Home সম্পাদকীয়ঃ সম্পাদকীয়…..

সম্পাদকীয়…..

শৰতৰ আগমনৰ লগে লগেই নাৰী শক্তি বন্দন নিয়ৰৰ মুকুতা বুটলি দূবৰিৰ দলিচা গছকি পূৱাৰ ৰ’দালিয়ে চোতালত দেখা দিয়ে । মনৰ দুৱাৰখন খুলি দিলে মৃদুমধুৰ বতাহ এছাটি সোমাই আহে সংগোপনে। সেই সময়ত আহি পৰা সেউজীয়া চাহ কাপৰ কি অপূৰ্ব সোৱাদ ! কাৰণ এটাই এয়া শৰতৰ আগমনৰ বতৰা । ৰিতুৰাণী শৰৎ আহিলে নদ-নদী, জান-জুৰি যিদৰে শুকাই ঠিক সেইদৰে মানুহৰ দুখ-কষ্টও কমি আহে। অভাৱ-অনাটনে জুৰুলা কৰা মনবোৰ কহুৱা ফুলৰ দৰে নাচি উঠে। আশাৰ সেউজীয়াবোৰ পূৰঠ হৈ শৰত অহাৰ উমান পাই গেৰধৰা ধানৰ থোকবোৰ উলাহতে নাচিবলৈ ধৰে। ৰাতি ফুলা শেৱালীৰ সুৱাসত মনবোৰ মতলীয়া হৈ পৰে। পদূলি মুখৰ আৰু তিনিআলিৰ বকুল তলত কি যে শৰৎ শৈশৱ। ৰজনীগন্ধাৰ সৌন্দৰ্যত অনুপমা হৈ পৰে শৰৎ বৈভৱ। শৰৎ আহিলে নৈৰ পাৰে পাৰে বালিমাহী, চাকৈ-চকোৱা চৰাইৰ কি যে নাচোন! শৰতকালৰ দূপৰীয়া দলনিত গোনা ম’হে লয় জিৰণি, ক’ৰবাত আকৌ গৰখীয়াৰ বাঁহীৰ নিচুকণি। সন্ধিয়া আইতাৰ চেনেহৰ চোতালত জোনবায়ে স্নিগ্ধতাই ৰিঙিয়াই। প্ৰেম-পিৰিতি, যৌৱনৰ শীতল বা অজানিতে ডেকা- গাভৰুৰ মনত সোমাই। আকৌ বিলত জাক পাতি পাতি অহা শৰালিৰ মাতত মনবোৰ পৰিপক্কতাৰ পৰিচয় দিয়ে। শৰৎ মানে মহিষাসুৰ বধৰ আখৰা । শৰৎ মানে চহা অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য কাতি বিহুৰ আশীৰ্বাদ। শৰৎ মানেই কৃষিজীৱি লোকৰ মুখত হেঁপাহৰ হাঁহি কাৰণ সোণোৱালী আঘোণলৈ নেথাকে বেছি দিন বাকী। এইবেলি শৰতৰ আগমনৰ লগে লগেই ভাৰতবৰ্ষৰ মহিলাসকলৰ বাবে অতি সুখবৰ। সুদীর্ঘ ২৭ বছৰ পাছত মহিলা সংৰক্ষণ বিধেয়ক তথা নাৰী শক্তি বন্দন বিধেয়ক, ২০২৩ ৰাজনৈতিক মেৰপেচৰ বন্দীত্বৰ পৰা ৰাষ্ট্ৰপতি মুমূৱে ২৯ চেপ্তেম্বৰত মুকলি কৰি মোহৰ মাৰিলে। লোকসভা আৰু ৰাজ্যসভাত মহিলা সংৰক্ষণ আইনখন গৃহীত হোৱাত দেশৰ ৰাজনৈতিক ক্ষেত্ৰত মহিলা সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা হ’ল । নাৰী শক্তি বন্দন আইনৰ অধীনত দেশৰ উভয় সদনৰ লগতে ৰাজ্যসমূহৰ বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কটকটীয়া হৈ উঠিল ৷ ইয়াৰ পূর্বে ৩৩ শতাংশ থকা বুলি চিঞৰি থাকিলেও নানান অজুহাত দেখুৱাই প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছিল। বৰ্তমান আমাৰ দেশৰ মুঠ জনসংখ্যাৰ ৪৯ শতাংশ মহিলা যদিও দেশৰ প্ৰতিটো ক্ষেত্ৰত মহিলাৰ প্ৰতিনিধিত্ব আশাব্যঞ্জক নহয় । মহিলা সংৰক্ষণ বিধেয়ক আইন খন ১৯৯৬ চনত সংযুক্ত মৰ্চা চৰকাৰৰ প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া আসনত থকা সময়ত উত্থাপন হৈছিল। ১৯৯৮ চনত প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত পুনৰ উত্থাপন হয়। এনেদৰেই ১৯৯৯, ২০০২, ২০০৩, ২০০৪, ২০০৮ আৰু ২০১০ চনত বিধেয়ক খন উত্থাপন হয় যদিও বিৰোধী দলৰ সদস্য সকল আৰু চৰকাৰৰ একাংশ সদস্যৰ বিৰোধিতাৰ বাবে দুয়োখন সদনত গৃহীত হোৱা নাছিল । যোৱা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দ্বিতীয় বাৰৰ বাবে এন ডি এ চৰকাৰ অধিক শক্তিৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাবে কাৰ্যকালৰ অন্তিম সময়ছোৱাত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম হৈছে। শৰৎ কালৰ লগে লগেই দেশৰ মহিলা সকলৰ বাবে এয়া এক ভাল খবৰ ।

ধন্যবাদৰে,

হৰমোহন কলিতা

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version