অতীত হল শতিকা পুৰণি সংসদ ভৱন 🖋️দেবর্ষি গৌতম

■ ১৯-০৯-২০২৩ তাৰিখে পুৰণি সংসদ ভৱনৰ পৰা সকলো সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে প্ৰস্থান কৰি নৱনির্মিত সংসদ ভৱনত প্ৰৱেশ কৰি প্ৰথম খন অধিবেশনত অংশ গ্ৰহণ কৰাৰ লগে লগে অতীত হৈ পৰে দেশৰ প্ৰায় এশ বছৰীয়া সংসদ ভৱনটো। দেশৰ ইতিহাসৰ বহুতো সৰু ডাঙৰ ঘটনা-পৰিঘটনাৰ জ্বলন্ত সাক্ষী এই পুৰণি সংসদ ভৱনটো। এই পুৰণি সংসদ ভৱনটোৰ ব্ৰিটিছৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল ১৯২১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে। এই সংসদ ভৱনটো নিৰ্মান কৰি উলিয়াবলৈ প্ৰায় ৬ বছৰ সময়ৰ প্ৰয়োজন হৈছিল।

১৯২৭ চনৰ ১৮ জানুৱাৰী তাৰিখে পুৰণি সংসদ ভৱনটোৰ নির্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। এই পুৰণি সংসদ ভৱনটো ব্ৰিটিছে কাউন্সিল হাউচ হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল। সেই সময়ত এই সংসদ ভৱনটো নিৰ্মান সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল প্রায় ৮৩ লাখ টকাৰ। বৰ্তমান চর্চাৰ শিৰোনামত থকা নতুন সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হোৱাৰ লগতে প্ৰায় ৮০০ কোটিৰো অধিক টকা ব্যয় কৰিবলগীয়া হৈছে। পুৰণি সংসদ ভৱনটোত লোকসভা সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ৫৫২ খন কিন্তু নৱনির্মিত সংসদ ভৱনটোত লোকসভা সাংসদ সকলৰ বহিবলৈ প্ৰায় ৮৮৮ খন আসনৰ ব্যৱস্থা আছে।

আনহাতে পুৰণি সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ২৫০ খন কিন্তু নৱনির্মিত সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকলৰ বহিবলৈ প্ৰায় ৩৮৪ খন আসনৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে যদি লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল একেলগে বহিবা লগীয়া হয় তেনেহলে নতুন সংসদ ভৱনটোত ইয়াৰ বাবে ১২৮০ খন আসন আছে। নতুন সংসদ ভৱনটো ভৱিষ্যৰ কিছু দিশ আগত ৰাখি নিৰ্মান কৰা হৈছে। দেশৰ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ সকলো স্থানান্তৰিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীযে ঘোষণা কৰে যে পুৰণি সংসদ ভৱনটোক এতিয়াৰে পুৰণি সংসদ ভৱনৰ সলনি জনা যাব সংবিধান ভৱন হিচাপে। এই পুৰণি সংসদ ভনৱৰ পৰা প্ৰস্থান কৰাৰ সময়ত শাসক-বিৰোধী সকলো সংসদ একত্ৰিত হৈ এক সমূহীয়া আলোচিত লোৱা পৰ্ব অনুষ্ঠিত কৰা হয়। ন-পুৰণি সংসদ সকলৰ বহু স্মৃতি বিজড়িত হৈ থকা এই পুৰণি সংসদ ভৱনৰ পৰা ওলাই যোৱাৰ সময়ত সকলোৰে মাজত এক আবেগিক পৰিবেশৰ সৃষ্টি হয়। ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম কৰি দেশৰ হৈ নিজৰ প্ৰাণ আত্মবলিদান দিয়া ভগৎ সিঙে সেই পুৰণি সংসদ ভৱনতে বোমা বিস্ফোৰণ ঘটাই ব্ৰিটিছক এক প্ৰকাৰ কঁপাই তুলিছিল। ইয়াৰ উপৰিও সংসদ ভৱনৰ ওপৰত চলিছিল সন্ত্ৰসবাদী আক্ৰমণ। এই সন্ত্ৰসবাদী আক্ৰমণ শ্বহীদ হৈছে দেশৰ বহু কেইগৰাকী বীৰ জোৱান। এনেধৰণৰ আৰু বহুতো সৰু ডাঙৰ ঘটনা-পৰিঘটনা এতিয়া পুৰণি সংসদ ভৱনৰ সৈতে অতীত হবলৈ গৈ গল। এই পুৰণি সংসদ ভৱনতে দেশৰ সাংসদ সকলক সম্বোধন কৰিছিল বহু কেইগৰাকী জনপ্ৰিয় আৰু শক্তিশালী বুলি বিশ্বত চিনাকি থকা বিশ্বনেতাই। স্বাধীনতাৰ পূৰ্বৰ আৰু দেশে স্বাধীনতা লাভ কৰা ৭৭ বছৰৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব পুৰণি সংসদ ভৱনৰ নাম আৰু সৰু-বৰ প্ৰতিটো ঘটনা-পৰিঘটনা। এই পুৰণি সংসদ ভৱনক আওকান কৰি কেতিয়াও দেশৰ ৰাজনৈতিক ইতিহাস সম্পূৰ্ণ হব নোৱাৰে। দেশে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰথম স্বাধীন ভাৰতৰ সংসদৰ অধিবেন এই ভাৱনটোতে অনুষ্ঠিত হৈছিল। ভাৰতীয় ৰাজনীতিৰ বহুতো উত্থান-পতনৰো সাক্ষী এই পুৰণি সংসদ ভৱনটো। দেশৰ প্ৰতিগৰাকী লোক দেশৰ নতুন সংসদ ভৱনকলৈ অতি আশাবাদী। দেশবাসীয়ে আশা কৰিব যাতে এই নতুন সংসদ ভৱনৰ পৰাই আৰম্ভ হওক দেশৰ এক নতুন উৰ্ধমুখী যাত্ৰা। যি যাত্ৰাই আৰম্ভ কৰিব দেশত এক মূল্যবোধৰ ৰাজনৈতিক পৰিক্ৰমা, জাগ্ৰত কৰিব জনপ্ৰতিনিধি হিচাপে এগৰাকী সংসদৰ জনতাৰ বাবে থাকিবলগীয়া দায়বদ্ধতাক। দেশবাসীৰ সকলো আশা আৰু প্ৰত্যাশাৰ ওপৰত কিমান বিশ্বাসী হৈ থিয় হব পাৰে দেশৰ প্ৰতিগৰাকী জনপ্ৰতিনিধি সেইয়া সময়ে নিৰ্ধাৰণ কৰিব। দেশৰ গণতন্ত্ৰৰ মন্দিৰৰূপে স্বীকৃতি লাভ কৰা সংসদ ভৱনৰ ওপৰত দেশৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ দৃষ্টি নিবদ্ধ থাকিব।

দেবর্ষি গৌতম
গাঁও – বনগাঁও, ৭৮১৩, নলবাৰী-৭৮১৩০৩
দুৰাভাষ – ৬৯১৩৯ ৩০৮২৯

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version