বহাগ আৰু ভূপেনদা
🖊️ ড° দীপকজ্যোতি বৰুৱা
বহাগ বুলিলেই কিয় জানো ঘপহকৈ ভূপেনদাৰ বিশেষ বিশেষ দুটিমান গীতে মনৰ কোণলৈ আহি সুহুৰি মাৰে। গীতকেইটি মনলৈ আহিলেই এনে লগে যেন ‘ভূপেন হাজৰিকা’ নামটো ব’হাগৰে সমাৰ্থক।
বহাগক লৈ তেখেতৰ এটি মিঠা সুৰীয়া গীতঃ “মিঠা মিঠা বহাগৰ…..”। এই গীতটিত তেখেতে বহাগক এগৰাকী নৱ-পৰিণীতা যুৱতীৰ স’তে তুলনা কৰি চাইছে। তেওঁৰ কল্পনা-দৃষ্টিত তথা তেওঁৰ কাব্য – ভাষাত উক্ত যুৱতীগৰাকী এইদৰে প্ৰাণ পাই উঠিছে।
“লুইতত তিওৱা তোমাৰ দেহা মাহ আৰু হালধিৰ সুবাস ঘঁহা
নিচেই কাষতে পোৱাৰ পিছত
সুৰ যেন হাততে পালোঁ….’’
গীতটোত বসন্তকালীন প্রাণোচ্ছল সামগ্রিক পৰিৱেশটো অতি জীপাল ৰূপত প্ৰাণ পাই উঠিছে। গীতটোৰ সুৰ আৰু কণ্ঠৰ যাদু এনেকুৱা যে, শুনোতাক গীতটোৰ মাধুৰ্যই স্বতঃস্ফূৰ্তভাৱে বিষয়বস্তুৰ ধৰাতললৈ টানি লৈ যায়। গীতটোত তেখেতে কৈছে যে, বহুদিন পাহৰি থকা বিহুগীত এফাকি হঠাতে মনলৈ আহি গ’লে যি অভাৱনীয় আনন্দই হিয়াখন ভৰাই তোলে, বহাগৰো অন্তৰ-নিৰ্যাসটো ঠিক তেনেকুৱাই! বহাগৰ সংজ্ঞা দৰ্শাবলৈ আগবঢ়োৱা তেওঁৰ এই উপমাটোৱে গীতিকাৰৰ গভীৰ সাংস্কৃতিক সংবেদনবোধটোক আমাৰ মনত অধিক বাঙ্ময় কৰি তোলাত নিশ্চিতভাৱে সহায় কৰিছে।
বহাগক বিষয়বস্তু কৰি লিখা তেওঁৰ গীতসমূহে গীতিকাৰৰ সমাজ সম্পৰ্কীয়, ৰাজনীতি সম্পৰ্কীয় চিন্তা- চেতনাৰ তথা বুদ্ধিদ্দীপ্ত পর্যালোচনাৰ বিশেষ প্রকাশ ঘটাইছে। তেওঁৰ ‘বৰদৈচিলা’গীতটি এই প্ৰসংগতে এক অন্যতম অনুপম সৃষ্টি। তাৎপর্যপূর্ণভাৱে, গীতটিৰ আৰম্ভণি ঘটিছে শুদ্ধ গদ্যধর্মী এক আবেদনেৰে । কথাৰ মাধ্যমত ইয়াত এজন ‘সূত্ৰধাৰে’ এইদৰে কৈছেঃ
“ককাই, অসমৰ আকাশত এয়া কাকতৰ চিলা নে বৰদৈ চিলা?
‘কাকতৰ চিলা’ হ’লগৈ এটা প্রতীক কিম্বা ৰূপক। ই হ’লগৈ নেতাৰ প্ৰতিশ্ৰুতিৰ বন্যাৰ এক ৰূপক— যি প্ৰতিশ্ৰুতিসমূহৰ বেছিভাগেই কাগজতেই ৰৈ যায়, পালন নোহোৱাকৈ৷ বহাগত এনে এটি গীতৰ জৰিয়তে তেখেতে সাধাৰণ জনতাৰ মনবোৰক এইদৰে এক ৰাজনৈতিক চেতনাৰে জাগ্ৰত কৰিবলৈ প্ৰয়াস কৰিছে। নেতাৰ নিষ্ঠুৰ কপটতা তথা দুষ্ট অভিসন্ধিৰ বিষয়টোক তেখেতে ফেঁটী সাপৰ ৰূপকৰ জৰিয়তে এইদৰে অভিব্যক্ত কৰিছে :
“বাঁহতল শুৱনি কেতেকীৰ বাৰীতে ক’ৰবাৰ ফেঁটীসাপে বাঁহ ল’লে
কেতেকী ফুলিলে তগৰো ফুলিলে
ফেঁটীসাপে গপাগপ তাকেই গিলিলে..’
এই ফেঁটীসাপ আজিৰ ধৰণৰ আধুনিকতাৰ প্রতীকো হ’ব পাৰে। আধুনিকতাই পৰম্পৰা তথা
ঐতিহ্যক গ্ৰাস কৰিছেহি। আমি অতি-আধুনিক হ’বলৈ যাওঁতে আমাৰ জাতীয় জীৱনৰ অস্তিত্ব সম্পৰ্কীয় নিম্নতম চিহ্ন-স্মাৰক সমূহো এতিয়া সময়ৰ গতিত ক্ৰমাৎ হেৰাই যাবলৈ ওলাইছে। গীতটিত তেখেতে সেই অর্থতে অতি দুখেৰে কৈছে-বৰদৈচিলাজনী এতিয়া যেন আগৰ দৰে মাকৰ ঘৰলৈ নহা হ’ল :
“তাই অসমলৈ আগতে আহিছিলে
আহি, হি দল ভঙা এটি মন দিছিলে..”
তাৰ পিছতেই তেখেতে গীতৰ কথাৰেই মন্তব্য কৰিছে যে, প্ৰকৃততে আমি আমাৰ চিৰযুগমীয়া অসমীয়া মনটোক ভালকৈ বান্ধি ৰাখিবলৈ সক্ষম হোৱা নাই!
—
এইদৰেই এই গীতটিৰ জৰিয়তে অসমীয়া মনটোক জোকাৰি দিবলৈ তেখেতে এক সুৰীয়া প্ৰযত্ন কৰিছে। গীতটিৰ বিষয়বস্তুৰ উপস্থাপনাত যি উদ্দেশ্যধর্মিতা আছে, সিয়েই সংগীতে সমাজৰ নাড়ী-নক্ষত্ৰক কেনেকৈ প্ৰতিফলিত কৰি সমাজৰ প্ৰগতিত ফলপ্রসূ ভূমিকা গ্রহণ কৰিব পাৰে, তাৰে এক উজ্বল দৃষ্টান্ত হৈ শ্ৰোতাৰ মনাকাশত ধৰা দিবলৈ সক্ষম হৈছে।
“মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ” শীর্ষক গীতটিকো ভূপেনদাৰ বিহু সম্পৰ্কীয় সংজ্ঞাটোৰে এক অন্যতম স্মাৰক হিচাপে গণ্য কৰিব পৰা যায় ৷ গীতটিৰ আৰম্ভণিতেই তেখেতে ‘কথা’ৰ জৰিয়তে এইদৰে এক প্রশ্ন উত্থাপন কৰিছে।
“স্বকীয় ৰূপ লৈ বহাগনো আহে ক’লৈ ? ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ, নহয় জানো ?”
অৰ্থাৎ বহাগ আৰু ব্ৰহ্মপুত্ৰ তেওঁৰ কল্পনাত যেন গীতটোত এক হৈ পৰিছে। বহাগ যেনেকৈ অসম তথা অসমীয়াৰ অস্তিত্বৰ দ্যোতক, ব্ৰহ্মপুত্ৰখনো যুগ যুগ ধৰি সমন্বয়ৰ প্ৰক্ৰিয়াৰে ইতিহাসৰ বাটেৰে আহি আহি অৰ্থাৎ দিয়া আৰু লোৱাৰ জৰিয়তে নিৰ্মাণ হোৱা অসমীয়া প্ৰাণটোৰ ঐতিহ্যৰ এক প্ৰতীক।
বিহু তথা বহাগৰ আবেগে টৌৱাই যোৱা বিহুৱা ডেকা এজনৰ মনৰ ৰং, বিষাদখিনি “বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গ’ল” গীতটিৰ জৰিয়তে অতি সৰলভাৱে প্ৰকাশিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে, গীতটিৰ আৰম্ভণিটোত তেখেতে প্ৰচ্ছন্নভাৱে ৰাজনৈতিক মন্তব্য এটা প্ৰকাশ কৰিছে। পাঁচটা শাৰীৰ এই বিশেষ
পংক্তিটোত বৃটিছ শাসক হোৱাৰ পিছতো সাধাৰণ প্ৰজা এজনে অকনো স্বস্তি পাবলৈ সক্ষম নোহোৱাৰ কথাটো বিহুৱা ৰসেৰেই তেখেতে এক বুদ্ধিদ্দীপ্ত ইংগিতৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে। বৃটিছ যোৱাৰ পিছত ৰাজনৈতিক স্বাধীনতাৰ সময়তো যেন সাধাৰণজনৰ বাবে দিনবোৰ অধিকহে মহঙা হ’ল- এনে এক ভাৱস্তকেই গীতিকাৰে গীত মূল উপজীব্য কৰি লৈছে।
ভূপেনদাই লিখা বহাগৰ গীত সমূহৰ মাজত যিটো গীতে শ্ৰোতাৰ মানসপটত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে, সেই গীতটি হ’লগৈ- “বহাগ মাথোঁ এটি ঋতু নহয়।” গীতটিত বহাগক ভিন ভিন সংজ্ঞাৰে সংজ্ঞায়িত কৰিবলৈ গীতিকাৰে চেষ্টা কৰিছে। তেওঁ পোনতে বহাগক জাতিটোৰ আয়ুস ৰেখা বুলিছে। তেওঁ কৈছে যে, বহাগ বিহু পাতলীয়া আৱেগৰ উৎসহে বুলি ভাবিলে বৰ ভুল কৰা হ’ব। ই মাথোঁ এখনি বিহুতলীকে নুবুজায়, ই নিশা ফুলা ফুলৰ সৌৰভৰ দৰে ক্ষণস্থায়ী কিবা এটাও নহয, তেওঁৰ মতে বহাগৰ আছে প্রভেদ, বিনাশী এক আমোঘ শক্তি। অর্থাৎ তেওঁৰ মতে, বহাগে জাতিটোক এক কৰি ৰাখিবলৈ
প্ৰেৰণাৰ যোগান ধৰে। তেওঁৰ মতে, লগতে বহাগ হ’লগৈ নৱ নৱ চিন্তাৰ চিন থকা সাঁচিপাতৰ পুথিৰ এখিলা পাতৰ দৰে ‘এখনি সৃষ্টি দলিল’! তেওঁ লগতে আঙুলিয়াই দেখুৱাইছে যে বহাগ হ’লগৈ জ্যোতিৰ উন্মেষ-দ্বাৰো। তেওঁৰ কল্পনাত- ‘এন্ধাৰে ব’হাগক ভয় কৰে’! গীতটোৰ শেহত তেওঁ কৈছে যে, জাতিটোৱে যদি দুখৰ নাগপাশৰ পৰা নিজকে মুক্ত কৰিব বিচাৰে, বহাগৰ পৰাই ইয়াৰ বাবে প্ৰেৰণাখিনি ল’ব পাৰে, কাৰণ বৰদৈচিলাৰ দুৰ্মদ গতিৰ পাতনিৰে ই সৃষ্টিৰ কঠিয়া সিঁচে চৌদিশে। অর্থাৎ, ভূপেনদাই যেন এই গীতটিৰ মাধ্যমত ক’ব বিচাৰিছে— ব’হাগ মানে এক সংগ্রামী গতি, সৃষ্টিৰ তথা নৱযৌৱনৰ গতি। বৰদৈচিলাই সংগ্রামী চেতনাক প্ৰতিনিধিত্ব কৰে আৰু তেনে এক সংগ্রামী চেতনাৰ মাধ্যমেৰেহে জাতিটো পূৰ্ণৰূপত জীয়াই থাকিব বুলি আশা কৰিব পৰা যায় ।
দুখীয়াৰ দুখৰ ভাৰটোৰ কথা ভাবি সহ্য কৰিব নোৱাৰি ভূপেনদাৰ শিল্পী মনটোৱে বহাগতো ইনাই বিনাই কান্দিছিল। ইয়াৰ উদাহৰণ হ’লগৈ- “চেনেহীৰ ফটা ৰিহা” গীতটি। গীতিকাৰে কল্পনাতে ভাবিছে, তেওঁৰ চেনেহীক যেন বিহু বুলিও ভাল কপোৰ এসাজ, দিবলৈ তেওঁ অপৰাগ। তেওঁৰ যে আৰ্থিক টনাটনি ! অৱস্থাটো এনেকুৱা যে তেওঁৰ চেনেহীয়ে বিহুৰ বতৰতো ফটা ৰিহা এখনকে পিন্ধি থাকিবলগীয়াত পৰিছে। ঘৰত তেওঁৰ খুদকনো নাই। এচিকুত কেৰাচিনো নাই – এনেবোৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ থকা তেওঁৰ মনটোকো অৱশ্যে বিহুৱে পিৰপিৰাবলৈ এৰা নাই; কাৰণ, বহাগ এনেকুৱাই, ! গীতটিৰ কিয়দংশ-
“এতিয়া! টকা নাই সিকা নাই বিহুৱানৰ সূতা নাই
ধানো গ’ল যোৱাটো বানত….
ফুলচ’তি লগাই লৈ
বৰঘৰ সাজিলোঁ
খেৰ নাইকিয়া চালত…’’
–
গীতটিৰে তেখেত “কিয়নো এনেকুৱা হৈছে” তাৰো এক ব্যাখ্যা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। তেওঁৰ কথাৰে উক্ত বাখ্যাটো এনেকৈ অভিব্যক্ত হৈছেঃ
“কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে
চানকঢ়া ধনৰে বলত..
আৰু তাৰ পিছত বিহুৱা মনটোৰেই তেখেতে দুখীয়াৰ ধন চানকঢ়া সুবিধাবাদী শ্ৰেণীটোক এইবুলি সকীয়নি দিছে ঃ
“হেৰি ডাঙৰীয়া, বতৰ ডাৱৰীয়া
টিনপাত টিঙিৰি জুই পৰে উফৰি
কাইলৈ পৰিবা ফান্দত- বল কাইলৈ পৰিবা ফান্দত”—
“ভূপেন হাজৰিকা” নামৰ গীতিকাৰজনৰ ভিতৰত জাগ্ৰত হৈ থকা স্থিতাৱস্থা-বিৰোধী বিপ্লৱী সত্ত্বাটোৰ এনে অভিব্যক্তিসমূহে এইদৰেই শ্রোতা-জনতাৰ সন্মুখত বহাগৰ তাৎপৰ্যক নতুনকৈ চিনাকি কৰি দিয়ে।
এইদৰেই ভূপেনদাৰ বাবে বহাগ আছিল এক বিশেষ তাৎপৰ্যৰ উৎসস্বৰূপ। বিহুৱা আৱেগকো গীতেৰে উদ্দেশ্যধৰ্মী এক অৱস্থানলৈ পৰ্বান্তৰ ঘটোৱাৰ তেখেতৰ এই প্ৰয়াসটোৱে স্বাভাৱিকতেই শ্রোতা- জনতাৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বহাগক লৈ লিখা তেখেতৰ গীতসমূহৰ ভাৱ- সম্পদৰ সামাজিক তাৎপর্যটোক জাতিটোৱে প্ৰতি বহাগত অনুধাৱন কৰিবলৈ যত্ন কৰা ভাল। প্ৰকৃততে জাতিটোৰ হিয়াৰ আমঠুস্বৰূপ শিল্পী গৰাকীৰ গীতত অন্তৰ্নিহিত হৈ থকা সামাজিক চেতনাৰ ধৰালটোক জাতিটোৱে নিজৰ কৰি ল’ব পৰাতেই নিৰ্ভৰ কৰিব সেই গীতসমূহৰ সাৰ্থকতাৰ সম্ভাৱনীয়তাখিনি।
জাতিটোৱে তেওঁৰ এই গীতসমূহক এই বহাগতে নতুনকৈ এবাৰ শুনিবনে বাৰু?
