ডিব্ৰুগড়ত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পবিত্ৰ জন্ম শতবৰ্ষ পালন, বহুভাষিক কবিতা আবৃত্তি প্ৰতিযোগিতা

​ডিব্ৰুগড়, ১৭ মে’, ২০২৬: ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পবিত্ৰ জন্ম শতবৰ্ষ উপলক্ষে সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। এই ঐতিহাসিক ক্ষণৰ সৈতে সংগতি ৰাখি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, বৰপথাৰ কুমাৰণীছিগা শাখা সমিতি, ডিব্ৰুগড়ৰ উদ্যোগত ‘আবৃত্তিৰ মহাৰণ’ শীর্ষক বহুভাষিক কবিতা আবৃত্তি প্ৰতিযোগিতাখনি অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানখনি বিয়লি ২ বজাৰ পৰা কুমাৰণীছিগাস্থিত বিশিষ্ট শিল্পী পেঞ্চনাৰ ৰেণু শৰ্মা বাইদেউ‌ জুবিন গাৰ্গ ডাঙৰীয়াৰ জেঠায়েকৰ বাসগৃহত এই শাখা পৰ্যায়ৰ প্ৰতিযোগিতালানিৰ আয়োজন কৰা হয়। অতি কম সময়ৰ ভিতৰতে আয়োজন কৰা হৈছিল যদিও প্ৰতিযোগীৰ অভূতপূৰ্ব সঁহাৰিয়ে উদ্যোক্তাসকলক বিশেষভাবে উৎসাহিত কৰে।অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে তেখেতৰ বহুমূলীয়া আৰু সুন্দৰ মন্তব্যৰে উপস্থিত প্ৰতিযোগী তথা সমাজক উৎসাহিত কৰে আমন্ত্ৰিত অতিথি ও উপদেষ্টা ড০ শশীকান্ত শইকীয়াই , অধ্যক্ষ, কানৈ কলেজ তথা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, ডিব্ৰুগড় জিলাৰ সভাপতি, আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবি ত ​ড০ চুলতানা হাজৰিকা, কানৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু ​আল্পনা গগৈ ভূঞা মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা সহযোগত শ্ৰদ্ধাঞ্জলি জনাই। সমগ্ৰ প্ৰতিযোগিতাখনৰ সুচাৰুৰূপে বিচাৰকৰ গুৰু দায়িত্ব পালন কৰে বিশিষ্ট আবৃত্তিকাৰ মামণি শৰ্মা আৰু আবৃত্তি বিশাৰদ সুদৰ্শনা ৰাজগুৰুৱে।

উল্লেখ্য যে, এই শাখা পৰ্যায়ৰ বিজয়ী প্ৰতিযোগীসকলে পৰৱৰ্তী সময়ত ক্ৰমে জিলা আৰু অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ‘আবৃত্তি মহাৰণ’ত অংশগ্ৰহণ কৰিব পাৰিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সমাজসেৱক কৃপাল ফুকন, শান্তনু কোচকে প্ৰমুখ্য কৰি ডিব্ৰুগড়ৰ ভালেসংখ্যক সংস্কৃতিসেৱী ব্যক্তি উপস্থিত থাকে। পৰিচালনা সমিতি আৰু সভাপতি ৰাজশ্ৰী সেনাপতি গগৈ ৰ নেতৃত্বত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত শাখা সমিতিৰ বিষয়ববীয়া তথা কাৰ্যনিৰ্বাহক সদস্যসকলৰ ভূমিকা আছিল অপৰিসীম। অনুষ্ঠানৰ মূল দায়িত্বত আছিল, আদৰণি ভাষণ ৰাজশ্ৰী সেনাপতি গগৈ সভানেত্ৰী, ​উদ্দেশ্য ব্যাখ্যা কনকচম্পা বৰগোহাঁই সম্পাদিকা, কবিতা প্ৰতিযোগিতা পৰিচালনা কৰে কাৰ্যকৰী সম্পাদিকা ডo পাপৰি কটকী কোচ আৰু কাৰ্যকৰী সদস্য দেৱযানী তামুলী,সহ -সম্পাদক ৰাতন গগৈ।

বিশেষ সহযোগিতা আৰু কাৰ্যনিৰ্বাহক বৃন্দ ক্ৰমে ৰূপামণি গগৈ, দীপমণি বৰুৱা, পাপৰি গগৈ, গিৰিবালা দেউৰী, নিবেদিতা চেতিয়া, জুনালী দত্ত, পুষ্পাঞ্জলি নেওগ আৰু প্ৰীতাঞ্জলি মেধি শৰ্মা প্ৰমুখ্যে সমিতিৰ সকলো সদস্যৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত অনুষ্ঠানটি সৰ্বাংগসুন্দৰ হৈ উঠে। প্ৰতিযোগিতাৰ বিজয়ী সকল ক্ৰমে গজালী শাখা-প্ৰথম উদয়ৰাজ হাজৰিকা, দ্বিতীয় ৰিতমৰাজ হাজৰিকা তৃতীয় ভাব্যা বৰুৱা। কিশলয় শাখা-প্ৰথম নাম্যা চেতিয়া, দ্বিত্বীয় শুভাশু দুৱাৰা তৃতীয় ধৰনীকা বুঢ়াগোহাঁই মুকলি শাখা-প্ৰথম প্ৰান্তপ্ৰতীম বৰা, দ্বিতীয় দেৱজানী তামুলী তৃতীয় ৰিম্পী বৰুৱা প্ৰবীণ শাখা-ৰেণু শৰ্মা, দ্বিতীয় কৃপাল ফুকন, তৃতীয় গিৰীবালা দেউৰী ভৰালী। প্ৰদৰ্শনী মূলক শ্ৰীমতী আশ্ৰীয়া দুৱাৰা। জনামতে, অনুষ্ঠানখনি সুন্দৰ ভাৱে সম্পন্ন হৈ যায়।

সপ্তাহটোৰ বিশেষ লেখাঃ

“​যোগ্যজনক ভৰি টানি নমোৱাৰ মানসিকতা: শৈক্ষিক সমাজৰ এক কৰ্কট ৰোগ”

প্ৰতিখন শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত পি.এইচ.ডি....

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

Topics

“​যোগ্যজনক ভৰি টানি নমোৱাৰ মানসিকতা: শৈক্ষিক সমাজৰ এক কৰ্কট ৰোগ”

প্ৰতিখন শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত পি.এইচ.ডি....

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...

দৃষ্টিহীন স্বপ্নৰ শলিতা—বশিষ্ঠ ত্ৰিদিপ শৰ্মা

দৃষ্টিহীন স্বপ্নৰ শলিতা ----------------------------- আশাৰ বহাগত সপোনৰ ডেউকা ফাগুনৰ বিবস্ত্ৰ বতাহছাটিয়ে উতুৱাই নিয়া...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img