এমুঠি আশাৰ সমাধি ■ পপী চহৰীয়া

●আহিন মাহৰ এটি সুন্দৰ ৰাতিপুৱা। গীতে টোপনিৰ পৰা সাৰ পাই তাইৰ কোঠাৰ খিৰিকীখন খুলি দিলে। চোতালৰ আগত থকা শেৱালীজোপা তলভৰি সৰি আছে, এনে লাগে যেন সেৱা ফুল নহয় মুকুতামণিহে। নিয়ৰৰ টোপাল পৰি সৰি থকা শেৱালী ফুলবোৰ সুৰূমৰ কিৰণত চিকমিকাই আছে। শৰতৰ ফৰকাল আকাশখন এচপৰা ক’লা মেঘে ঢাকি ধৰিলেহি যেন মুহূৰ্ততে হুবহুৰাই নামি আহিব বৰষুণ, কিন্তু বেছি সময় ক’লা হৈ নাথাকিল আকাশখন । পুত্ৰৰ পৰা অহা এছাটি বতাহে ক’লা মেঘখিনি উৰুৱাই লৈ গ’ল।

গীত খিৰিকীৰ কাষত থকা চকীখনত বহি পৰিল। হঠাতে তাইৰ মনটো বিষাদেৰে আৱৰি ধৰিলে। কিবা এক অজান শংকাত তাই শিয়ঁৰি উঠিল। চোতালৰ শেৱালীঝোপায়ো আজি তাইৰ মনত আনন্দৰ লহৰ তুলিব নোৱাৰা হ’ল। বেৰত ওলমি থকা ঘড়ীটোৱে ছা বজাৰ সংকেত ধ্বনি দিলে। গীতে মনৰ পৰা বেয়া ভাববোৰ যিমানেই আঁতৰাব চেষ্টা কৰিলে সিমানেই তাই মনটো আগতকৈও বেছি গধুৰ যেন লগা হ’ল। তাইৰ মুখত বিষণ্ণতাৰ চাপ গালে মুখে স্পষ্ট হ’ল। পদুলিৰ চন্দন জোপাত কাউৰী এজনী আহি ৰমলিয়াই আছে। কাউৰীজনীয়ে তাইক যেন বিপদহে আগজাননী দিছে তাই অনুমান কৰিব পৰা নাই। তাই অস্পষ্ট মাতেৰে ক’লে— যাহহ্ল কৰবাৰ অমংগলীয়াৰ জাত। বোৱাৰী পুৱাতেই তই আৰু ৰমলিয়াবলৈ ঠাই নেপালি ?

গীত স্নাতক ২য় বৰ্ষৰ ছাত্ৰী। ওচৰৰে বান্ধবী নেহাৰ লগত তাই সদায় কলেজলৈ যায়। আজি গীতৰ ন বজাৰ পৰা কলেজ থকা বাবে তাই সোনকালেই কলেজলৈ গ’ল। কলেজলৈ দুই কিলোমিটাৰ দূৰ হয়৷ যদিও সিহঁতে খোজকাঢ়িয়েই অহা-যোৱা কৰে। সিহঁতৰ ঘৰৰ পৰা আধামাইল দূৰৈত ৰাস্তাৰ দাঁতিতে এখন ডাঙৰ পথাৰ। ঠাইখিনি একেবাৰে নির্জন।

আজি কেইদিনমানৰ পৰা গীতহঁতৰ লগৰে ৰিকি নামৰ ল’ৰাজনে প্ৰত্যেক দিনাই তাইক বৰ দিগদাৰী কৰে। বিকি

একেখন গাঁৱৰে ধনী ঘৰৰ একমাত্ৰ ল’বা । গীতৰ ৰূপ- যৌৱনে বিকিৰ মন পাগল কৰি তুলিছিল, সেইকথা কিন্তু গ্রীতে জনা নাছিল। ৰিকিৰ টকা পইচা আছে বাবে সি পুলিচ, জেল আদিলৈ ভয় নকৰে। সি যিকোনো কাম বিনাদ্বিধাই কৰিব পাৰে বাবে সি গীতক প্রাণে-পণে নিজৰ কৰি ল’বলৈ অপ্রাণ চেষ্টা চলাইছিল যদিও তাৰ সকলো চেষ্টা বিফল হ’ল। বিকির উৎপাত দিনক দিনে বাঢ়ি যাব ধৰিলে। গীতে তাক ভাল পোৱাৰ পৰিবৰ্তে চেন্দোলৰেহে কোৱাব খোজে।

লাহে লাহে গীতে সেইবোৰলৈ কাণ নিদিয়া হ’ল । কলেজো বন্ধ হ’ল। গতিকে বিকিৰ উৎপাত কমি আহিল যদিও মাঝে সময়ে সি গীতহঁতৰ পদুলি মুখেৰে আহ-যাহ কৰি থাকে কিজানিবা গীতক দেখা পায়েই। কিন্তু সি কোনোদিনে গীতক দেখা পোৱা নাছিল। ইফালে গীতৰ মাক-দেউতাকে তাইৰ বিয়া ঠিক কৰিলে। গীতেও উত্তল-গুগুল হন এটি লৈ বিয়াত মত দিলে। বিয়াৰ দিন ঠিক কৰিহলৈহে বাকী আছে।

পুনৰ কলেজ আৰম্ভ হ’ল। গীতেও মনটো ভালে ৰাখিবলৈ কলেজলৈ অহা যোৱা কৰিলে। বিকিয়ে গীতৰ লোভ সামৰিব পৰা নাছিল। আৰু এদিন বিকিয়ে কলেজলৈ যোৱা নির্জন পথছোৱাত ৰৈ থাকি গীতক কৈ পেলালে— “তোমাৰ হেনো বিয়া পাতিছে চাও কেনেকৈ তোমাৰ বিয়া হয়। তোমাৰ বিয়া হয় যদিও মোৰ লগতে হ’ব। তুমি চাই থাকা’। এনেকৈ কোৱাৰ দুদিন পাছতে বিকিয়ে অভাবনীয়, ঘটনাটো ঘটাই দিলে। সেই নির্জন পথছোৱাতেই ক’লা ৰঙৰ মাকতি গাড়ী এখনত আহি বিকিয়ে জোৰ-জবৰদস্তি গাড়ীত উঠাই লৈ গ’ল গীতক। একেলগে আহি থকা নেহাই টলকিবই নোৱাৰিলে। তাই যেন সপোনহে দেখা পালে। কিন্তু ই যে সপোন নহয় ই এক বাস্তব সত্য ঘটনা।

নেহাই পলম নকৰি পুলিচ থানা আৰু ঘৰত খৱৰ দিলে। লগে লগে চহৰ খনত গুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হ’ল। মাক- বাপেকে কথাটো শুনি অচেতন হৈ পৰিল। নেহাৰো মূৰটো আচন্দ্ৰাই কৰিলে। নেহাৰ মনতে প্ৰশ্ন হ’ল— গীতক বিচাৰি পোৱাৰ পিছত তাই আগৰ গীতঞ্জনী হৈ থাকিবনে ??

সপ্তাহটোৰ বিশেষ লেখাঃ

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

Topics

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...

দৃষ্টিহীন স্বপ্নৰ শলিতা—বশিষ্ঠ ত্ৰিদিপ শৰ্মা

দৃষ্টিহীন স্বপ্নৰ শলিতা ----------------------------- আশাৰ বহাগত সপোনৰ ডেউকা ফাগুনৰ বিবস্ত্ৰ বতাহছাটিয়ে উতুৱাই নিয়া...

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি—বাবু শৰ্মা

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি ------------------------------ নিৰন্ধ্ৰ সেমেকা মজিয়াত অতিক্ৰমী ডুৰন্ত্ৰ পকনীয়া সোঁত  নৰখাদকৰ অজান্তি...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img