সংস্কৃতি এটা জাতিৰ আয়ুস ৰেখা। সাহিত্যৰ লেখিয়াকৈ সংস্কৃতিও এটা জাতিৰ পৰিচয় আৰু দাপোনস্বৰূপ। নিজস্ব সুস্থ সংস্কৃতিবিহীন কোনো জাতিক অইন জাতিয়ে উপযুক্ত স্বীকৃতি আৰু সন্মান নিদিয়ে। নিজৰ সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ আৰু উত্তৰণৰ বাবে চেষ্টা কৰাটো প্ৰাণৱন্ত জাতি এটাৰ পৰিচয় আৰু সেয়া সচেতন জাতি এটাৰ সামাজিক দায়িত্ব। সংস্কৃতি এটা বহ্নিমান বিষয় যাদেও জাতীয় ঐতিহ্য, পৰম্পৰাগত বিশ্বাস, জাতীয় চৰিত্ৰ, নৈতিক প্ৰমূল্যবোধ, আচাৰ-নীতি, সম্প্ৰীতি আদি দিশৰ প্ৰতি চোকা দৃষ্টি ৰাখাটো প্রয়োজন।
দৈনন্দিন জীৱন যাত্ৰাৰ বিভিন্ন সমস্যাৰ উপৰিও আমাৰ ৰাজ্যখনৰ জাতীয় সমস্যা অলেখ ৷ আমি আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে দশক দশক জুৰি সংগ্ৰাম-বিপ্লৱ কৰি আহিছোঁ৷ বিশেষকৈ আমাৰ ভাষা-সাহিত্যৰ স্থায়িত্ব আৰু সংস্কৃতিৰ স্বকীয়তা নিশ্চিত কৰি অসমীয়া জাতিৰ স্বাভিমানী সত্তা বজাই ৰাখিবলৈ আমি অহৰ্নিশে যুদ্ধ কৰি থাকিবলগীয়া হৈছে। বৃহত্তৰ অসমীয়া জাতি হিচাপে বিশ্বদৰবাৰত আমাৰ স্থিতি মজবুত কৰিবলৈ আমি যিদৰে চেষ্টা অব্যাহত ৰাখিছোঁ ঠিক তেনেদৰে অসমৰ প্ৰতিটো সৰু-বৰ জাতি-জনজাতিয়ে নিজৰ নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰা আদিৰ বিকাশ তথা সংৰক্ষণৰ যোগেদি নিজৰ নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। আত্মনিয়ন্ত্ৰণৰ প্ৰয়োজন তথা অধিকাৰ সম্বন্ধে আজি সকলো জনগোষ্ঠীয়েই সচেতন। অসমৰ প্ৰতিটো জাতি-উপজাতিৰ ভাষা-সাহিত্য, ধর্মীয় বিশ্বাস, পৰম্পৰা, সংস্কৃতি আদি সকলোবোৰ আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদ। ভিন্নতা যিদৰে ভাৰতৰ আকৰ্ষণীয় বৈশিষ্ট্য, সেইদৰে ভিন্নতা আমাৰ অসমৰো অমূল্য সম্পদ। ভিন্ন সংস্কৃতিৰ মিলনভূমি অসমৰ সামগ্রিক সাংস্কৃতিক জগতখনৰ উন্নয়নৰ বাবে আমি আমাৰ ভাতৃ-ভগ্নী তুল্য প্ৰতিটো জনগোষ্ঠীৰ প্ৰতি আকৃষ্ট হৈ সেইসকলৰ সাংস্কৃতিক উত্তৰণৰ বাবে সহযোগিতা আগবঢ়াই যোৱাটো প্ৰতিগৰাকী চিন্তাশীল ব্যক্তিৰ কৰ্তব্য।
আমাৰ সৈতে যুগ যুগ ধৰি সহবাস কৰি থকা লোকসকলৰ সংস্কৃতিৰ চৰ্চা আৰু বিকাশ কৰি সেইবোৰৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে সকলোৱে উদ্যোগ লোৱা উচিত। সৰহসংখ্যক লোকসংস্কৃতিৰ সৈতে কিছুমান অন্ধবিশ্বাস, পুৰণিকলীয়া ৰীতি-নীতি বিজড়িত হৈ থাকে। সময়ৰ অগ্ৰগতি আৰু শিক্ষা তথা চেতনাৰ বিকাশৰ সৈতে তেনে কিছুমান সংস্কৃতিয়ে সংঘাতৰ সন্মুখীন হৈ ভাৰসাম্য হেৰুৱাই পেলায়। সেই সংস্কৃতিসমূহৰ সামাজিক গ্রহণযোগ্যতা সৃষ্টি কৰিবলৈ মূল চৰিত্ৰ বা বৈশিষ্ট্য বিকৃত নকৰাকৈ প্ৰয়োজনীয় সংস্কাৰ-সংশোধন কৰাৰ বাবে অধ্যয়ন, বিশ্লেষণ, গৱেষণাৰ আৱশ্যক। আমাৰ সংস্কৃতি বা লোকসংস্কৃতিৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰিবলৈ হ’লে কিছু পৰিমাণে পৰিৱৰ্তন অনাটো অপৰিহাৰ্য ৷ আমাৰ বাপতিসাহোন বিহু নাচ বা সত্ৰীয়া নৃত্যক যিদৰে সৰ্বসন্মতিক্রমে পৰিশোধন কৰি আজিৰ উন্নত পৰ্যায়লৈ অনা হৈছে আৰু বিশ্ববাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আন আন জনগোষ্ঠীয় সংস্কৃতিসমূহৰো উত্তৰণৰ বাবে আমি সমূহীয়াভাৱে কাম কৰি যাব লাগিব। তেনে কৰিবলৈ সক্ষম হ’লে আমাৰ জাতীয় সংহতি বৃদ্ধি পোৱাৰ লগতে সংস্কৃতিৰ ভেটি মজবুত হ’ব। যিকোনো এটা জাতি-উপজাতিৰ কোনো সাংস্কৃতিক উপকৰণ বা সম্পদৰ বিলোপ হোৱাটো এক সামূহিক ক্ষতি, সেই সত্যটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। আমাৰ বাৰেৰহণীয়া সংস্কৃতিৰ চৰ্চা, সময়োচিত সংস্কাৰ-পৰিশোধন, প্ৰচাৰ-প্ৰসাৰ, বহন তথা ৰক্ষণাবেক্ষণ প্ৰতিগৰাকী জাতীয় চেতনাসম্পন্ন ব্যক্তিৰ দায়িত্ব। সৰু সৰু উপজাতিসমূহে তেওঁলোকৰ স্বকীয় অস্তিত্বৰ সুৰক্ষা সম্বন্ধে বৃহৎ জাতিসমূহৰ পৰা আশ্বাস পাব লাগিব আৰু তেওঁলোকৰ সংস্কৃতিক বৃহৎ জাতিসমূহে নিজৰ সংস্কৃতি হিছাপে স্বীকৃতি তথা সন্মান দি বৃহৎ অসমীয়া সংস্কৃতিৰ ভেটি সুস্থিৰ কৰাৰ প্রয়োজনীয়তা হৃদয়ঙ্গম কৰিব পাৰিব লাগিব। আমি যিদৰে ভাৰতৰ আন আন ভাষা-সংস্কৃতিৰ আগ্ৰাসন মানি ল’বলৈ অপ্রস্তুত ঠিক তেনেদৰে অসমৰ সৰু সৰু উপজাতিসমূহো নিজৰ অস্তিত্ব সম্বন্ধে অসুৰক্ষিত অনুভৱ কৰা আৰু ভীতিগ্ৰস্ত হোৱাটো তেনেই স্বাভাৱিক।
জাতীয় চেতনাসম্পন্ন কিছুমান লোকে ভাৰতৰ বা বিশ্বৰ কিছুমান সংস্কৃতিৰ আমাৰ সমাজত গ্রহণযোগ্যতা সম্বন্ধে প্রশ্ন উত্থাপন কৰি আহিছে। নিশ্চিত ভাৱে এয়া এক উপযুক্ত চিন্তা আৰু গভীৰ জাতীয় প্ৰেমৰ পৰিচায়ক। আমাৰ নিজৰেই ইমানবোৰ আকৰ্ষণীয় আৰু মহান পৰম্পৰা তথা সংস্কৃতি আছে, তেনেস্থলত বাহিৰা সংস্কৃতিৰ আমদানি কৰাৰ প্ৰয়োজন কি? আমাৰ সমাজত এই সংস্কৃতিসমূহৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ কেনে হ’ব? বাহিৰা সংস্কৃতিৰ গ্ৰহণযোগ্যতা, আমাৰ সংস্কৃতিৰ ওপৰত সেইবোৰৰ অনাকাংখিত কু- প্ৰভাৱ, আমাৰ মূল্যবোধ আৰু সামাজিক গাঁঠনিত সেইবোৰৰ দীৰ্ঘকালীন প্রভাৱ আদি যুক্তিযুক্ত আৰু সময়োচিত চিন্তাই এইসকল চিন্তাশীল ব্যক্তিৰ মনত এক সংশয়ৰ জন্ম দি আহিছে। ভেলেন্টাইন দে’, বন্ধু দিৱস, নাৰী দিৱস, মাতৃ দিৱস, পিতৃ দিৱস, ব’ল ব’ম, শঠ পূজা, ৰাখী বন্ধন ইত্যাদি এনে কিছুমান সংস্কৃতিৰ উদাহৰণ
মানুহ সমাজ প্রিয় প্রাণী। সমাজ পাতি বসবাস কৰাৰ সুফল সম্বন্ধে মানুহৰ ধাৰণা সুস্পষ্ট। সমাজক ভাল পোৱাৰ বাবে আৰু সমাজৰ প্ৰতি থকা আনুগত্যৰ বাবে মানুহ সংস্কৃতিৰ পূজাৰী। সংস্কৃতি অবিহনে সমাজ স্পন্দনহীন আৰু নিষ্প্রভ হৈ পৰিব । সেয়ে উৎসৱ বা সংস্কৃতিৰ উদযাপন মানুহৰ জীৱনৰ বাবে অতি প্রয়োজনীয়। উৎসৱ উদযাপনে মন আৰু শৰীৰক সুখ অনুভৱ কৰায় আৰু সুনিয়ন্ত্ৰিত তথা সুস্থ সামূহিক জীৱন যাপনৰ বাবে উৎসাহিত কৰে। জীৱন উপভোগ কৰাটো মানৱীয় জীৱনৰ এটা প্ৰধান উদ্দেশ্য। উৎসৱ তথা সংস্কৃতিসমূহৰ জড়িয়তে মানুহৰ জীৱন উপভোগ কৰাৰ উদ্দেশ্যে সফল হয়। উৎসৱ সমূহে পৰিয়ালৰ সদস্যসকলৰ মাজত আত্মীয়তা সুদৃঢ় কৰে ৷ পৰিয়াল-পৰিয়ালৰ মাজত সদ্ভাৱ আৰু সংহতি স্থাপন কৰি বন্ধুত্বপূৰ্ণ সম্পর্ক বজাই ৰখাত সংস্কৃতিৰ গুৰুত্ব উল্লেখনীয়। সমাজত শান্তি আৰু ভাতৃত্ববোধ ৰক্ষা কৰাৰ ক্ষেত্ৰতো পৰম্পৰাগত উৎসৱসমূহে স্মৰণীয় বৰঙণি আগবঢ়াই আহিছে। এইকথা অনস্বীকাৰ্য্য যে কিছুমান সংস্কৃতি আমাৰ পৰম্পৰা বা বিশ্বাসৰ পৰিপন্থী। সমাজ তথা ঠাই ভেদে মানুহৰ বিচাৰ- বিবেচনা, ৰুচিবোধ, সামাজিক প্ৰমূল্যবোধ, সামাজিক অনুশাসন, ৰীতি-নীতি, শ্লীল-অশ্লীলৰ সংজ্ঞা, ধর্মীয় নীতি-নির্দেশনা আদিও ভিন্ন। তদুপৰি শিক্ষা, যুক্তিযুক্ত চিন্তা, বীজ্ঞানমনষ্কতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিষয়ো সংস্কৃতিৰ উপযোগিতা বিচাৰৰ মাপকাঠি হৈ পৰে। যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক পৰিৱেশৰ বিৰাট পৰিবৰ্তন সংঘটিত হৈ আহিছে। বিশেষকৈ প্ৰতিটো ধৰ্মৰ লোকে নিজ নিজ ধৰ্মৰ ধৰ্মীয় উৎসৱসমূহ উদযাপনৰ বাবে তুলনামূলক ভাবে অধিক আগ্ৰহী আৰু সংগঠিত হৈ উঠিছে। ধর্মীয় উন্মাদনা বৃদ্ধি পাইছে আৰু অইন ধৰ্মাৱলম্বী লোকৰ প্ৰতি আক্রোশমূলক ভাৱে উৎসৱ উদযাপনৰ মানসিকতা গঢ়ি উঠিছে। ধৰ্মীয় উৎসৱসমূহ মূল উদ্দেশ্যৰ পৰা আঁতৰি আহি অত্যাধিক প্ৰদৰ্শনমূলক হৈ পৰিছে। ৰাজনৈতিক দলসমূহে নির্বাচনী অংকক প্রাধান্য দি সংখ্যালঘু তথা সংখ্যাগুৰু উভয়কে সন্তুষ্ট কৰিবলৈ এনে উৎসৱসমূহক বিভিন্ন সা-সুবিধা আৰু অনুদান প্ৰদানৰ যোগেদি উৎসাহিত কৰি আহিছে। আনকি অসমৰ স্থানীয় সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা উৎসৱৰ বাবে ৰাজ্যিক বন্ধৰ দিন ঘোষণা কৰাটোও পৰিলক্ষিত হৈছে। আমাৰ স্বকীয় সংস্কৃতিৰ সৈতে সম্বন্ধ নথকা বা সামঞ্জস্য নথকা এই উৎসৱসমূহে আমাৰ শান্তি প্রিয় সাংস্কৃতিক আন্দোলনক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
ইতিমধ্যে ধর্মীয় সংহতি বিনষ্ট হোৱাৰ উপক্ৰম হৈ পৰিছে, যিটো বিদ্বৎ মহলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। অসমৰ সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল উদাৰতা আৰু বৈষম্যহীনতা। শ্ৰেণীভিত্তিক, জাতিভিত্তিক, ধর্মভিত্তিক, ভাষাভিত্তিক বা লিংগভিত্তিক বৈষম্য আমাৰ মহান অসমীয়া সংস্কৃতিৰ তথা পৰম্পৰাৰ পৰিপন্থী। তুলনামূলকভাৱে অতি কম বৈষম্যমূলক সামাজিক পৰিৱেশ আমাৰ গৌৰৱৰ অমল সমল। বাহিৰা সংস্কৃতিৰ আমদানি হোৱাৰ লগে লগে আমাৰ ৰাজ্যখনৰ মহান সাংস্কৃতিক পৰম্পৰা বিজতৰীয়া তথা কলুষিত হ’বলৈ লৈছে আৰু ই জাতিটোৰ বাবে দূর্ভাগ্যজনক বুলি চিহ্নিত হৈছে।
কোনো এটা সংস্কৃতি যদি আমাৰ পৰম্পৰাগত বিশ্বাসৰ পৰিপন্থী নহয় বা আমাৰ সাংস্কৃতিক চিন্তা-চৰ্চা বা ধাৰাক বিকৃত কৰাৰ সম্ভাৱনা নাথাকে তেন্তে তেনে সংস্কৃতিক আঁকোৱালি লোৱাত আপত্তি থাকিব নালাগে। উদাহৰণ স্বৰূপে, ‘ৰাখী বন্ধন’ আমাৰ অসমীয়া সমাজৰ সংস্কৃতি নহয়। বহুতে অসমীয়াৰ দ্বাৰা ৰাখী বন্ধন উদযাপন সম্বন্ধে নেতিবাচক মন্তব্য আগবঢ়াই আহিছে। গভীৰভাবে বিষয়টো বিশ্লেষণ কৰিলে বুজা যায় যে ‘ৰাখী বন্ধন’ এক পবিত্ৰ উৎসৱ। ভাৰতীয় সনাতনী সংস্কৃতিৰ এক অতি আকর্ষণীয় অংগ হ’ল ‘ৰাখী বন্ধন’ যাৰ উল্লেখ হিন্দু ধৰ্মৰ বিভিন্ন কাব্য-মহাকাব্য আখ্যানবোৰত পোৱা যায়। ভাৰতৰ অংগৰাজ্য হোৱাৰ উপৰিও আমাৰ অসমৰ মূল সংস্কৃতি ভাৰতীয় সনাতনী সংস্কৃতিৰো অংশ । সমাজলৈ শান্তি, সদ্ভাৱ আৰু সংহতিৰ বার্তা বহন কৰা তেনে সনাতনী সংস্কৃতি যেনে দীপান্বিতা, ফাকুৱা, জন্মাষ্টমী আদি উৎসৱ প্ৰায় সকলোৱে আন্তৰিকতাৰে আদৰি লৈ অতীজৰে পৰা উদযাপন কৰি আহিছে। ‘ৰাখী বন্ধন’উৎসৱৰ উদ্দেশ্যও অতিশয় স্পৰ্শকাতৰ আৰু মহৎ । ভাতৃ-ভগ্নীৰ আন্তৰিক সম্পৰ্কৰ্ক ৰাখী বন্ধনে যথেষ্ট আবেগপ্রবণ কৰি তোলে ৷ ভাৰতীয় সমাজ ব্যৱস্থাত ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ্ক পবিত্র আৰু দায়িত্বপূৰ্ণ বুলি জ্ঞান কৰা হয় আৰু অসমীয়া সমাজতো সেই একেই মর্মস্পর্শী স্থিতি পৰিলক্ষিত হৈ আহিছে। ৰাখী বন্ধনে ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ পবিত্ৰতা আৰু দায়বদ্ধতাক দোহাৰি আহিছে। আজিকালি এই উৎসৱ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত জনপ্ৰিয় হৈ পৰিছে। জাতি, বর্ণ, ভাষা আৰু ধৰ্মৰ লগতে ভৌগোলিক সীমাৰ ব্যৱধানকো নেওচি ৰাখী বন্ধনে বিস্তাৰ লাভ কৰিছে। ৰাখী বন্ধনৰ অন্তৰ্নিহিত মহত্বৰ প্ৰচাৰ সময়ৰ লগে লগে বেছি প্ৰাসংগিক হৈ পৰিছে।
মানুহৰ বৌদ্ধিক সাম্ৰাজ্যবাদী আগ্রাসন, যুদ্ধৰ বিভীষিকাময়ী উত্তৰণত গ্ৰহ অধ্যয়নৰ পৰিণাম, বর্ধিত হিংসা-বিদ্বেষ, অসহিষ্ণুতা, নৈতিক স্খলন, ভোগবাদ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ সমাজে উপায়ৰ সন্ধান কৰি আছে। ৰাখী বন্ধন, নাৰী দিৱস, মাতৃ দিৱস, পিতৃ দিৱস, বন্ধু দিৱস, ভেলেন্টাইন দে আদি সংস্কৃতিৰ মুখ্য উদ্দেশ্য হক্সল সমাজত প্ৰেমৰ বাৰ্তা বিয়পাই মানৱীয় অনুভূতিৰ উদ্ৰেক ঘটোৱা তথা মানৱীয় গুণসমূহৰ প্ৰচাৰ-প্ৰসাৰ কৰা আৰু সকলো ষড়যন্ত্ৰ বিনাশ কৰি সকলোৱে শান্তি-সম্প্ৰীতিৰে সহবাস কৰা । সংস্কৃতিৰ পূজাই মানুহৰ অন্তৰবোৰ স্বচ্ছ আৰু নিৰ্মল- কোমল কৰি তোলে যিয়ে দানৱীয় শক্তিক পৰাভূত কৰাৰ বাবে সাহস আৰু শক্তি যোগাই সমগ্ৰ জগতখন মানুহৰ বাসোপযোগীকৈ গঢ়ি তোলে, সংস্কৃতিসমূহত জীৱন দর্শন, আধ্যাত্মিক চিন্তা-চৰ্চা, ঈশ্বৰ তথা মোক্ষ প্রাপ্তিৰ মার্গ দর্শন, কলা, সামাজিক চিত্ৰ আদিৰ শৈল্পিক উপস্থাপন হয়। সংস্কৃতিয়ে সত্য আৰু সুন্দৰৰ গুণানুকীৰ্তন কৰে। উদ্দেশ্য মহৎ হোৱা বাবে সকলো অভাৱ-অভিযোগ আৰু বিভেদ পাহৰি সৰ্বস্তৰৰ জনগণে সংস্কৃতিসমূহত আন্তৰিকতাৰে অংশগ্ৰহণ কৰে।