Home সকলোঃ কবিতাঃ ফাগুন ♠ ইলামণি বুঢ়াগোহাঁই গগৈ

ফাগুন ♠ ইলামণি বুঢ়াগোহাঁই গগৈ

ফাগুন
———–
ৰিব্ ৰিব্ মলয়া বলা
ফাগুনৰ এটি নিৰ্জন দুপৰীয়া ।
খিটিৰ্ খিটিৰ্ মাকোৰ শৱদত
সপোনমতীয়ে ৰচিছে সপোন সৰগ ,
এশ এটা কাঠিৰ চানেকিত
তাই ঢালিছে বুকুৰ হেপাঁহ ।
বাঢ়িছে কেঁচা কলিজাৰ ধপধপনি ,
আপোনজনক বিহুৱান খনি
যচাৰ দুৰন্ত হেপাঁহত ।
আঐ দেহি —
তাইতকৈ বেছি কোনে বুজিব
আপোনজনৰ কাষৰ পৰা
আঁতৰি থকাৰ বিষাদৰ যন্ত্ৰণা
এইবেলি সপোনমতীয়ে
মন মেলিছে
তাইও এপাক ফুৰি আহিবগৈ
চহৰৰ পৰা ।
সেই আপাহতে
গৰকাৰ দপদপনিত
ঘনেকৈ লৰিছে
ভৰিৰ কলাফুল।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version