Home মতামতঃ ফাকুৱা মানেই এলাৰ্জি? 🖋️ চন্দ্ৰ শেখৰ পৰাজুলী

ফাকুৱা মানেই এলাৰ্জি? 🖋️ চন্দ্ৰ শেখৰ পৰাজুলী

গুৰুজনাই বৰদোৱাত পুনপ্ৰথমে এই উৎসৱ পালন কৰিছিল। ইয়াৰ পাছত দ্বিতীয়তে বৰপেটা সত্ৰত দৌল উৎসৱ প্ৰচলন কৰিছিল।

People enjoying holi celebration at Dibrugarh on 04-03-26.Pix by UB Photos

………………………………..
ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱক ঠাই বিশেষে ফাকুৱা,হোলী,ফা়ঁকু আদি বিভিন্ন নামেৰে জনাজাত। হিন্দু অৰ্থাৎ সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ প্ৰাচীনতম উৎসৱ সমূহৰ ভিতৰত এটি ফাগুৱা। হিন্দু ধৰ্মত হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে। তাৰেই ভিতৰত প্ৰচলিত আখ্যান অনুসৰি “হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ’ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে তেতিয়া হোলিকাক বৰ দিলে যে বছৰত অন্ততঃ এদিন হ’লেও মানুহে হোলিকাক স্মৰণ কৰিব।” এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰাৰ নিয়ম প্ৰচলিত আছে।
আমাৰ ৰাজ্য অসমতো ফাকুৱা উৎসৱক “ফল্গুৎসৱ” বা “দৌল উৎসৱ” বোলা হয়। অসমত ফাল্গুৎসৱ বা দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে । গুৰুজনাই বৰদোৱাত পুনপ্ৰথমে এই উৎসৱ পালন কৰিছিল। ইয়াৰ পাছত দ্বিতীয়তে বৰপেটা সত্ৰত দৌল উৎসৱ প্ৰচলন কৰিছিল। আৰু বৰ্তমানেও নগাঁওৰ বৰদোৱা আৰু বৰপেটা সত্ৰত বহু ধুমধামেৰে ফাকুৱা উত্সৱ পালন কৰি অহা হৈছে।
গতিকে আমি ভাৰতীয় হিন্দু লোকসকলে ফাকুৱা উৎসৱক আমাৰ প্ৰাচীনতম উৎসৱ হিচাপে আজিও পালন কৰি আহিছোঁ। নিজৰ ধৰ্ম, সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰাবোৰক ৰক্ষা কৰি ৰখাৰ দ্বায়িত্ব আমি প্ৰতিজন ভাৰতীয় আৰু বিশেষকৈ সকলো হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ। কিন্তু ফাকুৱা উৎসৱ এসময়ত গৈ গৈ এক মাৰাত্মক ৰূপলৈ পৰিগণিত হৈছে। অৰ্থাৎ ফাকুৱাত প্ৰয়োগ হোৱা নানা ৰং,বিৰঙৰ শাৰীৰিক প্ৰসাধন সমূহ ভেজাল কৰি আমাৰ বজাৰ বোৰত বিয়পাই দি আমাৰ ধৰ্ম,সংস্কৃতৰ ওপৰত আঘাত হনাৰ এক কূটনৈতিক ষড়যন্ত্ৰ কৰাৰ চেষ্টা চলাই যোৱা হৈছে। সেয়েহে এই বিষয়ে চৰকাৰ, প্ৰকাশনৰ লগতে আমি নিজে নিজেই সজাগ হ’বলৈ হ’ল। ফাকুৱা আমাৰ অতিতৰ পৰা প্ৰচলিত এক পৰম্পৰা যত আমি প্ৰতিজন ভাৰতীয় লোকৰ লোকবিশ্বাস আৰু আবেগ জড়িত হৈ আছে। তথাপিও আমাৰ মাজৰে পৰা‌ কিছুমান মূৰ্খ মানুহে এতিয়াও উল্লেখ কৰে ফাকুৱা মানেই এলাৰ্জি?
………………………………..
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম
দূৰভাষ:-৯৭০৭৩০৬৪৭৪
ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি
ডাক নং:-৭৮৪১৭৬

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version