাগলী, পাৰ আৰু হাঁহ আদি বলি দিয়া হয়৷ আজিৰ পৰা কেইবছৰমান আগলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰীসকলক দুৰ্গা পূজা উপলক্ষে মন্দিৰত ভিৰ কৰা দেখা গৈছিল৷ কিন্তু, যোৱা কেইবছৰমানৰ পৰা মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা নিৰন্তৰ হ্ৰাস পাইছে৷ নাৰ্তিয়াংৰ জৈন্তিয়াসকলৰ উপৰিও শেলা [সোহৰা বা চেৰাপুঞ্জী]ৰ হিন্দু খাচীসকলেও শুভ মহালয়াৰ দিনাৰ পৰা সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে দুৰ্গা পূজা উদযাপন কৰে৷
দুৰ্গা গোসাঁনীৰ উপৰি তেওঁলোকে ‘কা-লুখিমাই’ নামৰ আন এগৰাকী দেৱীক লক্ষ্মীৰ ৰূপত পূজা কৰে৷ নাৰ্তিয়াং দুৰ্গা মন্দিৰত উদযাপন কৰা দুৰ্গা পূজা মহোৎসৱত এটা সৰু কল পুলি দুৰ্গাৰ স্বৰূপ হিচাপে পূজা কৰা হয়৷ কল পুলিটোক বগা কাপোৰেৰে মেৰিয়াই সতেজ নাৰ্জী ফুলৰ মালাৰে সজাই তুলা হয়৷ অষ্টমীৰ দিনা মন্দিৰৰ মুখ্য পূজাৰী [ছিয়েম]ৰ দ্বাৰা পুলিটোক দুৰ্গাৰ দৰে ধুনীয়াকৈ ৰঙা শাৰী পিন্ধাই পৰম্পৰাগত খাচী অলংকাৰেৰে সজোৱা হয়৷ মহানৱমীৰ সন্ধিয়া মন্দিৰ প্ৰাংগনত জৈন্তিয়াসকলৰ বিভিন্ন নৃত্য দলে পৰম্পৰাগত ‘কা পাষ্টিহ কাইকচু’ নৃত্য পৰিৱেশন কৰে৷ দেৱীক আগবঢ়োৱা ভোগ গাওঁৰ স্থানীয় খাচী আৰু জৈন্তিয়া মহিলাসকলে প্ৰস্তুত কৰে৷

পাঁচদিনীয়া দুৰ্গা পূজা মহোৎসৱৰ অন্তত সকলো কাপোৰ আৰু গহনাৰ সৈতে ওচৰৰ ৱাহ মিণ্টাং নদীত কল পুলিটো উটোৱাই দিয়া হয়৷ জৈন্তিয়াসকলৰ বিশ্বাস যে বিসৰ্জনৰ পিছত কৈলাশ পৰ্বত [খাচী ভাষাত ‘কি লুম মাকাচাং’ বুলি জনা যায়]ত অৱস্থিত নিজ বাসগৃহলৈ দুৰ্গা উভতি যায়৷ অৱশ্যে, বিসৰ্জনৰ পূৰ্ৱে ছিয়েমজনে পৰিষ্কাৰ পানীৰ এটা পাত্ৰত কিছু সময়ৰ বাবে কল পুলিটোৰ প্ৰতিফলন ধৰি ৰাখে৷ এই পৰম্পৰাক ‘দৰ্পন বিসৰ্জন’ বুলিও কোৱা হয়৷ দেৱীৰ আশীৰ্বাদ লভিবলৈ ভক্তসকলে পানীৰে ভৰা পাত্ৰটোৰ পৰা কল পুলিটোৰ প্ৰতিফলন চোৱাৰ বাবে মন্দিৰত একত্ৰিত হয়৷ নাৰ্তিয়াং দুৰ্গা মন্দিৰৰ এই পৰম্পৰাগত প্ৰথা কেইবছৰমান আগলৈকে প্ৰচলিত আছিল৷
কিন্তু, এনেধৰণৰ আন বহুতো পৰম্পৰা উত্তৰ-পূৰ্বাঞ্চলত আজি প্ৰায় বিলুপ্তিৰ দিশে৷ অঞ্চলটোৰ প্ৰতিখন ৰাজ্যৰ লোকৰ স্থানীয় দেৱ-দেৱীসকলক উপাসনা কৰাৰ নিজা অনন্য পৰম্পৰাবোৰ বিশেষকৈ নগালেণ্ড, মেঘালয় আৰু মিজোৰামৰ পৰা চিৰদিনৰ বাবে হেৰাই যোৱা বুলি ক’লেও ভুল নহ’ব৷ কিন্তু, ত্ৰিপুৰা, অসম আৰু অৰুণাচল প্ৰদেশৰ কিছুমান জনজাতীয় সম্প্ৰদায় যেনে ন’কটে, ৱাঞ্চো, টাংচা, টুটচা আৰু আপাটানিসকলৰ মাজত এই পৰম্পৰাবোৰ আজিও জীয়াই আছে৷ তেওঁলোকৰ পৰম্পৰাগত ধৰ্মসমূহৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে ৰাজনৈতিক পৰ্যায়ত সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত৷
ফোনঃ ৯৫৬০৮৭৭৭১৬







