♦ দিলীপ তাঁতী
নাৰী সমাজ ধৰিত্ৰী স্বৰূপা নাৰী হ’ল সৃষ্টিৰ প্রতীক। নাৰীৰ অবিহনে মনুষ্যৰ জন্ম আৰু বিকাশ ঘটিব নোৱাৰে। নাৰীৰ গৰ্ভতেই জন্ম লোৱা একোজন দেশৰ কৰ্ণধাৰ, মহাপুৰুষ, বীৰপুৰুষ, জ্ঞানী পুৰুষৰ মহত্বই কঢ়িয়াই আনে এখন দেশৰ জাতীয় চেতনা, মহান গৌৰৱ । নাৰীৰ মহান ত্যাগ, সতীত্ব, বীৰাঙ্গনাই চিনাকি দিয়ে দেশখনৰ ভৱিষ্যতৰ এক উন্নত পন্থাৰ। এনে নিদৰ্শন পৃথিৱীৰ ইতিহাসে আজিও সোঁৱৰাই দিয়ে সতী জয়মতী, মূলাগাভৰু, কনকলতা, পণ্ডিতা ৰমাবাই, লক্ষ্মীবাই, অমৃত প্রভা, মাদাৰ টেৰেছা, আদি সতী, ত্যাগী, বীৰাঙ্গনা তথা মানৱ সেৱিকা নাৰীসকলৰ কৰ্তব্যৰ ভূমিকাই ভাৰতীয় নাৰী জাতিৰ এক জলন্ত উদাহৰণ। এওঁলোকেই নাৰী জাতিৰ গৌৰৱৰ ৰত্ন। নাৰীৰ মানসিকতাৰ জীৱন্ত প্ৰতীক আৰু উৎসাহ উদ্দীপনাৰ থল। সমাজত নাৰীয়ে লাভ কৰা অধিকাৰ বা মৰ্য্যদাৰ ওপৰতে নিৰ্ভৰ কৰে সেই দেশৰ ৰাষ্ট্ৰীয় জীৱন ধাৰাৰ মাপ কাঠি অথবা প্রগতি। আজি বিজ্ঞানৰ উচ্চ শিখৰত উঠা এখন সভ্য সমাজত এতিয়াও নাৰী জাতি অসন্মানিত হোৱাটো চৰম লজ্জাৰ বিষয়৷ নাৰীৰ প্ৰতি কৰা অশালীন ব্যৱহাৰ আৰু অত্যাচাৰে নাৰীক যে বহু ক্ষেত্ৰত অস্থায়ী সম্পত্তিৰ দৰে হেয় জ্ঞান কৰা হৈছে, তাকেই নুসূচাইনে বাৰু ? মানৱ সমাজত নাৰীৰ অৱদান ইমান উচ্চাসনত থকা স্বত্বেও আজি নাৰী অৱজ্ঞা আৰু অসন্মানিতা তথা সমাজৰ সকলো ক্ষেত্ৰত মুক্ত ভাৱে বিচৰণ কৰাৰ প্ৰৱল বাধাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ প্ৰধান অন্তৰায় হৈছে –নাৰীৰ প্ৰতি অৱহেলা । কিন্তু আজিৰ নাৰীক, পুৰুষৰ সমান অগ্ৰাধিকাৰ দি সমাজ, দেশ আৰু জাতিৰ উন্নতিৰ বাবে চিন্তা কৰাৰ অতীৱ প্ৰয়োজন। সেয়েহে দেশৰ চুকে- কোণে গড়ি উঠিছে নাৰী মুক্তি আন্দোলন । বিভিন্ন নাৰী সংগঠন। নাৰীক লাগে আজি সম অধিকাৰ ৷ পুৰুষ আৰু নাৰীৰ মাজত কোনো পার্থক্য নাই। তর্জুৰ নিৰ্দেশমতে দুয়ো সমান। এজনৰ অবিহনে সকলো অসাৰ ৷ স্পন্দনহীন এটা দেহ। সৃষ্টি শূন্য। সমগ্ৰ বিশ্বতে নাৰী মুক্তি আন্দোলনৰ পটভূমিত ১৯৭৫ চনটো আন্তর্জাতিক মহিলা বর্ষ হিচাবে মহাপ্ৰয়োভৰে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা এই বর্ষ উপলক্ষে যি তিনিটা প্ৰধান ভূমিকা পালনৰ প্ৰস্তাৱ আগবঢ়াইছিল তাৰ প্ৰথমটোৱেই আছিল –“পুৰুষ আৰু মহিলাৰ মাজত সমান অধিকাৰ স্থাপন কৰা।” ভাৰতবৰ্ষতো সেই চনৰে ১৬ ফেব্ৰুৱাৰী তাৰিখে মহিলা বৰ্ষ আৰম্ভণিৰ সূচনা কৰে। কিন্তু আজি ৪৮ বছৰৰো অধিক কালৰ অন্তত এটা কথা অতি পৰিষ্কাৰ কৈ ওলাই পৰিছে যে ভাৰতীয় নাৰীয়ে পুৰুষৰ সমকক্ষ হিচাপে থিয় দিবলৈ প্ৰয়োজনীয় স্বাধীনতা উপহাৰৰ টোপোলাৰ দৰে পোৱাৰ অপেক্ষাত যেন লাগে । সেয়েহে আজিও নাৰী, পুৰুষৰ যৌতুকৰ বলি, ৰাজপথত পুষ্পিতা গাভৰু ধৰ্ষিতা হ’ব লগা হৈছে। যিখন দেশত মঠ, মন্দিৰত নাৰীক দেৱী ৰূপে পূজা কৰা হয় । যিখন দেশত আজি নাৰীৰ প্ৰতিযোগিতা পাতি বিশ্ব সুন্দৰী ৰূপে স্বীকৃতি লাভ কৰিছে, সেইখন দেশৰে পূৱ প্ৰান্তৰ সেউজী সোণৰ কুঁহে কুঁহে সোমাই থকা নাৰীৰ হিয়া ভগা ক্ৰন্দন অমানিশাৰ কাল ৰাতি ভাঁহি আহে উৰুখা চালৰ পঁজাবিলাকৰ পৰা। এই নাৰী সমাজ এতিয়াও পুৰুষৰ পৰা মুক্তি পোৱাৰ কথা বাদেই, পোৱা নাই মুক্তি এমুঠি অন্নৰ, এখনি বস্ত্ৰৰ, এখন সুন্দৰ আশ্ৰয় স্থলৰ । যিয়ে আজিও সূর্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে দুয়োখন হাত চলাই যন্ত্ৰ চালিতৰ দৰে । কোনে শুনিব আজি সেই নাৰীৰ কৰুণ বিননি? বৰ্তমান চাহ শ্ৰমিক নাৰী সমাজত নাৰী মুক্তি আন্দোলন সম্পর্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি অন্যান্য সমাজত নাৰীৰ ভূমিকা কেনে আছে তাক উল্লেখ কৰাৰ প্ৰয়োজন। কিয়নো চাহ শ্ৰমিক নাৰী সমাজত বৰ্তমান শিক্ষা ব্যৱস্থা এনে এক প্রতিকূল পৰিস্থিতিত আছে যে বর্তমান অন্যান্য সমাজত নাৰীৰ অগ্ৰগতি সম্পর্কে লক্ষ্য কৰো তেন্তে দেখা পাওঁ যে তেওঁলোকৰ নাৰী সমাজ উচ্চ শিক্ষাত অৱতীৰ্ণ হৈ পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। এখন ঘৰৰ সু-গৃহিনী ৰূপে স্বীকৃতি লাভ কৰাৰ উপৰিও এগৰাকী নাৰী বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ উচ্চপদত নিযুক্তি লাভ কৰি স্ব-নিয়ন্ত্ৰণৰ পথ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । কিন্তু চাহ শ্ৰমিক নাৰী সমাজ? বহু পিছত। পার্থক্য স্বৰ্গ-মর্ত্য্যৰ ৷ ক্ষুধার্ত দেহ। ক্ষুদ্ৰ আভৰণেৰে ঢকা নগ্ন শৰীৰ ৷ আঠুৰ মুৰলৈকে পৰা কাপোৰ। শৰীৰত নাই কোনো প্ৰসাধনৰ উগ্রতা। নিজস্ব লাহ বিলাহ ত্যাগ কৰি শ্ৰমৰ ত্যাগেৰে বিশ্বৰ দৰবাৰত চাহৰ বাবে গঢ়ি তোলা মহান গৌৰৱ, কাৰ কাম্য বাৰু ? অসমকে নিজ মাতৃভূমি বুলি আঁকোৱালি লৈ অসমৰ সেউজী সোণৰ কুঁহে কুঁহে সোমাই আছে চাহ শ্রমিক নাৰী সমাজ। সাংসাৰিক জ্ঞানৰ অভাৱে জুৰুলা কৰা চাহ শ্ৰমিক নাৰী সমাজৰ আৰ্থিক অৱস্থা অতিশয় দুখ লগা। শ্রমেই ধৰ্ম বুলি আঁকোৱালি লোৱা এই নাৰী সমাজ শিক্ষা জগতৰ পৰাও বহু আঁতৰত। শিক্ষাৰ পোহৰ নোপোৱা, এলান্ধুকলীয়া কু-সংস্কৰবোৰৰ পৰা কোনো ৰকমে মুক্তি নোহোৱাৰ ফলত ভৱিষ্যত জীৱন হৈ পৰে অৰ্থনৈতিক সংকটেৰে জুৰুলা। যুগৰ পৰিৱৰ্তনেও তেওঁলোকৰ জীৱনলৈ কোনো নতুনত্ব আনি দিব নোৱাৰিলে। নিৰক্ষৰতা চাহ শ্ৰমিক নাৰী সমাজৰ আত্ম সচেতনতা জাগৰিত নোহোৱাৰ ফলত সামাজিক জীৱন এতিয়াও বিপন্ন। অজ্ঞানতাৰ বোজা বহন কৰি অহাত ন্যাৰ্য প্ৰাপ্যৰ পৰাও বঞ্চিত। শিক্ষাৰ কঠিয়া তলি ঘৰখনেই বুলি কোৱা হয় ৷ কিন্তু যিখন ঘৰত পিতৃ মাতৃৰ সাধাৰণ জ্ঞানকনেই নাথাকে সেইখন ঘৰ শিক্ষাৰ কঠিয়া তলি বুলি বুকু ডাঠ কৰি ক’ব পৰা হয়তো কোনো নাই। চাহ বাগিচাৰ কামত দিনটো আবদ্ধ থাকি বাহিৰৰ বাতাৱৰণৰ প্ৰতি দৃষ্টি নৰখাত চাহ শ্ৰমিক নাৰী সমাজে প্রাথমিক জ্ঞানখিনি ও আহৰণ কৰিব নোৱাৰে। নিজৰ স্বাস্থ্য ৰক্ষা, সন্তানৰ লালন- পালন, শিশু শিক্ষা, পৰিয়াল পৰিকল্পনা আঁচনি গ্রহণ, সু-খাদ্য আৰু খৰচৰ মিতব্যয়িতা, ক্ষুদ্র সঞ্চয়, ৰাগিয়াল বস্তুৰ অপকাৰীতা, উপযুক্ত বয়সত বিবাহৰ ব্যৱস্থা আদি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ প্ৰতিও শ্রমিক নাৰী সমাজ অৱগত নোহোৱাৰ প্ৰধান কাৰণ প্ৰাথমিক জ্ঞানৰ অভাৱ৷ ইয়াৰ ফলতেই সাংসাৰিক জীৱনৰ গতি বিষাক্ত হোৱা দেখা যায় । শ্রমিক শিশু সকল হৈ পৰে অনাক্ষৰী । জ্ঞান শূন্য। চাহ শ্ৰমিক নাৰী সমাজত শিক্ষাৰ উদ্দেশ্যৰ সফল ৰূপায়ণত কিমান যুগৰ যে আৱশ্যক হ’ব সি এক বিচাৰ্যৰ বিষয় ৷ নাৰী স্বাধীনতা মানে কেৱল এমুঠি নাৰীৰ স্বাধীনতা লাভ নহয়। ধর্ম, বর্ণ, ধনী- দুখীয়া, গ্রাম্য-নগৰীয়া নিৰ্বিশেষে স্বাধীনতা লাভ হে প্ৰকৃত স্বাধীনতা । যিখন দেশত আজিৰ নাৰীয়ে মহাকাশৰ বুকুত পদাৰ্পন কৰিছে, তেনে এক দিনতো চাহ শ্ৰমিক নাৰী সমাজ অজ্ঞানতা আৰু নিৰক্ষৰতাকেই বহন কৰি অহাটো দুর্ভাগ্য জনক। সমাজৰ এই শ্রেণী সমাজক পোহৰৰ পথত আগবঢ়াই অনাটো প্ৰত্যেকজন উঠি অহা যুৱক-যুৱতী তথা প্ৰত্যেক গৰাকী নাগৰিকৰ গুৰু দায়িত্ব আৰু কৰ্তব্য বুলি ভবাৰ থল আছে। অক্লান্ত পৰিশ্ৰম আৰু আশাশুধীয়া প্ৰচেষ্টাৰে চাহ শ্রমিক নাৰী সমাজকো পোহৰৰ পথ দেখুৱাব পাৰিলেহে সামাজিক, অর্থনৈতিক উন্নতিয়ে গতি কৰিব, নহ’লে অজ্ঞতাৰ সুযোগে তেওঁলোকৰ জীৱনলৈ যি কাল অন্ধকাৰৰ সূচনা কৰিছে সি নিৰ্বাপিত হোৱাতকৈ দুগুণে জ্বলি উঠাৰ সম্ভাৱনাহে অধিক বেছি। নাৰী মুক্তি চিন্তা কৰা ব্যক্তি তথা নাৰী মুক্তি সংগঠন সমূহে চাহ বাগিচাৰ শ্রমিক সকলে অন্ধ বিশ্বাসৰ আন্ধাৰত পোতগৈ থকা নাৰী সমাজৰ বাবে বৈপ্লৱিক কাৰ্য পন্থা গ্ৰহণ কৰিবনে ? মহামানৱ মহাত্মা গান্ধীৰ উক্তিৰেই এষাৰ কথা কক্সব পাৰি—“য’ত নাৰী নিষ্ক্রিয় তাত ৰাম ৰাজ্য, স্বৰাজ্য একোৱেই প্ৰতিষ্ঠা হ’ব নোৱাৰে, সকলো মাত্র অর্থহীন।” সু-শিক্ষা গ্ৰহণ কৰি কোনো এটা কাৰ্যালয়ত এখন মৰ্যদা পূৰ্ণ চকী অধিগ্ৰহণ কৰাতো হয়তো চাহ শ্রমিক নাৰী সমাজৰ বাবে এটা ৰঙীন কল্পনা, অবাস্তৱ সপোন হয়তো কোনে জানে এই নাৰীৰ গৰ্ভতেই এদিন জন্মগ্রহণ কৰিব এজন সুযোগ্য দেশ ৰক্ষক, নেতা, বীৰ পুৰুষ, সু- সাহিত্যক, মহান জ্ঞানীৰ। সময়ৰ পৰিহাসে হয়তো তেতিয়া সোঁৱৰাই দিব অতীতৰ বহু স্মৃতি।
