Home সকলোঃ প্ৰচ্ছদ নিবন্ধঃ অসমীয়া বাতৰি কাকতৰ ভৱিষ্যত আৰু প্ৰত্যাহ্বান ✒️ দেবর্ষি গৌতম

অসমীয়া বাতৰি কাকতৰ ভৱিষ্যত আৰু প্ৰত্যাহ্বান ✒️ দেবর্ষি গৌতম

          অসমৰ অসমীয়া ভাষাৰ প্ৰথমখন বাতৰি কাকত আছিল অৰুনোদয়। এই কাকত খন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল। অৰুণোদয় কাকতখন আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পাৰি কাৰণ এই কাকত খনৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি হৈছিল। অৰুণোদয়ৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে লোকে সাহিত্যিক ৰূপে ভূমুকি মাৰিছিল। যদিও অৰুণোদয় কাকত খন অসমত অসমীয়া ভাষাৰ প্ৰথম কাকত আছিল কিন্তু অৰুণোদয় কাকত খন প্ৰতি এমাহৰ মূৰত প্ৰকাশ হৈছিল। কিন্তু অসমত দৈনিক কাকত হিচাপে  প্ৰথম “দৈনিক বাতৰি” নামৰ কাকত খন প্ৰকাশ হৈছিল। যোৰহাটৰ পৰা প্ৰকাশ পোৱা দৈনিক বাতৰি কাকত খনে অসমীয়া ভাষাত দৈনিক বাতৰি কাকতৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি কৰিছিল। ১৯৩৫ চনৰ ১২ আগষ্ট তাৰিখৰ পৰা “দৈনিক বাতৰি” কাকতখনৰ প্ৰকাশ আৰম্ভ হৈছিল। এই কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন। যদি আমি অসমীয়া বাতৰি কাকতৰ ইতিহাসৰ পাত লুটিয়াই চাওঁ তেনেহলে দেখিবলৈ পাম যে অসমীয়া বাতৰি কাকতৰ ইতিহাস আহোম ৰজাৰ ৰাজত্ব কালৰ পৰাই চলি আহিছে। অসমীয়া বাতৰি কাকত সমূহে অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিভিন্ন সময়ত বহু নতুন নতুন বাতৰি কাকতৰ জন্ম হৈছে ইয়াৰ বিপৰীতে বহু বাতৰি কাকতৰ প্ৰকাশ বন্ধও হৈছে। যদি আমি আজিৰ পৰা প্ৰায় দহ বা পোন্ধৰ বছৰ পিছলৈ ঘূৰি যাওঁ তেনেহলে দেখিবলৈ পাম যে গাঁৱে-ভূঞে, নগৰে-চহৰে প্ৰায় প্ৰতিঘৰ মানুহে বাতৰি কাকত লৈছিল আৰু পঢ়িছিল। বাতৰি কাকতখনে আছিল দেশ-বিদেশৰ লগতে ৰাজ্যখনৰ ভিতৰৰ প্ৰতিটো খবৰ সংগ্ৰহ কৰাৰ মূল আহিলা। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহে বিভিন্ন মাধ্যম যোগে বাতৰি সমূহ লগে লগে লাভ কৰিবলৈ সক্ষম হয়। বাতৰি কাকত খনত পিছদিনালৈ সেই বাতৰিটো পঢ়িবলৈ ৰৈ থাকিব নালাগে। তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰু ব্যৱহাৰৰ ফলত মানুহে বাতৰি কাকত পঢ়াৰ পৰিবৰ্তে অন্য মাধ্যমত বাতৰি সমূহ পাবলৈ সক্ষম হৈছে। বিভিন্ন সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ফলত মানুহে হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে হাতৰ মুঠিতে যেন গোটেই পৃথিৱী খন বিচাৰি লবলৈ সক্ষম হয়। মোবাইল ফোনটোৰ বাবে যিকোনো এটা খবৰ নিমিষৰ ভিতৰতে সমগ্ৰ পৃথিৱীতে বিয়পি পৰে। এনেবোৰ কাৰকে ছপা মাধ্যমৰ বাতৰি কাকত সমূহৰ ভৱিষ্যতক এক ঘোৰ অন্ধকাৰৰ দিশলৈ ঠেলি দিয়াৰ উপক্ৰম হৈছে। কাৰণ আজিকালিৰ নতুন প্ৰজন্মৰ লৰা ছোৱালীয়ে কোনো কাৰণে বাতৰি কাকত পঢ়ি তাৰ পৰা কোনো জ্ঞান সংগ্ৰহ কৰিবলৈ ইচ্ছুক নহয়। বৰঞ্চ বাতৰি কাকত পঢ়াৰ সলনি মোবাইল ফোন অথবা অন্য মাধ্যমৰ সৈতে জড়িত হবলৈ অধিক ইচ্ছুক হোৱা দেখিবলৈ পোৱা যায়। যিহেতু এখন বাতৰি কাকত প্ৰকাশ কৰিবলৈ হলে চপাশালৰ লগতে সেই চপাশালত কৰ্মচাৰীৰ দৰকাৰ হয়। চপাশালৰ পৰা প্ৰকাশ হোৱা বাতৰি কাকতখনৰ  বিক্ৰীৰ ওপৰত চপাশালৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ জীৱন আৰু জীৱিকা নিহিত হৈ থাকিব। যেতিয়াই কাকত এখনৰ বিক্ৰী হ্ৰাস পাই তেতিয়াই সেই বাতৰি কাকতখন চলাই থকাটো মালিক পক্ষৰ বাবে এক প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। মানুহে যিমায়েই আধুনিক হবলৈ চেষ্টা নকৰক লাগিলে, মানুহে যিমানেই অন্য মাধ্যমৰ পৰা বাতৰি সমূহ পোৱাৰ পথ প্ৰশস্ত নহওক লাগিলে, কিন্তু বাতৰি কাকত এখনৰ পৰা বাতৰি এটা পঢ়ি যিমান খিনি জ্ঞান আহৰণ কৰিব পাৰি সেয়া অন্য কোনো মাধ্যমৰ পৰা আহৰণ কৰিব নোৱাৰি। বাতৰি কাকত খনৰ পৰা এটা খবৰ পঢ়িবলৈ লোৱাৰ লগে লগে সেই খবৰটোত আমি বিভিন্ন অসমীয়া শব্দৰ ব্যৱহাৰ হোৱা দেখিবলৈ পাম। হয়তো তেনে কিছুমান শব্দৰ মাজৰ পৰা আমি এটা-দুটা হলেও নতুন শব্দ শিকিবলৈ সক্ষম হ’ও। অসমীয়া বাক্যৰ গাঁঠনি আৰু শব্দৰ গাঁথনিৰ বিষয়ে বহু জ্ঞান আহৰণ কৰিব পৰা যায়। ইয়াৰ ওপৰিও বাতৰি কাকত সমূহত এটা সম্পাদকীয় পৃষ্ঠা থাকে। যিটো পৃষ্ঠা আমি অন্য মাধ্যম লাভ নকৰোঁ। বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাটো এটা অতি গুৰুত্বপূৰ্ণ পৃষ্ঠা। এই পৃষ্ঠাটোৰ পৰা বিভিন্ন বিষয়ৰ ওপৰত আলোচনা ওপৰিও বিভিন্ন স্পৰ্শকাতৰ বিষয়ৰ ওপৰত এক সূক্ষ্ম পৰ্য্যালোচনা আমি পঢ়িবলৈ পাওঁ। বিভিন্ন ব্যক্তিৰ আলোচনা, পৰ্য্যালোচনা, সমালোচনা আদি লেখাৰে সমৃদ্ধ হৈ থাকে প্ৰতিখন বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাসমূহ। বাতৰি কাকত পঢ়াৰ আটাইতকৈ ডাঙৰ লাভটো হৈছে ইয়াৰ দ্বাৰা যিকোনো ব্যক্তিৰ একাগ্ৰতা যথেষ্ট বৃদ্ধি হয়।   নিয়মীয়াকৈ বাতৰি কাকত পৰা ব্যক্তি এগৰাকীৰ একাগ্ৰতা সেয়া কিন্তু অন্য মাধ্যমত নিজৰ সময় ব্যয় কৰা এগৰাকী ব্যক্তিৰ তুলনাত যথেষ্ট বেছি। যদি আমি নিয়মীয়াকৈ অলপ সময়ৰ বাবে হলেও বাতৰি কাকত পঢ়া অভ্যাস গঢ়ি তোলোঁ তেনেহলে এটা কথা নিশ্চিত যে আমাৰ যি একাগ্ৰতাৰ অভাৱ আমি প্ৰায়ে অনুভৱ কৰি আহো সেয়া কিছু পৰিমানে হলেও হ্ৰাস পাব। যিহেতু এতিয়া ডিজিটেল যুগ গতিকে এতিয়া মানুহৰ সময় বহুত কম সেইবাবে যিকোনোখন বাতৰি কাকত কেৱল ছপা মাধ্যমৰ ওপৰতে নিৰ্ভৰ নকৰি ডিজিটেল মাধ্যমৰ জৰিয়তেও যাতে গ্ৰাহকৰ মাজলৈ আগবাঢ়ি গলে নিশ্চিতভাৱে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাব। ইয়াৰ উপৰিও যিহেতু বাতৰি কাকত এখন ব্যৱসায়িক দিশটো আগত ৰাখিয়ে প্ৰকাশ কৰা হয় গতিকে বাতৰি কাকত খনৰ প্ৰতিটো পৃষ্ঠা যাতে গ্ৰাহক তথা পঢ়ুৱৈৰ বাবে মনোগ্ৰাহী হয় সেই ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। এখন কাকত ব্যৱসায়িক ভাৱে সফল হবলৈ হলে কি কি প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাব লাগিব সেই কথা সমূহ কাকত গোষ্ঠীৰ বিষয়ববীয়া সকলে পৰ্য্যালোচনা কৰিব লাগিব। প্ৰত্যাহ্বান অবিহনে কোনো এটা খণ্ড আগবাঢ়ি যাব নোৱাৰে গতিকে ইতিহাস সাক্ষী আছে যে প্ৰত্যাহ্বান নেওচি সময়ৰ লগত খোজ মিলাই যিটো খণ্ড আগবাঢ়ি যাবলৈ সক্ষম হৈছে সেইটো খণ্ডহে সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সমৰ্থ হৈছে। গতিকে বাতৰি কাকতৰ ক্ষেত্ৰতো ইয়াৰ কোনো ব্যতিক্ৰম নহয়।

                       দেবর্ষি গৌতম
গাঁও – বনগাঁও
ডাকঘৰ – বনগ্ৰাম
থানা – বেলশৰ
ডাক সূচাংক – ৭৮১৩০৩
জিলা –   নলবাৰী
দুৰাভাষ – ৬৯১৩৯ ৩০৮২৯

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version