● ২৬ জুলাই তাৰিখৰ পৰা এক ৰাজকীয় অনুষ্ঠানৰ মাজেৰে সুভাৰম্ভণি হয় পেৰিছ অলিম্পিক ২০২৪ ৰ। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ তত্বাৱধানত ৩২ বিধ খেলৰ ৩২৯ টা ইভেণ্টত সমগ্ৰ পৃথিৱীৰ ২০৬ খন দেশৰ ১০৭১৪ গৰাকী খেলুৱৈয়ে নিজক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। পেৰিছ অলিম্পিক ২০২৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰিছে ১১৭ গৰাকী খেলুৱৈয়ে। মুঠ ১৬ বিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগীয়া এই খেলুৱৈ সকলৰ ভিতৰত আছে ৭০ গৰাকী পুৰুষ খেলুৱৈ আৰু ৪৭ গৰাকী মহিলা খেলুৱৈ। পুৰুষ আৰু মহিলা খেলুৱৈ সকলে ভাৰতৰ হৈ মুঠ ৯৫ টা স্বৰ্ণ পদকৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব। অলিম্পিক ইতিহাসত ভাৰতৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰদর্শন হৈছে ২০২০ চনত অনুষ্ঠিত হোৱা টকিও অলিম্পিক। ২০২০ টকিও অলিম্পিকত ভাৰতে এটা স্বৰ্ণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জ পদকৰ সৈতে সৰ্বমুঠ ৭ টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২০ টকিও অলিম্পিকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ভাৰতীয় খেলুৱৈ সকলৰ প্ৰদৰ্শন ২০২৪ পেৰিছ অলিম্পিকত আৰু অধিক উন্নত হব বুলি আশা কৰা হৈছিল। পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈ সকলৰ যি প্ৰদশৰ্ন সেয়া কিন্তু আশাব্যঞ্জক নহল। দেশৰ জনসাধৰণৰ আশাৰ বিপৰীতে ভাৰতে অন্তত এটা স্বৰ্ণ পদক লাভ কৰাৰ বাবে যথেষ্ট অপেক্ষা কৰাৰ অন্তটো সেয়া সম্ভৱ হৈ নুঠিল। পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ সম্ভাৱনা থকা প্ৰায় প্ৰতিগৰাকী খেলুৱৈয়ে কিন্তু অনুৰাগী সকলক নিৰাশ কৰাহে পৰিলক্ষিত হল। মল্লযুঁজত ভিনেছ পোগাতে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয়ী হোৱাৰ লগে লগে ভাৰতীয় ক্ৰীড়া অনুৰাগীৰ মাজত এক আশাৰ সঞ্চাৰ হৈছিল যদিও সেয়া স্থায়ী নহল। অলিম্পিক সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ভাৰতীয় খেলুৱৈ গৰাকীৰ নিৰ্ধাৰিত ওজনতকৈ এশ গ্ৰাম ওজন অধিক থকা বাবে তেওঁক চূড়ান্ত খেলখনৰ পূৰ্বে প্ৰতিযোগিতাৰ পৰা নিলম্বন কৰা হৈছে। খবৰটো ৰাজহুৱা হোৱাৰ লগে লগে বিভিন্ন প্ৰকাৰৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ হৈছিল কিন্তু ক্ৰিয়া-প্ৰতিক্ৰিয়া আহিলেও ভাৰতৰ বাবে আশাৰ সঞ্চাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা খেলুৱৈ গৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰা নহল। বেডমিণ্টনত যদি আমি চাওঁ তেনেহলে দেখিবলৈ পাম পি ভি সিন্ধু, টেবুল টেনিছত মনিকা বাত্ৰা, শৰৎ কমল, বক্সিংত নিখত জাৰীণ, অসম কন্যা লাভলীনা বৰগোঁহাই, ধনু চালনাত দীপিকা কুমাৰী, আদি খেলুৱৈ সকলৰ পৰা ভাৰতীয় খেল অনুৰাগী সকলে নিশ্চিতভাৱে পদক লাভ কৰিব বুলি আশা কৰিছিল। কিন্তু খেলুৱৈ সকলে যথেষ্ট প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পিছতো প্ৰতিদ্বন্দীৰ হাতত ধৰাশায়ী হয়। যদিও পেৰিছ অলিম্পিক ২০২৪ ভাৰতৰ বাবে আশাব্যঞ্জক নহয় তথাপিও কিন্তু এই অলিম্পিকে ভাৰতীয় ক্ৰিয়াএক ইতিবাচক ইংগিত কঢ়িয়াই আনিছে। এয়াৰ পিষ্টল ইভেণ্টত ভাৰতীয় মহিলা খেলুৱৈ মানু ভাকেৰে ইতিহাস সৃষ্টি কৰি দুটাকৈ ব্ৰঞ্জৰ লাভ কৰিবলৈ সক্ষম হয়। ভাৰতীয় অলিম্পিক ইতিহাসত আজিলৈকে মানু ভাকেৰৰ পূৰ্বে কোনো খেলুৱৈয়ে এখন প্ৰতিযোগিতাত দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ উপৰিও নিজৰ প্ৰতিভাৰ পৰিচয় দি যুৱ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে প্ৰতিযোগিতাৰ পুৰুষ শাখাৰ চেমিফাইনেলত উপনীত হবলৈ সক্ষম হয়। ইয়াৰ আগতে কোনো ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈ অলিম্পিকত ইমান খিনি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ শ্ৰীজা অকুলা অলিম্পিকত প্ৰি-কোৱাটাৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয়। ৫০ মিটাৰ ৰাইফল ইভেণ্টত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হোৱা স্বপ্নিল কুশলে হৈছে এই ইভেণ্টত অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ। প্ৰায় ৫২ বছৰৰ অন্তত ভাৰতীয় হকী দলটোৱে অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী প্ৰতিদ্বন্দীক পৰাভূত কৰাৰ উপৰিও দুখন অলিম্পিকত একেবাৰে পদক দখল কৰিবলৈ সক্ষম হয়। অমন চেৰাৱতে ভিনেছ পোগাতৰ দুখবৰৰ মাজতে মল্লযুঁজত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। মাত্ৰ ২১ বছৰ বয়সত অলিম্পিকত ব্যক্তিগত শাখাত পদক লাভ কৰা আটাইতকৈ যুৱ ক্ৰিয়াবিদ। ভাৰতৰ গোল্ডেন বয় খ্যাত নিৰজ চোপ্ৰাৰ পৰা ভাৰতৰ ক্ৰয়ানুৰাগী সকলে সোণৰ পদক আশা কৰিছিল যদিও সেয়া কাৰ্যত সম্ভৱ হৈ নুঠিল। ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় নিৰজ চোপ্ৰা। পেৰিছ অলিম্পিকত ২০২৪ ত ভাৰতে এটাও সোণৰ পদক লাভ কৰিবলৈ সক্ষম নহল। যাৰ ফলত ভাৰত পদক তালিকাত যথেষ্ট নিম্ন স্থানত অৱস্থান কৰিবলৈ বাধ্য হয়। যদিও ভাৰতৰ ক্ৰিয়াবিদ সকলে পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই তথাপিও কিন্তু এই অলিম্পিকত কিছুমান নতুন নতুন অভিলেখ সৃষ্টি কৰা প্ৰদৰ্শনে ভাৰতীয় ক্ৰিয়াৰ ক্ষেত্ৰলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিব বুলি খেল বিষজ্ঞ সকলে মত পোষণ কৰিছে। এনে ধৰণৰ অভিলেখ সমূহে কিন্তু ভৱিষ্যতৰ দিনত ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰখনতত কিছু পৰিমানে হলেও আশাৰ সঞ্চাৰ কৰিবলৈ যে সক্ষম হব সেয়া নিশ্চিত। ক্ৰীড়া অনুৰাগী সকলৰ বাবে পেৰিছ অলিম্পিক ২০২৪ আশা ব্যঞ্জক নহলেও বহু ইতিবাচক দিশ উন্মোচিত হোৱা পৰিলক্ষিত হৈছে। যদি উচিত সময়ত উচিত প্ৰশিক্ষণ প্ৰদান কৰা হয় তেনেহলে ভাৰতীয় খেলুৱৈ সকলেও যে অলিম্পিকৰ দৰে প্ৰতিযোগিতাত পদক আজুৰি আনিব পৰা ক্ষমতাৰ অধিকাৰী সেয়া পেৰিছ অলিম্পিক ২০২৪ ত স্বতঃস্ফূৰ্ত ভাবে দৃশ্যমান হৈছে। পৰৱৰ্তী অলিম্পিকত যাতে ভাৰতীয় খেলুৱৈ সকলে শ্ৰেষ্ঠতম প্রদর্শন আগবঢ়াবলৈ সক্ষম হয় তাৰ বাবে এতিয়াৰ পৰাই প্ৰশিক্ষণ আৰু অনুশীলন আৰম্ভ কৰি দিব লাগিব। খেলুৱৈ সকল যাতে অলিম্পিকৰ দৰে প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ শাৰীৰিক ভাবে দক্ষ হোৱাৰ উপৰিও মানসিকভাৱে অধিক পৰিপক্ক হোৱাটো অতিকৈ জৰুৰী। পেৰিছ অলিম্পিক ২০২৪৪ ৰ পৰা লাভ কৰা ইতিবাচক বতৰা যাতে পৰৱৰ্তী অলিম্পিকত পদকলৈ পৰিৱৰ্তন হয় সেয়া প্ৰতিগৰাকী ভাৰতীয় ক্ৰীড়া অনুৰাগীয়ে কামনা কৰিব। এইবাৰ কৰা ভুল সমূহৰ পৰা শিক্ষা গ্ৰহণ কৰি প্ৰতিগৰাকী খেলুৱৈয়ে নিজকে আৰু অধিক শক্তিশালী ৰূপত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলে ভাৰতীয় ক্ৰীড়া অনুৰাগী সকলৰ আশা বাস্তৱায়িত হবলৈ বহুত বেছি সময় অপেক্ষা কৰিব লগীয়া নহয়।
🖋️ দেবর্ষি গৌতম
গাঁও – বনগাঁও
ডাকঘৰ – বনগ্ৰাম
থানা – বেলশৰ
ডাক সূচাংক – ৭৮১৩০৩
জিলা – নলবাৰী
ভ্ৰাম্যভাষ – ৬৯১৩৯ ৩০৮২৯