নিসংগতাৰ আঁৰে আঁৰে 🖋️ ৱাহিদ আহমেদ

নিসংগতাৰ আঁৰে আঁৰে 🖋️ ৱাহিদ আহমেদ

চকুৰ সন্মুখত দেখা গছজোপা কাইলৈ মৰহি যাব
সেউজৰ আৱৰণ নাইকিয়া হব
মৰমবোৰ মৰম হৈয়ে থাকিব
তোমাৰ সপোনবোৰ সপোন হৈয়েই থাকিব
আজি ভাললগাবোৰ কাইলৈ চকুপানী হব
তোমাৰ অহংকাৰবোৰে তোমাক
আৰু অকলশৰীয়া কৰিব…

তুমি আৱদ্ধ হৈ থকা ঘৰটো এদিন জহিখহি যাব
কংক্ৰিটৰ হলেও আজীৱন নিৰাপত্তা নাই
ঘৰৰ ওচৰত থকা জিৰণি চ’ৰাটো ভাঙি যাব
তোমাৰ প্ৰতিটো সময়ত লগ দিয়া মানুহবোৰ
এদিন নিজে নিজে নোহোৱা হব,
স্বাৰ্থ থকালৈকে সেইসকলে তোমাক মাত দিব
তেওঁলোকে তোমাক নিজৰ বুলি ক’ব
স্বাৰ্থ আদায় হোৱাৰ পাছত চিনি নাপাব
আপোন মানুহবোৰো এদিন শত্ৰু হৈ পৰিব

আহিছিলোঁ কাষলে তোমাৰ বৰ আশাৰে
তোমাৰ সোণালী যৌৱনৰ আলিবাটত
তোমাৰ প্ৰতিটো খোজত সংগ দিবলৈ,
মোৰ কিন্তু কোনো স্বাৰ্থ নাছিল,
স্বাৰ্থ সিদ্ধি কৰি অন্যায়ৰ তালিকাখনত
নিজকে অপৰাধী সজোৱাৰ উদ্দেশ্য নাছিল
সততাৰ আৱেগৰে তোমাৰ জীৱনৰ ঢৌত
একেলগে এইবাৰ বসন্ত উপভোগ কৰিম
সেই ইচ্ছা পূৰণ নহল…
তুমি দিয়া স্মৃতিবোৰে বিষাদৰ বৰষুণ আনে
তোমাৰ আচহুৱা কথাবোৰে
মোক বাৰে বাৰে কন্দুৱাই
তোমাৰ আকলুৱা হৃদয়খন কিয় নাভাঙে
তুমিতো কৈছিলা তুমি হেনো বৰ আলসুৱা
আজি দেখোন তোমাৰ সাৰসুৰ নাই…

কথাবোৰ শুনিবলৈ বুজিবলৈ ধৈৰ্য্যৰ প্ৰয়োজন
তোমাৰ কলিজাত তাহানিতে দি থৈছোঁ স্পৰ্শ
তথাপিও তুমি আশ্বস্ত নহয়
অলপমান কথাত ঠেহপেঁচ কিমানদিলৈকে
তীক্ষ্ণ বাক্যবাণৰ কবলত চটফটাই থকা
শৰীৰটো তুমি চুই চাব নোৱাৰা
এতিয়া তীব্ৰ জ্বৰত আক্ৰান্ত
ডাক্তৰে যদি নোৱাৰোঁ বুলি কয়
আকৌ হেৰুৱাব লাগিব জীৱনৰ সুৰীয়া ছন্দ
তেতিয়ালৈকে উপলব্ধি কৰিলেও
সময়কণ ঘূৰাই নাপাবা
তুমি আহিলেও নিঠৰুৱা দেহাটো চাই
সুখেৰে ভাত খাব পাৰিবা জানো ৷

ৱাহিদ আহমেদ
কাটাৰ, ডোহা
+97431204571
wahidahmed511@yahoo.com

সপ্তাহটোৰ বিশেষ লেখাঃ

“​যোগ্যজনক ভৰি টানি নমোৱাৰ মানসিকতা: শৈক্ষিক সমাজৰ এক কৰ্কট ৰোগ”

প্ৰতিখন শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত পি.এইচ.ডি....

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

Topics

“​যোগ্যজনক ভৰি টানি নমোৱাৰ মানসিকতা: শৈক্ষিক সমাজৰ এক কৰ্কট ৰোগ”

প্ৰতিখন শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত পি.এইচ.ডি....

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img