🖋️ নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
“সবকা সাথ , সবকা বিকাশ ” কেন্দ্ৰীয় চৰকাৰৰ এই শ্লোগানেৰে বৰ্তমান বি জে পি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যত ৫৫ লাখ হিতাধিকাৰী সৃষ্টি কৰি যিমানেই উন্নয়নৰ ঢাক-ঢোল বজাই নাথাকক, ৰাজ্যখনৰ প্ৰকৃত ছবি কিন্তু সম্পূৰ্ণ ওলোটা। কেৱল গুৱাহাটী নগৰত কেইবাখনো উৰণীয়া সেঁতু স্থাপন কৰিলেই ৰাজ্যৰ সৰ্বাংগীন বিকাশ হোৱা নুবুজায়। খোদ গুৱাহাটীৰে গলি-উপগলিৰ দুৰ্দশাৰ অন্ত নাই। বিজ্ঞানসন্মত নলাৰ ব্যৱস্থা নথকাৰ ফলত লেতেৰা আৱৰ্জনাসমূহেৰে ভৰি পৰি সেইবোৰ ঠাইৰ পৰিৱেশ দুৰ্গন্ধময় কৰি তুলিছে। তাৰ উপৰিও কৃত্ৰিম বানপানীয়ে গুৱাহাটীবাসী ৰাইজক জ্বলা-কলা খুৱাইছে। গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নদীৰ গৰা খহনীয়া বা প্ৰলয়ংকৰী বানপানী নিয়ন্ত্ৰণ কৰাৰ বাবে মথাউৰিসমূহকে ধৰি সুপৰিকল্পিত স্থায়ী প্ৰতিৰোধ ব্যৱস্থা নথকাৰ ফলত প্ৰতি বছৰে নদীৰ গৰা খহনীয়া আৰু প্ৰলয়ংকৰী বানপানীৰ তাণ্ডৱত বাট-পথ,দলং, আৱাসিকগৃহ আদিৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ লগতে লাখ লাখ টন শস্য পথাৰ বিনষ্ট হৈ জীৱ-জন্তু, মানুহ-দুনুহৰ অকাল মৃত্যুৰ বিভীষিকাই ৰাজ্যৰ উন্নয়ন একেবাৰে স্থবিৰ কৰি তুলিছে। তাতেই আকৌ ভূতৰ ওপৰত দানহ পৰাদি দ্ৰব্যমূলৰ জুই ছাই দাম, পেট্ৰোলিয়াম বস্তুৰ দৈনন্দিন দাম বৃদ্ধি, স্মাৰ্ট মিটাৰ লগাই উচ্চ হাৰে বিদ্যুতৰ বিল, চোৰাং চিকাৰীয়ে হাবি- বন কাটি তহিলং কৰাৰ ফলত বনৰীয়া জীৱ-জন্তুৰ সৈতে মানুহৰ সংঘাত, শিক্ষাখণ্ড আৰু স্বাস্থ্য খণ্ডৰ জুৰুলা অৱস্থা, ব্যৱসায়িক প্ৰতিষ্ঠান ভালকৈ গঢ়ি নুঠা ইত্যাদি এশ এবুৰি সমস্যাৰ বাবে প্ৰায় ডেৰ লাখ কোটি টকা ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰা সত্ত্বেও আমাৰ অসম ৰাজ্যখন দাৰিদ্ৰ্য-পীড়িত ৰাজ্য হিচাপে শীৰ্ষস্থান পাইছেগৈ। সেয়ে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত
বিশ্ব শৰ্মাই” সবকা সাথ, সবকা বিকাশ” শ্লোগানেৰে উন্নয়ন বা বিকাশ হোৱা বুলি ঘোষণা কৰা সকলো চৰকাৰী তথ্যই বেবেৰিবাং হৈ পৰিছে।
গতিকে , ২০২৬ চনৰ আগন্তুক অসম বিধানসভাৰ নিৰ্বাচন বা সন্মুখৰ উপ-নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবে বৰ্তমান ৰাজ্যিক চৰকাৰে ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি আৰম্ভ কৰি দিছে। যোৱা লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী,মানকাচৰ দক্ষিণ শালমাৰা, বৰপেটা অঞ্চলত গ’লে বাংলাদেশত যোৱা বুলি সদৰ্পে ঘোষণা কৰি শেষত নত স্বীকাৰ কৰিছিল। অথচ, বৰ্তমান অসম চৰকাৰে দেশী মুছলমানক খিলঞ্জীয়া মুছলমান বুলি ঘোষণা কৰা ধুবুৰী,মানকাচৰ দক্ষিণ শালমাৰা জিলা হৈছে মূলতঃ দেশী মুছলমানৰ বসতিস্থল। লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টি ; য’ত সমষ্টি পুনৰ্নিদ্ধাৰণৰ নামত চেংগা, মন্দিয়া আদি অঞ্চল সংযোজিত কৰি দেশী মুছলমানক সংখ্যা লঘুত পৰিণত কৰা হৈছে। মূল উদ্দেশ্য চাচা জিকে জিকক, ভতিজা হাৰিলেই হ’ল। তেতিয়াহে মামা আৰু চাচাৰ হিন্দু- মুছলমান, হিন্দু -মুছলমান খেলখন চলি থাকিব। কিন্তু মামাৰ আশাত চেঁচা পানী পৰি ভতিজাই বিপুল ভোটত বিজয়ী হ’ল। নগাঁও সমষ্টি আৰু বিশেষকৈ খিলঞ্জীয়া অসমীয়াৰ আধিপত্য থকা যোৰহাট সমষ্টিতো বিজেপি দলে শোচনীয় ভাবে পৰাস্ত হোৱাৰ ফলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক দলৰ পথ মসৃণ কৰাৰ স্বাৰ্থত ঝাৰখণ্ডৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সভাত গৈ ঘোষণা কৰিলে যে, অসমত বৰ্তমান মুছলমানৰ জনসংখ্যা ৪১শতাংশলৈকে বৃদ্ধি পাইছে আৰু অহা ২০৫০ চনৰ ভিতৰত অসম সংখ্যা গৰিষ্ঠ মুছলমান ৰাজ্যলৈ পৰিণত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তেওঁৰ এই ঘোষণা কিছু তথ্য ভিত্তিক, কিছু কাল্পনিক। এইবাৰ আকৌ মুখ্যমন্ত্ৰী গৰাকীয়ে গৰীয়া, মৰীয়া, দেশী, চৈয়দ,মাইমেল আদি খিলঞ্জীয়া মুছলমান আৰু পূৰ্ববঙ্গীয় মুছলমানক একাকাৰ কৰি পেলাইছে। মুখ্যমন্ত্ৰীৰ এইধৰণৰ মন্তব্য শুনি খিলঞ্জীয়া মুছলমান সকলেও বিব্ৰত অনুভৱ কৰিছে। তেনেহলে এইখন চৰকাৰে খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপ, উন্নয়ন পৰিষদ আৰু খিলঞ্জীয়া হিচাপে সকলো সা-সুবিধা প্ৰদান কৰিব বুলি ঘোষণা কৰা শেষত গৈ ললীপপ হ’ব নেকি?
তাৰ পিছত আহিল ইউ এছ টি এম প্ৰসঙ্গ। ইউ এছ টি এম ৰ প্ৰতিষ্ঠাপক ডঃ মাহবুবুল হক ডাঙৰীয়াক উদ্দেশ্য কৰি তেওঁ ঘোষণা কৰিলে যে, ইউ এছ টি এম ৰ কতৃপক্ষই মেঘালয়ৰ পাহাৰ কাটি বৃহৎ বৃহৎ আৱাসগৃহ স্থাপন কৰাৰ ফলত গুৱাহাটী নগৰত কৃত্ৰিম বানপানী হৈ আছে। অথচ, তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী থকা সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাই দাংকোপ মাৰি ঘোষণা কৰিছিল যে, গুৱাহাটীৰ ভৰলু নদীকে আদি কৰি সকলো জান-জুৰি, জলাহ আদিৰ আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাপনাৰ মাজেৰে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান কৰা হ’ব। এতিয়া কৃত্ৰিম বানপানীৰ প্ৰকৃত কাৰণসমূহ উদ্ঘাটন নকৰি ইউ এছ টি এম ৰ প্ৰতিষ্ঠাপকক লেণ্ড জেহাদ কৰা বুলি বিবৃতি জাৰী কৰিছে।
লাভ জেহাদৰ পিছত লেণ্ড জেহাদ আৰু লোকসভা নিৰ্বাচনৰ পিছত সংখ্যালঘু মুছলিমসকলে বিশেষকৈ মিঞা সকলে বাইশ গৰাকী নাৰীক ধৰ্ষণ কৰা বুলি প্ৰচাৰ চলাই আছে। এই কথা একেবাৰে মিথ্যা বুলি উৰাই দিয়া অনুচিত। নিঃসন্দেহে মিঞা মুছলমান সকলৰ ভিতৰত সু-শিক্ষাৰ অভাৱ আৰু দাৰিদ্ৰ্যৰ বাবে গোটেই অসমতে সিঁচৰতি হৈ পৰাৰ বাবেই এই ধৰণৰ অপৰাধ কাৰ্য যেনে মদ ,ভাং, ড্ৰাগছ সেৱন বা ব্যৱসায়, নাৰী অপহৰণ বা যৌন নিৰ্যাতন, চৌৰ্য কৰ্ম, নকল সোণৰ ব্যৱসায় আদি কুকৰ্মত জড়িত হোৱা দেখা যায় যদিও অইন ধৰ্মাৱলম্বী লোক সকলে ডাঙৰ ডাঙৰ অপৰাধ কৰি সাৰি যোৱা দেখা যায়। ” ৰৌ বৰালী সৰকি গ’ল, পুঠি খলিহনা পাহে পাহে ৰ’ল।” তদুপৰি, ধৰি লোৱা ঠিক নহ’ব যে, সকলো মিঞা মুছলমান এনে গৰ্হিত কামত জড়িত। মিঞা মুছলমানৰ ভিতৰত বহুতো গুণী- জ্ঞানী সুশিক্ষিত আদৰ্শবাদী মানুহো নথকা নহয়। ঠিক তেনেদৰে,সকলো হিন্দু ধৰ্মাৱলম্বী লোকসকলেও এনে কু-কৰ্মত জড়িত নহয় যদিও কিছুমানে আকৌ যৌন কেলেঙ্কাৰীত জড়িত হোৱাৰ প্ৰমাণ পোৱা গৈছে। এক সমীক্ষামতে লোকসভা আৰু বিধানসভাৰ ১৫১ জন বিধায়ক আৰু সাংসদে যৌন কাৰ্য্যত জড়িত হোৱাৰ বাবে বিচাৰাধীন হৈ আছে ; তাৰ ভিতৰত ৩৪ জন সাংসদ আৰু বিধায়ক প্ৰত্যক্ষ ভাবে ধৰ্ষণ কাৰ্যত জড়িত বুলি প্ৰমাণ পোৱা গৈছে। ইয়াৰ ভিতৰত কিন্তু এজনো মুছলমান নাই। দেশ জোঁকাৰি যোৱা নিৰ্ভয়া আৰু অভয়া কাণ্ডতো মুছলমান জড়িত নহয়। গতিকে অপৰাধ কাৰ্যত জড়িত বুলি কোনো বিশেষ ধৰ্মৰ লোকসকলক আঙুলি টোঁৱাটো একেবাৰে অবৈজ্ঞানিক, একপাক্ষিক আৰু উদ্দেশ্যপ্ৰণীত।তৎসত্তেও বৰ্তমান বিজেপি শাসিত ৰাজ্যিক চৰকাৰে এনেধৰণৰ ভিত্তিহীন অভিযোগ উত্থাপিত কৰি গোটেই উজনি অসমৰ পৰা নামনি অসমলৈকে উত্তেজনাৰ সৃষ্টি কৰা সমীচিন হোৱা নাই। প্ৰকৃততে , যেতিয়া অসমৰ বেছিভাগ জনগণে বৰ্তমান ৰাজ্যিক চৰকাৰে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে বিফল হোৱাৰ বাবে এই চৰকাৰৰ প্ৰতি অনীহা ভাৱ আহি গৈছে, তেতিয়া ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীবৰ্গই চৰকাৰৰ বিফলতা ঢাকিবলৈ অহোপুৰুষাৰ্থ কৰি আছে। উজনি অসমৰ জাতীয়তাবাদী সংগঠনসমূহে ধৰ্ষণকাৰীক চৰম শাস্তি প্ৰদান কৰাৰ বাবে কৰা গণ-আন্দোলন যাতে বিজেপি শাসিত ৰাজ্যিক চৰকাৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰাজনৈতিক কৌশল (Political Strategy) ধৰ্মীয় মেৰুকৰণৰ চক্ৰ বেহুত সোমাই আমাৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতি বিনষ্ট নহয়, তাৰ বাবে অতন্দ্ৰ প্ৰহৰীৰ দৰে সাৱধানতা অৱলম্বন কৰা উচিত হ’ব।
■ সম্পাদকীয় পৃষ্ঠাত লেখা প্ৰকাশৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ দায়ী নহয়