Home সম্পাদকীয়ঃ সম্পাদকীয়…🖊️ ড০ হৰমোহন কলিতা

সম্পাদকীয়…🖊️ ড০ হৰমোহন কলিতা

এই বছৰ অসম সাহিত্য সভাইয়ো পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি পহিলা ব’হাগত ‘নিজৰ দিন’ উদযাপন কৰি, অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি, সমাজ জীৱন লগত জড়িত ১০ হেজাৰ জ্যেষ্ঠ ব্যক্তিক ঘৰে ঘৰে গৈ তামোল-পাণেৰে সেৱা জনাব। পহিলা ব’হাগ ১৫ এপ্রিল ৰ দিনা পূৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ঘৰে ঘৰে গৈ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াক লগতে জিলা আৰু শাখা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে থুৰীয়া তামোল-পাণেৰে সেৱা ধৰি অসমীয়া থলুৱা শিপিনীয়ে বোৱা গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে সন্মানিত কৰিব

সম্পাদকীয়…🖊️

বিশ্বত অস্থিৰতাৰ মাজতো অসম আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ দ্বিতীয়টো কৰ্মকালৰ প্ৰথম ডেৰ মাহতেই সমগ্ৰ বিশ্বক উপলব্ধি কৰিবলৈ বাধ্য কৰিছিল যে এজন মানুহে বহুত সাল-সলনি কৰিব পাৰে।
শেহতীয়াকৈ ট্রাম্পৰ ‘শুল্কবোমা’ক লৈ বিশ্বৰ বিভিন্ন দেশত অশান্তিৰ সৃষ্টি হৈছে। যোৱা শতিকাৰ ৯০ দশকত মৰক্কোৰ মাৰাকাশ চহৰত বিশ্ব বাণিজ্য সংস্থাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তই বিশ্বক এখন গাঁৱত পৰিণত কৰাৰ সংকল্প লৈছিল। অৱশ্যে এই গোলকীয়কৰণো একপ্ৰকাৰ সমৃদ্ধিশালী দেশ সমূহৰ দুখীয়া দেশসমূহৰ ওপৰত অৱদান সৃষ্টিৰ হাতিয়াৰ হৈ পৰিছিল। তথাপি উন্নয়নশীল বহু ৰাষ্ট্ৰই গোলকীয়কৰণৰ স্বতসমূহক বিশ্ব অর্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে ধাৰণা কৰিছিল।
               ট্রাম্পৰ শুল্ক নীতিয়ে বহু ৰাষ্ট্ৰক সমস্যাত পেলাইছে। ইতিমধ্যেই চীনক ঘেৰিবলৈ আমেৰিকাই QUAD প্লেটফৰ্ম শক্তিশালী কৰিছে। বৰ্তমান QUAD আমেৰিকা, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়াক লৈ গঠিত। অৰ্থনীতিৰ দূত পৰিবৰ্তনৰ সময়ত ইউৰোপীয় দেশসমূহে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰিব পাৰে। ইউৰোপ আৰু এচিয়াৰ বহু সৰু সৰু দেশে ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰি নিজৰ সীমান্ত নিৰাপত্তা সুদৃঢ় কৰিব পাৰে, তেতিয়া ভাৰতৰ অৰ্থনীতি লাভবান হ’ব। আনহাতে চীনৰ সামৰিক বাজেট বৃদ্ধিৰ লগে লগে ভাৰতৰ সীমান্ত সুৰক্ষাৰ বাবে ব্যয় বৃদ্ধি হৈ অর্থনীতিত আঘাট হানিব পাৰে। ট্রাম্পৰ শুল্ক নীতিয়ে ইউৰোপৰ বিভিন্ন দেশ ৰাচিয়া, ব্রিটেইন, চীন-কানাডা আদি বহু দেশৰ ওপৰত প্ৰভাৱ পৰিছে। অৱশ্যে দেশৰ ৫০ খন প্ৰদেশৰ হেজাৰ হেজাৰ নাগৰিকে ট্রাম্পৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰিছে। ট্রাম্পৰ শুল্ক নীতিৰ উপৰিত হোৱাইট হাউছে সিদ্ধান্ত কৰা বহু নীতিয়ে মার্কিন নাগৰিকক অতিষ্ঠ কৰিছে।
              বিশ্বৰ ‘শুল্ক’ বোমাৰ পিছতে অসমত একপক্ষীয় জনাদেশ আৰম্ভ হৈছে। ৰাজ্যিক নিৰ্বাচন আয়ুক্তই ঘোষণা কৰা অনুসৰি ইতিমধ্যেই বিভিন্ন ৰাজনৈতিক দল সমূহে পঞ্চায়ত নিৰ্বাচনত মনোনয়ন পত্ৰ প্ৰদান কৰিছে। অহা দুই মে’ আৰু সাত মে’ত ভোটগ্রহণ হ’ব। দুয়োটা পৰ্যায়ৰ নিৰ্বাচনত ১.৮০.৩৬.৬৮২ গৰাকী ভোটদাতাই স্থানীয় নিকায় নিৰ্বাচনত জনাদেশ দিব বুলি নির্বাচন আয়ুক্তই জনাইছে। তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্য ২১,৯২০ গৰাকী, সভাপতি ২,১৯২ গৰাকী, উপ-সভাপতি ২,১৯০ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য ২,১৯২ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সভাপতি ১৮১ গৰাকী, আঞ্চলিক পঞ্চায়তৰ উপ-সভাপতি ১৮১ গৰাকী আৰু জিলা পৰিষদৰ সদস্য ৩৯৭ গৰাকী নিৰ্ব্বাচিত কৰা হ’ব। এইবাৰৰ নিৰ্বাচনত মহিলা সকলৰ বাবে ৫০ শতাংশ সংৰক্ষিত কৰা হৈছে। পঞ্চায়তৰ এই নিৰ্বাচনৰ ৰাজনৈতিক ৰূপৰেখাই আগন্তুক ২০২৬ চনৰ বিধান সভাত প্ৰভাৱ বিস্তাৰ কৰিব বুলি সচেতন ব্যক্তিসকলে প্ৰকাশ কৰিছে। ইতিমধ্যেই দুই এখন স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন হৈছে আৰু কেবাখনো বাকী আছে। স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনেও বিধানসভা আৰু লোক সভাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
            ইতিমধ্যেই অসমত নিৰ্ব্বাচনী বতাহৰ সমানে সমানে ৰঙালী বিহুৰ উৎসাহে সকলোকে মতলীয়া কৰিছে। ব’হাগ বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি ইতিমধ্যেই বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাই সাব্যস্ত কৰি গৈছে। অসমৰ সকলো জাতি-উপজাতিয়ে বিভিন্ন ৰূপত ব’হাগ বিহুক আকোৱালি লৈ এক জাতিয় উৎসৱত পৰিণত কৰিছে। কৃষিৰ সৈতে জড়িত, মাটিৰ উৰ্বৰতাৰ সৈতে জড়িত নদীৰ সৈতে সংপৃক্ত কৰি বিভিন্ন জাতি-জনগোষ্ঠীয়ে সুকীয়া নামৰে ব’হাগ বিহুক আদৰি আহিছে। ব’হাগ বিহু একেৰাহে ৭ দিন ধৰি ভিন্ন ৰূপত পৰিবেশন কৰে যদিও বর্তমান সময়ত মাহজোৰা সাংস্কৃতিক কাৰ্য্যসূচীৰে অসমত এক উৎসাহজনক পৰিৱেশৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যেই অসম চৰকাৰে যোৱা বছৰত বিশ হাজাৰৰো অধিক বিহু নাচনীৰ জৰিয়তে বিশ্ব ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হৈছে। এইবেলি ঝুমুৰ নৃত্য পৰিবেশন কৰিও চাহ জনজাতিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে।
             অসমীয়া সমাজ জীৱনৰ আৱেগ, অনুভূতি, ভালপোৱা আৰু প্ৰেমেৰে হিয়া-মন অনুপ্ৰাণিত কৰি হিয়াৰ আমঠু আমাৰ বিহু কেইটাক সজীৱ কৰি ৰাখি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰে বিহুক ৰাষ্ট্ৰীয় পৰ্যায়ত নিয়াৰ পৰা অসমৰ চুকে- কোণে বিহুৰ স্বকীয়তা ৰক্ষাৰে কৰ্মশালা অনুষ্ঠিত কৰি বিহুগীত আৰু বিহু নৃত্যৰ নাচনী, ঢুলীয়া, গগনা-পেঁপাৰ চাহিদা বৃদ্ধি কৰি অসমীয়া জাতিৰ অৰ্থনৈতিক দিশতো কিছু সু-প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
                এই বছৰ অসম সাহিত্য সভাইয়ো পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি পহিলা ব’হাগত ‘নিজৰ দিন’ উদযাপন কৰি, অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি, সমাজ জীৱন লগত জড়িত ১০ হেজাৰ জ্যেষ্ঠ ব্যক্তিক ঘৰে ঘৰে গৈ তামোল-পাণেৰে সেৱা জনাব। পহিলা ব’হাগ (১৫ এপ্রিল) ৰ দিনা পূৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ঘৰে ঘৰে গৈ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াক লগতে জিলা আৰু শাখা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে থুৰীয়া তামোল-পাণেৰে সেৱা ধৰি অসমীয়া থলুৱা শিপিনীয়ে বোৱা গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে সন্মানিত কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা ব্যক্তিসকলৰ উপৰিও ভাৰতবৰ্ষৰ বেংগালুৰ, আহমেদাবাদ, দিল্লী, ওডিশা, ভূৱনেশ্বৰ, অৰুণাচল, ইটানগৰ, পাচিঘাটকে ধৰি লণ্ডন, আমেৰিকা আদি স্থানতো ‘নিজৰ দিন’ উপলক্ষে ৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত ব্যক্তিসকলক প্ৰত্যেকৰ বাসগৃহত গৈ সন্মান প্ৰদৰ্শন কৰিব। ইতিমধ্যেই কেন্দ্ৰীয় সমিতিয়ে নিজাববীয়াকৈ যোৰহাট কেন্দ্ৰীয় কাৰ্য্যালয় আৰু আঞ্চলিক কাৰ্য্যালয় সমূহৰ দ্বাৰা ৰাজ্যৰ বিশিষ্ট সম্বৰ্দ্ধনা জনাবলগীয়া ব্যক্তিসকলৰ নাম ঘোষণা কৰিছে। তেখেত সকলৰ সৈতে একে দিনাই প্ৰতিখন জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভায়ো তদ্রূপ কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ আগবাঢ়ি আহিছে।
                  আমি আশা কৰিম অসম সাহিত্য সভাৰ এনে এক আদর্শনীয় কাৰ্য্যসূচীয়ে অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু সামাজিক পৰিবেশৰ দ্বাৰা শান্তি- সম্প্রীতি-প্ৰগতিৰ সৃষ্টি হ’ব।


NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version