জুপুৰিৰ পিয়লাত কথনভংগীৰ প্ৰেক্ষাপট
আনন্দৰ নিজৰাৰ কলকলণি
হঠাৎ বেদনাৰ আয়ুসৰ হোহোৱনি
কি হল একোকে সুৰুঙা নাপালো
ঘটনাৰ পম খেদি ঘৰৰ চৌপাশে
আত্মকেন্দ্ৰিক মনটোক প্ৰশ্ন কৰিলো
কৃপাবৰৰ সমীক্ষাই আজি বিপৰীত
মগজুৰ সিৰা উপসিৰা কনফিউজ
পাহাৰৰ চুড়াত জ্বলি উঠা
বিদ্ৰোহৰ লেলিহান শিখা
অসংবিধানিক কাম-কাজৰ কূট-কৌশল
নিৰ্বাচনৰ বোকাত লুতুৰি-পুতুৰি শাসক বিৰোধী
আদৰ্শৰ কম্বল সাপ নেউল লেখিয়া
বহুবাৰ কৃত্ৰিম আতিথ্য
বুটাম টিপিলে শিয়াল টেঙৰ প্ৰাৰ্থী বিজয়
গণতান্ত্ৰিক প্ৰমূল্য অনিহা
সম্প্ৰতি দাৰিদ্ৰ -দুৰ্ভিক্ষ বৰ্ণবৈষম্যৰ চিকাৰ প্ৰজা
নতুন দিশৰ প্ৰত্যাশা
জীৱনৰ বাটত বিদ্ৰোহ আৰু প্ৰত্যাহ্বান






