♦ জ্ঞান-বুদ্ধি সম্পন্ন, শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্য সন্মত, কাম কৰাৰ যোগ্যতাসম্পন্ন ব্যক্তিকেই মানৱ সম্পদ ৰূপে গণ্য কৰা হয়। এজন স্বাভাৱিক মানুহৰ শাৰীৰিক আৰু মানসিক সামর্থ্য অনুযায়ী শ্ৰমৰ ব্যৱহাৰিক উৎকর্ষ সাধন অবিহনে কোনো ব্যক্তি সম্পদলৈ পৰিৱৰ্ত্তন নহয়। অর্থাৎ এজন ব্যক্তি সম্পদলৈ ৰূপান্তৰ ঘটিবলৈ হ’লে শাৰীৰিক আৰু মানসিক দুয়োপ্ৰকাৰে যথোচিত বিকাশ হ’ব লাগিব । বিশ্ব বিশ্রুত পদার্থ বিজ্ঞানী এলৱাৰ্ট আইনষ্টাইনে কৈছিল ‘এজন সফল ব্যক্তি হ’বলৈ চেষ্টা কৰাটোৱেই যথেষ্ট নহয়, বৰঞ্চ এজন মুল্যবোধ সম্পন্ন মানুহ হোৱাৰ যত্ন কৰাহে যুগুত।’ মানসিক উৎকৰ্ষ সাধনৰ লগত মূল্যবোধৰ সম্পৰ্ক আছে। মনৰ উৎকৰ্ষ সাধনৰ সাৰুৱা ভূমিৰ পৰাই মূল্যবোধৰ দৰে চিন্তাৰ উদ্ৰেক হয়। উৎকৰ্ষ সাধনৰ ক্ষেত্ৰখন উৰ্ব্বৰা কৰি গঢ়ি তোলাটো অতি আৱশ্যক। উৰ্ব্বৰা কৰিবলৈ কিছু উপাদানৰ প্ৰয়োজন । এনে প্ৰক্ৰিয়াত সফলতা লাভ কৰাটোৱেই হৈছে সমাজৰ আত্মা । এই আত্মাই সমাজক এটা স্তৰৰ পৰা আন এটা স্তৰলৈ জীৱন্ত ৰূপত আগবঢ়াই নিয়ে। এনে সফলতাই সমাজক সঞ্জীৱনী শক্তি যোগায়। গতিশীল সমাজক শক্তি আৰু সামৰ্থ্য যোগান ধৰিবলৈ হ’লে মানুহৰ চিন্তা শক্তিৰ উৎকৰ্ষৰ সাধন হ’ব লাগিব। মানুহ জ্ঞান বুদ্ধি সম্পন্ন হ’ব লাগিব। মানুহ শাৰীৰিকভাৱে স্বাস্থ্যৱান হ’লেই নহ’ব, মানসিকভাৱেও স্বাস্থ্যৱান হ’ব লাগিব। কিন্তু দেখা যায় যে, মানুহে শাৰীৰিক স্বাস্থ্য অটুট ৰখাৰ বাবে যিমান যত্নপৰ হয় তাৰ তুলনাত মানসিক স্বাস্থ্য গঢ়ি তোলাৰ ক্ষেত্ৰত সিমান সচেতন নহয় । শাৰীৰিক পৰিপুষ্টি সাধনৰ বাবে যেনেদৰে কিছু উপাদানৰ প্ৰয়োজন ঠিক তেনেদৰে মানসিক স্বাস্থ্যৰ পৰিপুষ্টি সাধনৰ বাবেও কিছু উপাদানৰ আৱশ্যক। মানসিক স্বাস্থ্য গঢ় দিয়াৰ ক্ষেত্ৰত আৱশ্যকীয় তৎপৰতা নোহোৱাৰ বাবেই মানসিক বিকাৰগ্ৰস্ত মানুহৰ সংখ্যা বাঢ়িছে। সমাজত শাৰীৰিকভাৱে স্বাস্থ্যৱান, দেখনিয়াৰ বহু লোক আছে কিন্তু তাৰে বহু সংখ্যকেই হয়তু মানসিকভাৱে স্বাস্থ্যৱান নহয়। মানসিক বিকাৰগ্ৰস্ততাৰ বাবেই সমাজত নানা অপকৰ্ম আৰু দুষ্কৃতিৰ পয়োভৰ ঘটিছে। দুনীৰ্তি, ভ্ৰষ্টাচাৰ, লুণ্ঠন, ধর্ষণ, হত্যা আদি অপকৰ্ম কৰা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছে। এনে লোকক অজ্ঞানী, মুৰ্খ বুলি কোৱা হয়। প্ৰকৃততে, জ্ঞান অর্জনে মানসিক স্তৰত শক্তিৰ যোগান ধৰে। এই শক্তিয়েই মানসিক স্বাস্থ্যৰ গঢ় দিয়ে। জ্ঞান অৰ্জনৰ বাবে মানুহে মস্তিষ্কক সক্ৰিয় কৰি ৰখাটো আৱশ্যক, চিন্তা শক্তিকো জাগ্ৰত কৰি ৰাখিব লাগিব। এনে ক্ষেত্ৰত একাগ্ৰতাৰ প্ৰয়োজন। একাগ্ৰতাই মানুহৰ উদ্ভাৱনী শক্তিক উদ্দীপিত কৰে আৰু মানসিক আৰু শাৰীৰিক অৱস্থাক কর্মতৎপৰ কৰি তোলে। এগৰাকী প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক ডেল কার্নেগীয়ে কৈছে – ‘মগজুক নিষ্ক্রিয় কৰি ৰখাৰ অৰ্থই হ’ল নিজকে মানসিকভাৱে প্রতিবন্ধী কৰি তোলা।’ তেনেহ’লে মানুহৰ মগজুক সক্রিয় কৰি ৰখাৰ উপায় কি? কি ইন্ধনেৰে এনে সক্রিয়তাক গতিশীল কৰিব পাৰি?
আমি বিশ্বাস কৰোঁ — মানুহৰ মগজুক সক্ৰিয় আৰু কাৰ্যক্ষম কৰি ৰখাৰ বাবে সর্বোত্তম উপাদান হৈছে গ্রন্থ। এই গ্ৰন্থৰ অধ্যয়ন তথা গ্ৰন্থৰ অন্তভাগত থকা শব্দৰ অনুশীলনে মানুহৰ মন মগজুক সক্ৰিয় কৰে, উদ্ভাৱনী শক্তিক উদ্দীপিত কৰে, মানসিক আৰু শাৰীৰিক অৱস্থাৰ কৰ্মতৎপৰ কৰি তোলে। কিন্তু উদ্বেগৰ বিষয় যে, বর্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভাৱনীয় উত্তৰণে আনি দিয়া চমকপ্রদ কিছু উপাদানে গ্রন্থ অধ্যয়ন বা বৌদ্ধিক অনুশীলনৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলাইছে। শব্দৰ অনুশীলন এৰি মানুহে ভোগ আৰু বাসনাৰ পিছে পিছে দৌৰিবলৈ ধৰিছে। ভোগসর্বস্ব চিন্তাই মানুহক মোহাৱিষ্ট কৰিছে। প্ৰকৃততে মানুহৰ বাসনা আৰু বাস্তৱতাৰ মাজত বৃহৎ ব্যৱধান আছে কিন্তু এনে ব্যৱধান সম্পর্কে মানুহ অজ্ঞ হোৱাৰ বাবেই বাস্তৱৰ মুখামুখি হোৱাত ব্যৰ্থ হোৱা দেখা যায়। জীৱন আৰু জগত সম্পর্কে থকা অজ্ঞতাই মানুহক ব্যৰ্থতাৰ দিশলৈ নিয়ে ৷ ভোগৰ সকলো উপাদান আহৰণ কৰা বা উপভোগ কৰিব পৰাকেই সফলতা বুলি ক’ব নোৱাৰি। সামাজিক প্ৰমূল্যৰ ভেটিত লাভ কৰা সফলতাহে প্ৰকৃত সফলতা হয়। ব্যক্তি আৰু সমাজৰ বিকাশ দুয়োটাই পৰস্পৰ সম্পর্কিত। কোনো ব্যক্তিৰ বিকাশে সমাজৰ অনুকূলে প্ৰভাৱিত নহ’লে তেনে বিকাশৰ কোনো সামাজিক মূল্য নাই। সমাজৰ অনুকূলে মানুহৰ চিন্তাক পৰিচালিত কৰিব পাৰিলে চিন্তাজগতখন উৰ্ব্বৰা হৈ উঠে আৰু উৰ্ব্বৰা ক্ষেত্ৰৰ পৰা উৎপাদিত ফছল সদায় উৎকৃষ্ট হয়।
আজি আকৌ দোহাৰিছোঁ – চিন্তাৰ জগতখনত উৰ্ব্বৰা কৰিবলৈ গ্ৰন্থৰ প্ৰয়োজন। গ্ৰন্থ অধ্যয়ন আৰু অনুশীলনৰ প্ৰয়োজন। ইংৰাজ সাহিত্যিক ছেমুৱেল স্মাইলহে কৈছে – ‘এখন ভাল কিতাপ এজন শ্ৰেষ্ঠ বন্ধুসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰিব পাৰি।’ তেখেতে আকৌ কৈছে — ‘সাধাৰণতে এজন লোকে কি কিতাপ পঢ়ে আৰু তেওঁৰ লগ-ভাগ (সঙ্গ) কোন সেই কথা জানিলেই মানুহজন কেনেকুৱা প্ৰকৃতিৰ সেই কথা ধৰিব পাৰি। মানুহৰ লগৰ দৰে কিতাপৰ লগৰো কথাাছে। মানুহৰে হওক বা কিতাপৰে হওক, সদায় উত্তমৰহে সঙ্গ ল’ব লাগে।’ অর্থাৎ এজন ভাল বন্ধু বা এখন ভাল কিতাপে মানুহৰ জীৱনত সঠিক বাট দেখুৱাব পাৰে। সেয়ে জীৱন গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অতি
গুৰুত্বপূৰ্ণ আৰু অপৰিসীম। এই কথা উল্লেখ কৰা নিষ্প্রয়োজন যে, মানৱ সভ্যতাক কেৱল গ্ৰন্থ বা সাহিত্যইহে দিক্দৰ্শন দি আহিছে। গ্ৰন্থৰ বোকোছাতেই সভ্যতাই যুগ অতিক্ৰম কৰিছে। গ্ৰন্থই মানুহৰ জ্ঞান আৰু উপলব্ধিক এটা যুগৰ পৰা আন এটা যুগলৈ কঢ়িয়াই আনিছে। বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোঁহাইয়ে কৈছে- – “জ্ঞান, উপলব্ধি আৰু আন্তৰিক অনুৰাগে আন সমাজ আৰু সংস্কৃতিৰ প্ৰতি আমাক সহনশীল, শ্রদ্ধাভাজন আৰু অনুৰক্ত কৰি তোলে’ (সূর্যোদয়ৰ প্ৰতীক্ষা, গ্রন্থ, পৃষ্ঠা ২১৫)। গতিকে গ্ৰন্থৰ দ্বাৰা উপলব্ধ হোৱা জ্ঞান আৰু উলব্ধিয়েহে তেনে ইতিবাচক ফল দিয়ে। পণ্ডিত সকলে কয় — গ্রন্থবোৰত হেনো একোটা তামৰত্ন উপাদান থাকে। গ্ৰন্থৰ মাজেদি প্রকাশিত ভাল চিন্তা বা সমাজ হিতকৰ কথাবিলাক অথবা, সমাজক দিক্দর্শন দি থকা কথাবোৰ সময় সাপেক্ষ নহয়, ই যুগে যুগে প্রাসঙ্গিক ৷ প্রাচীন কালত কোনো লেখকৰ মনত অংকুৰিত হোৱা চিন্তাবোৰ সেইখিনি সময়ত যিমান প্রাসঙ্গিক আছিল, সেই একেই প্ৰমূল্যত আজিও প্রাসঙ্গিক হৈ আছে। প্লেটো, এৰিষ্ট’টল, চক্ৰেটিছ, দান্তে, ভার্জিল, হ’ৰেছ – এইসকলৰ চিন্তা আৰু দৰ্শন পুৰণি কালৰ দৰে আজিও প্ৰভাৱশালী। শেক্সপীয়েৰৰ সাহিত্য কালজয়ী। ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত আদি শাস্ত্ৰবোৰ সদায় জীৱন্ত হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজিৰ সামাজিক প্ৰভাৱ তুলনাবিহীন। লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা, ড° মামনি ৰয়ছম গোস্বামী — এইসকলৰ সাহিত্য সদায় সমুজ্জ্বল, এইবোৰ কাল সাপেক্ষে নহয়।
গুৰুত্বপূৰ্ণ কথা যে, মহান চিন্তাবিদ বা প্রখ্যাত সাহিত্যিকসকলে শব্দৰ মাধ্যমেদি প্ৰকাশ কৰা ভাৱ- অনুভূতিৰ জগতত সাধাৰণ পাঠকেও প্ৰৱেশ কৰিব পাৰে আৰু নিজৰ চিন্তা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত ইয়াক প্ৰয়োগ কৰিব পাৰে। গ্ৰন্থৰ জৰিয়তে উপলব্ধ হোৱা চিন্তাৰ খোৰাকে পাঠকৰ অন্তৰ উদ্দীপিত কৰে, আশা আৰু প্ৰেৰণা যোগায়। মানুহে সুখ-দুখ, আশা-নিৰাশা, সফলতা-বিফলতা এইবোৰ জুকিয়াই চাই ভৱিষ্যতৰ পথ নিদ্দের্শনা বিচাৰি ল’ব পাৰে। গ্ৰন্থই কেৱল ব্যক্তিৰ চিন্তা কৰ্মহে প্ৰভাৱিত নকৰে, একোটা জাতিৰ চৰিত্ৰ আৰু সভ্যতাও সলনি কৰি দিব পাৰে।
প্রনিধানযোগ্য যে, গ্ৰন্থৰ এনে যুগান্তকাৰী প্ৰভাৱৰ বিষয়ে আমি অৱগত হোৱা স্বত্বেও গ্ৰন্থৰ প্ৰতি আমাৰ অনীহা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অভাৱনীয় সফলতাই মানৱ সভ্যতাক এনে এক পর্যায়লৈ টানি নিছে যে ক্ষন্তেকীয়া ভোগ- সৰ্বস্ব চিন্তা-কৰ্মৰ মাজত মানুহক আৱদ্ধ কৰি পেলাইছে। ইলেকট্ৰনিক প্ৰচাৰ মাধ্যম বা প্রযুক্তিগত কৌশলে মানুহক এনেদৰে আচ্ছন্ন কৰিছে যিবোৰে মানুহৰ সমস্ত উদ্ভাৱনী শক্তিক প্রতিবন্ধী অৱস্থালৈ লৈ গৈছে। প্ৰচাৰ মাধ্যমৰ স্বত্তাধিকাৰী বহুজাতিক সংস্থাসমূহেও মানুহৰ ভোগ সৰ্বস্ব মানসিকতাক মূলধন কৰি তেওঁলোকৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ সুযোগ লৈছে। এইবোৰে মানুহৰ মগজুৰ অনুশীলন বা বৌদ্ধিক উত্তৰণত হেঙাৰ সৃষ্টি নকৰাকৈ থকা নাই। মনত ৰখা উচিত যে, কেৱল মনোৰঞ্জনেই মানুহৰ জীৱনত সঞ্জীৱনী শক্তিৰ একমাত্ৰ উপাদান নহয় ৷ গ্রন্থ বা সাহিত্য অধ্যয়নৰ মাজেদি পোৱা মানসিক পৰিতৃপ্তিয়ে জীৱন গঢ়াৰ ক্ষেত্ৰত আৱশ্যকীয় উপাদান হিচাপে ভূমিকা ল’ব পাৰে ।
বৰ্তমানৰ প্ৰত্যাহ্বান আৰু প্ৰতিযোগিতা যুগত ব্যস্ততাপূৰ্ণ জীৱন আৰু জীৱিকাই মানুহক ব্যক্তিকেন্দ্ৰিকতাৰ মাজত আৱদ্ধ কৰিছে। ব্যক্তিৰ জীৱন আৰু জীৱিকা, সুখ-স্বাচ্ছন্দ্য, ঐশ্বর্য-বিভূতি এইবোৰ সমাজবদ্ধ পৰিক্ৰমাত আৱশ্যকীয় উপাদান হ’লেও তেনে বিকাশ সামাজিক স্বাৰ্থৰ অনুকূলেহে প্রাসঙ্গিক। মানুহে স্বাৰ্থপৰ আচৰণেৰে ভোগ বিলাস, বিষয়-বাসনা, ধন-সম্পদ — এইবোৰৰ পিছে পিছে দৌৰিলেও মানৱীয় প্ৰমূল্য অবিহনে এইবোৰৰ সামাজিক স্থিতি নাই। এনে
প্ৰমূল্যৰ সাৰুৱা পৃষ্ঠভূমিয়েই হৈছে গ্ৰন্থজগত। অধ্যয়নে যেনেকৈ মানুহৰ বুদ্ধিৰ বিকাশ ঘটায়, তেনেদৰে কৰ্মময় জীৱনৰ অগ্ৰগতিৰ সন্ধান পাবলৈকো উদ্গনি যোগায়, অজ্ঞানতাৰ দুৱাৰ ফালি পোহৰৰ সন্ধান পাবলৈ সমৰ্থ হয়। গ্রন্থ অধ্যয়নৰ ক্ষেত্ৰত ইংৰাজ সাহিত্যিক Francis Bacon ৰ এষাৰ কথা সদায় প্রনিধানযোগ্য। তেখেতে কৈছে — ‘Some books are to be tested, others to be swallowed and some few to be chewed and digested.’ অর্থাৎ কিছুমান কিতাপৰ জুতি ল’ব লাগে, আন কিছুমান গিলিব লাগে আৰু আন কিছুমান চোবাই হজম কৰিব লাগে। অর্থাৎ সকলো কিতাপেই একে মানদণ্ডৰ নহয় আৰু সেই অনুসৰি অধ্যয়ন কৰিব লাগে। আন এটা কথাও মনত ৰখা দৰকাৰ — ‘Literacy is not the test of wisdom’ অর্থাৎ লেখা-পঢ়া জনাটোৱেই জ্ঞানৰ প্রমাণ নহয় ৷