♦দীপ্তি কলিতা
পশ্চিম দিগন্তত ৰঙা পোহৰে আঁচ টানি ধিমিকধামাককৈ জ্বলাই আছে আকাশখন। অলপ আগতে চিকমিকাই থকা বকুলজোপাও কজলা বৰণ হ’ল। সমুখৰ ফাকু সনা আকাশখনৰ তলতে মোৰ সেউজীয়া পদুলিটো লাহে লাহে ৰঙা হৈ পৰিল। ময়ো যে ৰঙা আবীৰ সানি কাৰোবাৰ প্ৰতীক্ষাত থিয় দি আছোঁ বাহলৈ ওভতা চৰাইবোৰে দেখি গৈছিল । ৰঙবোৰ গালেমুখে সিঁচৰতি হোৱা দেখিছা নেকি তোমালোকে; ভিতৰলৈকে যে ৰঙীন হৈ পৰিছোঁ মই, সেই কথা জানিছা জানো কোনোবাই ! শৰতৰ আগমন হ’ব আজি। এই আহোঁ আহোঁ এক উৎকণ্ঠাৰ সময়ত আবেলিটোৱে মোৰ স’তে উচপিচাই আছে। দীঘল পদুলিটোৰ সিমূৰে বন্ধ কুঠৰীত আন্ধাৰ সোমাইছে কৃত্রিম পোহৰবোৰ নালাগেচোন এতিয়া । পদুলিটোৰ এই মূৰে মোৰ দুভৰিত অপেক্ষাৰ জিঞ্জিৰি বাজিছে। মই উভতিব পৰা নাই পদুলিটো এৰি…। ‘শৰৎ’ মোৰ প্রিয় ঋতু আজি অহাৰ কথা আছে । দুবৰিবোৰ সেমেকিব খুজিছে। ধুমায়িত কুঁলীৰ আচ্ছাদন এটা ক্ৰমে তললৈ নামিছে । সংলাপবোৰ আজি মায়াব’ৰ সমুখত হেৰাই থাকিল। প্ৰিয় ঋতুৰ ‘শৰৎ’ আহে আৰু যায় আজিও। মোৰ ভাবনাত শৰতে কৰ্ষণ কৰে মোৰ হৃদয, পুলি এটা ৰোৱে স্বপ্ন আকলুৱা মোৰ ফুলনিত সজাবলৈ। ছাঁয়া হৈ আহি আন্ধাৰতে অহাযোৱা কৰা শৰৎ ঋতু মোৰ দুহাতৰ আঁজলিত এটি পোহৰৰ চাকি। প্রাত্যহিক জীৱন যাত্ৰাত একোটা দিন একোটা ক্ষণ বা প্রিয়জন বিশেষ হৈ আহে মোৰ ভাগৰুৱা দেহৰ ভাগৰ পলুৱাবলৈ । আমি সম্পর্কীত হওঁ এটা নামবিহীন সম্পর্কৰে । আমি সান্নিধ্য বিচাৰোঁ মাজত যোজন দূৰত্বৰে। আমি স্পৰ্শ কৰোঁ স্পর্শাতীত অনুভৱেৰে ৷ শাৰদীয় আকাশৰ নীলাবোৰ মোৰ বাবে সৃষ্টিৰ কলমত এসাগৰ চিঞাঁহী। ওচৰৰ পৰা ঋতু এটাক চাবলৈ হেঁপাহেৰে ৰৈ থাকোঁ শৰতৰ স্নিগ্ধ সমীৰণলৈ। ধীৰ খোজে আগবাঢ়ি অহা শৰতৰ বাবে অধীৰ উচাতন আমাৰ চাতক প্রাণবোৰ। কোনেও বেয়া পাব নোৱাৰা ঋতু শতক। শৰতৰ ফেঁহুজালিতে নিয়ৰ-সিক্ত সেউজ দুৱৰিৰ দলিচাত দুভৰি সেমেকাই শেৱালি বুটলাৰ আমেজেই সুকীয়া। শৰৎ মোৰ শৈশৱ, মোৰ শাশ্বত প্রেম।শীতৰ নিয়ৰ-কণাবোৰে মোৰ গালে-মুখে শীতল চুম্বন আঁকি দিব জানে। আকাশক ভাল পাবলৈ শিকোঁ এই সময়তে । ফৰকাল হৈ পৰে মোৰ মনাকাশো। সোণোৱালী ৰ’দৰ ৰঙে দিগন্তলৈকে বাট দেখুৱাই কয়- যোৱা, গুচি যোৱা প্ৰিয় সপোন বিচাৰি, প্ৰিয় ৰং বিচাৰি, প্রিয়জন বিচাৰি গুচি যোৱা এই নির্মেঘ আকাশৰ তলেদি। ‘আহিনমহীয়া শেৱালি ফুলিলে নিয়ৰত তিতিলে বন’- পাৰ্বতী প্ৰসাদ বৰুৱাৰ এই গীতৰ কলি গুণগুণাই আহিনৰ আল্পনা আঁকি শতক আদৰণি জনাওঁ গুপুতে…। শৰতৰ বাটেৰেই আহিবলৈ অপেক্ষা কৰি থকা হেমন্তৰ হালধীয়াবোৰে গছ-বনক ন-ৰূপ দিবলৈ আয়োজন কৰে। তাৰ পিছতে শীতৰ দিনকেইটা পাৰ হ’লেই আকৌ সাজিকাচি আপোনাক আদৰিবহি সেউজ সাজেৰে। শৰতক লৈ সেয়ে কাৰো আক্ষেপ নাই। শৰতে আমনি নকৰে কাকো । ঋতুবোৰ নিজেই একোটা উৎসৱ। প্ৰতিটো দিনেই উৎসৱৰ দিন। শৰততে আৰম্ভ হোৱা মেঘাচ্ছন্ন কুঁৱলীয়ে গালেমুখে চুই যায়, ৰ’দৰ আগমনৰ খবৰ পালেই আঁতৰি দিযে, গুপুত প্ৰেমৰ যেন মিলন ৰাগ তৰংগায়িত হয়। হাচনাহানাই সন্ধিয়াটো সজাই আনে বুকুত গুজি ল’বলৈ ৷ জোনাক সৰিব গোটেই ৰাতি। ক’ৰবাত ৰাসৰ বাঁহীৰ সুৰত আনমনা হ’ব বিৰহী পৰাণ। বসন্তৰ উন্মনা বতৰে কাষলৈ চপাই আনিব দুটা চাতক প্রাণ ৷ মন ৰঙাই তোলাৰ বতৰ যে এয়া। প্রেমময় বতাহ চেকি চেকি বিহংগয়ো নাচি-বাগি আদৰে বসন্তক। ন-পানীত কেলি কৰে বনহংসই। ফাগুনত উৰুৱাই দিয়া পকা-শুকান পাতৰ দুখ পাহৰে বিৰিখে। নতুন সাজ, নতুন পাত, নতুন বতাহে মেলা পাতে পাহাৰে-ভৈয়ামে। মহালয়াই আৰম্ভ কৰি দিয়া উৎসৱৰ বতৰে আকাশীগংগাৰ দৰে বোৱাই আনে একাধিক উৎসৱমুখৰ ক্ষণ। দুৰ্গাপূজাৰ দিনকেইটাত ধর্মীয় পৰম্পৰাক একাশৰীয়াকৈ থৈয়ো ক’ব পাৰি এয়া শিশুৰ পৰা বয়স্কজনলৈকে শৰতৰ শিহৰণ উপভোগ কৰাৰ সুৱৰ্ণ সময়। মৃণ্ময় শিল্পীয়ে খেৰৰ জুমুঠিত মাটিৰ প্ৰলেপ দি, অংগবস্ত্ৰ, অলংকাৰ পৰিধান কৰাই শিল্পকলাক প্রাণ দিয়ে। পূজা পূজা বুলি দৈনন্দিন কর্মসূচী সামৰি পৰিয়ালবোৰ আনন্দমুখৰ হৈ পৰে। পূজাৰ নামত নতুন সাজ এজোৰ গোটায় । কাতি বিহুক আদৰে । পথাৰত মাটিচাকিৰ কণমানি পোহৰে মন-প্রাণ জুৰ কৰে খেতিয়ক পৰিয়ালৰ। দীপাৱলী আহে, পোহৰ কৰে ঘৰ। সেই পোহৰে পোহৰাই মনবোৰ৷ সমগ্ৰ ভাৰতবৰ্ষত শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত এই পোহৰৰ উৎসৱ উদযাপিত হয় ৷ হিন্দু, শিখ, জৈন আৰু কিছু বৌদ্ধ ধৰ্মৰ লোকৰ বাবেও এই উৎসৱ-অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ যুঁজ । পোহৰৰ অৰ্থই হ’ল অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুঁজ, দুষ্টক দমন শিষ্টক পালন । ফল্গুৎসৱ আহে, ৰং সানি ৰং-স্ফুৰ্তিৰে আকোঁৱালি লয় ইজনে সিজনক। নৃত্য-গীতেৰে মুখৰিত হয় গাঁও-চুবুৰী। মাঘ বিহু আহে, বহাগৰ উন্মনা বতৰ আহে। উৎসৱৰ ৰাগী লাগি ঋতুৱে ঋতুৱে স্ফুর্তি আনন্দৰ লহৰ উঠে।
আজি কিছুবছৰৰ পৰা লক্ষ্য কৰিছোঁ উৎসৱৰ উৎসাহবোৰ বিকৃত হ’ব ধৰিছে। কিছুমান উৎসৱে আমাৰ সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়ে । আমাৰ সাংস্কৃতিক পৰিচয় আৰু আমাৰ পৰম্পৰাক সাৰ-পানী দি আছে এই উৎসৱবোৰে । ইয়াৰ বিকৃত উপস্থাপনে আমাৰ সংস্কৃতিকে বিকৃত কৰি তুলিব জনমানসত। আমাৰ স্বকীয় পৰিচয় হেৰাই যাব । অসমীয়া সমাজ-সভ্যতাৰ পুৰাতন সংস্কৃতিক বিকৃত কৰা বা লোপ কৰাৰ আমাৰ অধিকাৰ নাই। মহালয়াৰ নামত বাটেপথে উদণ্ড যুৱকৰ উদ্ভণ্ডালি। লগত সুৰাপায়ীৰ অসভ্যালি আছেই। দুৰ্গাপূজাৰ ৰং-ৰহইচৰ হিচাপ ওলায়গৈ যানবাহন দুৰ্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যুৰ সংখ্যাৰে ৷ দীপাৱলীৰ নামত ফুটোৱা আতচবাজিবোৰৰ বিকট শব্দ আৰু ধোঁৱাই, শব্দ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি কৰি আমাৰ চৌদিশৰ পৰিৱেশ অস্বাস্থ্যকৰ, বিপদজনক আৰু ক্ষতিকাৰক কৰি তুলিছে। ইয়াৰ ফলত মানুহৰ উপৰিও অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি আনকি প্ৰকৃতিৰ ওপৰতো বিস্তৰ ক্ষতি হৈছে। উচ্চপ্রাবল্যৰ বিকট শব্দ আৰু ধোঁৱাৰ ফলত হৃদক্রিয়া বন্ধ হৈ মৃত্যুৰ মুখত পৰা ঘটনা আমাৰ অসমতে ঘটিছে। ঠায়ে ঠায়ে মদ আৰু জুৱাৰ আড্ডা দীপাৱলীৰ এটা বিকৃত অংগ হৈ পৰিছে। – চট পূজাৰ নামত হৈ হাল্লা, মাইকৰ বিকট শব্দ, ফাকুৱাৰ নামত ৰেইন ডেন্স, নিচাযুক্ত পানীয়ৰে ৰাজপথত ৰণচালি – এইবোৰ স্বাভাৱিক নিয়ম হৈ পৰিছে। ভোগালী বিহুৰ ভোগ আৰু আনন্দৰ পুৰাতন পৰম্পৰাক নসাৎ কৰি ভেলাঘৰৰ ভিতৰতো সুৰাপান পৰম্পৰা হৈ পৰিছে। তিনিমাহৰ পাছত আদৰণি জনাবলগীয়া ৰঙালী বিহুটোৰ পাৰম্পৰিক সময়ক শ্রদ্ধা নকৰি ভোগালী বিহুতে ৰঙালীৰ আগমন ঘটাইছে । ৰঙালী বিহু যেতিয়া আদৰিবৰ সময় হয়, সেই আয়োজনৰ পৰিবৰ্তে সাংস্কৃতিক সন্ধিয়াৰে নৃত্য গীতৰ অনুষ্ঠান পাতি ৰঙালী বিহুৰ ঐতিহ্য পাহৰিবলৈ বাধ্য কৰাইছে। সাংস্কৃতিক সন্ধিয়াৰ নামত চান্দা তুলি হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকে ৰঙালী বিহুৰ আগমনক লৈ স্ফুৰ্তি-আনন্দৰ পৰিবৰ্তে ভয় খাবলৈ লৈছে। সেয়ে, সমাজ সচেতন নাগৰিক হিচাবে আমাৰ এইখিনি নৈতিক জ্ঞান থকাটো উচিত যে উৎসৱৰ নামত অবাবত অর্থব্যয় আৰু জাকজমকতাবোৰে আমাৰ স্বকীয় পৰিচয়ক লুপ্ত কৰিবহে বিচাৰিছে। উৎসৱৰ আয়োজন দেখিলে এনে লাগে যেন এয়া এক পৰিবেশ বিনষ্ট কৰাৰ প্রতিযোগিতাহে। উৎসৱ মানেই আনন্দ। মনৰ পবিত্ৰতা আৰু প্ৰশান্তিৰ বাবে আমাক ঋতুৱে ঋতুৱে উৎসৱৰ প্ৰয়োজন । উৎসৱৰ নামত অযথা ব্যয় কৰি প্রশান্তি লভাতকৈ অসহায় দৰিদ্ৰ এটা পৰিয়াললৈ সেইখিনি যদি আগবঢ়াই দিওঁ নিশ্চয় আমাৰ এই সহায় আৰু সহানুভূতিয়ে সেই পৰিয়ালটোক ক্ষণিক সময়ৰ বাবে হলেও আনন্দিত কৰিব । তেওঁলোকৰ আনন্দই আমাৰ হৃদয় আলোকিত কৰিব। আনৰ জীৱনৰ পৰা কিঞ্চিৎমানো এন্ধাৰ নাশিব পৰাটো জানো অনুপম জীৱনৰ সাৰ্থকতা নহয় ! বর্তমান সমগ্ৰ পৃথিৱীতে মানৱতাৰ অৱক্ষয় ঘটিছে। চাৰিওফালে সন্ত্রাস, হত্যা, লুণ্ঠন, ধর্ষণ, প্ৰৱঞ্চনা আদিয়ে আগুৰি ধৰিছে। প্ৰকৃতাৰ্থত এখন সুস্থ সমাজ গঢ়িবৰ বাবে সুস্থ মানসিকতাৰ প্ৰয়োজন । সমাজ গঢ়িবলৈ আমাৰ সংস্কৃতিক ৰক্ষণাবেক্ষণ দিব লাগিব। অপসংস্কৃতিৰে সমাজ ধ্বংস কৰি পেলালে ভৱিষ্যত প্ৰজন্মই আমাক দোষিব। সেয়ে আত্মসমালোচনাৰে, যুক্তিসংগত বিচাৰ-বিবেচনাৰে আমাৰ উৎসৱসমূহ, আমাৰ পৰম্পৰাসমূহক জীয়াই তুলিব লাগিব ৷ উৎসৱবোৰ হৈ পৰক সমাজৰ বাবে ঐক্য, শান্তি আৰু সদ্ভাৱৰ বাহক ৷ 000