Home সম্পাদকীয়ঃ শাৰদীয় সম্ভাৰৰ লগে লগেই চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে সুখৱৰ ✒️...

শাৰদীয় সম্ভাৰৰ লগে লগেই চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে সুখৱৰ ✒️ ড° হৰমোহন কলিতা

ড° হৰমোহন কলিতা -মুখ্য সম্পাদক, অনুৰাগ

♦ এজাক কোমল আৰু ঠাণ্ডা বতাহৰ অনুভৱ, গ্ৰীষ্মৰ উষ্ণতা হ্রাস, দেহ-মন গা শাত পেলোৱা এচাটি বতাহ, শুভ্ৰ আৰু উজ্জ্বল আকাশ, শান্তিময় পৰিৱেশ, সেউজীয়া ধাননি পথাৰ, কহুৱা বনে সৃষ্টি কৰা অপৰূপ সৌন্দৰ্য, ভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ কল্লোল, উৎসৱ তথা ধৰ্মীয় অনুষ্ঠানৰ আৰম্ভণি-এইবোৰ যেন শৰতৰ প্রতীক। ছয়টা ঋতুৰ ভিতৰত তৃতীয়টো হ’ল শৰৎ, যাৰ আৰম্ভণি ভাদ মাহৰ শেষ ভাগৰ পৰা সম্পূৰ্ণ আহিন মাহটো ধৰি কাতি মাহৰ প্ৰায় শেষ ভাগলৈ। গ্ৰীষ্মৰ উত্তাপ আৰু শীত ঋতুৰ ঠাণ্ডাৰ মাজৰ শীত-তাপৰ সমাহাৰৰ এক আমেজ। নাতিশীতোষ্ণ শৰৎ কালৰ দিনবোৰ চুটি আৰু ৰাতিবোৰ দীঘল। পাতল কাপোৰৰ আমেজ লৈ লাহে লাহে কম্বোল-লেপৰ সান্নিধ্যত ৰাতিপুৱা বিছনা ত্যাগ কৰাৰ কথা ভাবিই নোৱাৰি। শৰতৰ মায়ালগা সৌন্দর্যক অধিক প্রাণৱন্ত কৰি তোলে শেৱালিয়ে। শেৱালি যেন স্বচ্ছতা আৰু নিষ্কলুষতাৰ প্ৰতীক। সন্ধিয়া বা গ নিশাৰ ভাগত ফুলি ঘৰৰ চৌহদ আমোল মোলাই ৰাখি ৰাতিপুৱা চোতালত বা দূৱৰীবনৰ দলিচাত সৰি কি অপৰূপ সৌন্দর্য কঢ়িয়াই আনে তাক নেদেখিলে হয়তো অনুভৱ কৰিব নোৱাৰি। শৰৎ আৰু শেৱালি যেন ইটো-সিটোৰ পৰিপুৰক। শৰৎ আৰু শেৱালি কবি, সাহিত্যিক, শিল্পীৰ প্ৰেৰণাৰ প্রতীক, সৃষ্টিৰ উৎস।
শৰতৰ বতৰা দি শেৱালি ফুলি উঠাৰ লগে লগেই মানৱ সভ্যতাৰ মাজত আকৌ যেন সিঁচি দিয়ে পৱিত্ৰতা। প্ৰকৃতিৰ এনে আকুলতাৰ দৰে আমিও শ্ৰদ্ধাৰ পাঠক সমাজলৈ এনে মধুময় ক্ষণত শৰৎ আৰু শেৱালিয়ে সিঁচি দিয়াৰ দৰে মুঠিয়ে মুঠিয়ে শুভেচ্ছা আৰু আশীৰ্বাদৰ টোপোলা৷ শাৰদীয় পূজাৰ লগে লগেই অসমবাসীৰ বাবে এক সুখৱৰ কঢ়িয়াই আনিলে অসম চৰকাৰ তথা ভাৰত চৰকাৰে। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদান কৰি এক ঐতিহাসিক ক্ষণ কঢ়িয়াই আনিলে। পূর্বতে ধ্রুপদী ভাষাৰ মৰ্যাদা লাভৰ ক্ষেত্ৰত চৰ্তসমূহ আছিল-ইয়াৰ প্ৰাৰম্ভিক গ্রন্থসমূহ যথেষ্ট প্রাচীনতম তথা হেজাৰ বছৰতকৈ অধিক কালৰ লিপিবদ্ধ ইতিহাস হ’ব লাগে। প্ৰজন্মই মূল্যৱান ঐতিহ্যৰূপে গণ্য কৰা প্ৰাচীন সাহিত্য- গ্ৰন্থ হ’ব লাগে। সাহিত্য পৰস্পৰ মৌলিক হোৱাৰ লগতে বাক্যবোৰ আন সাহিত্য বা সম্প্ৰদায়ৰ পৰা অনা হ’ব নালাগিব। সেই সূত্রে ২০০৪ চনৰ ১২ অক্টোবৰত তামিল ভাষাক প্রথম ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। বৰ্তমানলৈ ভাৰতত আঠটা ভাষা ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। তামিল ভাষাৰ পিছতেই ২০০৫ চনৰ নবেম্বৰত মাপকাঠি কিছু সংশোধন কৰি সংস্কৃতক ধ্রুপদী ভাষা হিচাপে ঘোষণা কৰে। ইয়াৰ পিছত ২০০৮ চনত তেলেগু, ২০১১ চনত কানাৰা, ২০১৩ অত মালায়ালম, ২০১৪ অত উৰিয়া, ২০২০ চনত মাৰাঠী আৰু ২০২৪ চনত অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে৷ এই স্বীকৃতিৰ মাপকাঠিসমূহ যোৱা ২৫ জুলাইত অনুষ্ঠিত ভাষা বিজ্ঞান বিশেষজ্ঞ সমিতিৰ বৈঠকত কিছু সংশোধন কৰা হৈছিল। সংশোধিত মাপকাঠি হিচাপে-সংশ্লিষ্ট ভাষাটোৰ প্ৰাৰম্ভিক গ্রন্থ লিপিবদ্ধ ইতিহাস ১৫০০ ৰ পৰা ২০০০ বছৰৰ পুৰণি হ’ব লাগিব। প্রজন্মই ঐতিহ্য ৰূপে গণ্য কৰা প্রাচীন সাহিত্য-গ্রন্থ থকাটো বাধ্যতামূলক। গদ্যগ্রন্থৰ উপৰিও কবিতা, এপিগ্ৰাফীক আৰু লিপিবদ্ধ প্রমাণিত হ’ব লাগিব। ধ্রুপদী ভাষা আৰু সাহিত্য বৰ্তমান ৰূপৰ পৰা পৃথক হ’ব পাৰে বা ইয়াৰ পিছত ৰূপ বিচ্ছিন্ন হ’ব পাৰে। এইবোৰ মাপকাঠিৰ আধাৰত ঐতিহ্যপূর্ণ অসমীয়া ভাষাক ধ্রুপদী মর্যাদা প্ৰদানত ভাৰত চৰকাৰে অনুমোদন জনালে। এই ভাষাসমূহে প্রাচীন ঐতিহ্য, স্বকীয়তা, ভাৰতৰ সাংস্কৃতিক আৰু সাহিত্যিক সমৃদ্ধিৰ স্বীকৃতি লাভ কৰিছে। — ভাৰত চৰকাৰে ধ্ৰুপদী বুলি ঘোষণা কৰা ভাষাসমূহে নিজৰ চহকী ঐতিহ্য, সংৰক্ষণৰ আৰু প্ৰচাৰৰ উদ্দেশ্য কেইবাটাও সুবিধা লাভ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতি পালে কি কি সুবিধা হ’ব ১) অসমীয়া ভাষাৰ বিভিন্ন গৱেষণা কেন্দ্ৰ, সাহিত্য প্ৰকাশন আৰু অনুবাদ সাহিত্যৰ সৃষ্টি হ’ব পাৰে। ২) প্রাচীন সাহিত্য টোকা, সাঁচিপাত আদি সংৰক্ষণ আৰু ভাষাতাত্বিক সকল নিয়োজিত হ’ব পাৰিব। ৩) ধ্রুপদী ভাষাত নতুন সাহিত্য ৰচনা বা প্ৰকাশৰ বাবে প্রাচীন সাহিত্যৰ লগত আধুনিক সাহিত্যৰ পাৰস্পৰিক সম্বন্ধ হ’ব পাৰে। ৪) ধ্রুপদী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰে ৰাজ্যৰ সাংস্কৃতিক পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব। ৫) ভাষাতত্ব আৰু সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচিত অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ সংযোগ ঘটিব। ৬) ধ্রুপদী ভাষাত ডিজিটেল মাধ্যম, দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানৰ বাবে বিষয়বস্তুৰ সৃষ্টি, লেখক, প্রযোজক, নির্মাতা, সম্পাদক আদি সৃষ্টি হ’ব। ৭) প্রাচীন সাহিত্য আৰু নব্য সাহিত্যৰ সংমিশ্ৰণত বহু লোক জড়িত হ’ব পাৰিব আৰু শিল্পী, ক’লা- কুশলী সকল লাভান্বিত হ’ব। অসমীয়া ভাষা ধ্রুপদী ভাষা হ’লেও তাক চৰ্চা, প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ আৰু সংবর্ধন নহ’লে অসমীয়া ভাষাৰ অস্তিত্ব নাইকীয়া হ’ব। অষ্ট্ৰিয়াৰ দাৰ্শনিক লুডৱিগ উইটজেনষ্টাইনে কৈছিল ‘মোৰ ভাষাৰ সীমা মানে মোৰ পৃথিৱীৰ সীমা।’ এই বিখ্যাত উক্তিয়ে বিষয়টো প্রতিফলিত কৰে যে ভাষাই কিদৰে আমাৰ পৃথিৱীৰ বুজাবুজি গড় দিয়ে। তেওঁ যোগাযোগ, চিন্তা আৰু সাংস্কৃতিক পৰিচয় ক্ষেত্ৰত ভাষাৰ জটিল ভূমিকাক গুৰুত্ব আৰোপ কৰিছে। – সেয়েহে কবি নিলিম কুমাৰৰ ভাষাত- অসমীয়া ভাষা জগত সভালৈ নগ’লেও প্রত্যকঘৰ অসমীয়া মানুহৰ মজিয়ালৈ যাওঁক, অসমীয়া ভাষা অসমীয়া মানুহৰ ওঠৰ পদূলিলৈ যাওঁক, হাত আঙুলিলৈ যাওঁক। তেতিয়াহে চিৰ চেনেহী মোৰ ভাষা জননী ৰক্ষা পৰিব।

ড° হৰমোহন কলিতা
-মুখ্য সম্পাদক, অনুৰাগ

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version