Home সকলোঃ প্ৰবন্ধঃ বিষয়-নামঘৰ আৰু মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ

বিষয়-নামঘৰ আৰু মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ

জয় জয় বৰদোৱা বৈকুন্ঠ দুতয়।
সেহি স্থানে শঙ্কৰ গুৰু ভৈল উদয়।।
চাৰিওফালে চাৰি হাটী মহা ভক্ত গণ।
চৈধ্যয় প্ৰসংগ কৰে নাম কীৰ্তন।।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শিৰোমণি ভূঞাৰ বংশৰ মহাপুৰুষ জনাই এক শৰণ বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিছিল। এই ধৰ্ম  প্ৰচাৰত নামঘৰৰ এক উল্লেখযোগ্য ভূমিকা আছে।
নামঘৰ আৰু অসমীয়া সমাজখনৰ এক ওতঃপ্ৰোত আত্মীক সম্পৰ্কৰ আভাষ অনুভৱ কৰিব পাৰি ।পূৰ্ব পুৰুষ সকলৰ সামাজিক সকলো কামৰ আলোচনা পৰ্যালোচনা নামঘৰত বহি সকলো সিদ্ধান্ত গ্ৰহণ কৰিছিল। নামঘৰতো উপাসনা স্থল হোৱাৰ লগতে অসমীয়া সমাজখনৰ সকলো বিষয়ৰ নিষ্পত্তি স্থল হিচাপে পৰিগণিত হৈছিল। গতিকে অসমীয়া সমাজ জীৱনত নামঘৰৰ উল্লেখ যোগ্য ভূমিকা আছে।

কিন্তু এই নামঘৰ উৎপত্তি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ আশীৰ্বাদত।

“শ্ৰী মন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু।
তাহান্ত বিনাই নাহি নাহি
আমাৰ পৰম গুৰু।”

সমাজ জীৱনলৈ তেওঁৰ অৱদান সত্ৰ/নামঘৰ আৰু বৰগীত ইত্যাদি অনেক আছে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱে ধৰ্মৰ চাৰিখুঁটি মাৰি ভাগৱত ধৰ্মৰ পাতনি মেলিছিল ।এই ভাগৱত ধৰ্মৰ প্ৰৱৰ্তনৰ খাতিৰত চাৰিহাটি,দৌলগৃহ,মণিকূট,কীৰ্তন ঘৰ আদিত ভক্তগণ আদি সমাহাৰে জ্ঞানৰ আলোক বিতৰণ কৰিছিল ,যাক আমি নামঘৰ বুলি কওঁ ।
এই নামঘৰ বা কীৰ্তন ঘৰত হৰিৰ -কথা চৰ্চাৰ প্ৰসংগ , গুৰু ,দেৱ ,নাম,ভকত এই চাৰি বস্তু।শঙ্কৰদেৱৰ আশীৰ্বাদ লৈ
১৫৪৩ খ্ৰীষ্টাব্দত তেওঁৰ পৰম শিষ্য মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰে।তিনি প্ৰসঙ্গৰ পৰিবৰ্তে চৈধ্য প্ৰসঙ্গ,গীত মাত ঘোষা আদি পৰিবেশন কৰিছিল।
বৰপেটা,বৰদোৱা,কমলাবাৰী ,শুৱালকুছি হাটী সত্ৰ ইত্যাদি তেওঁৰ শিষ্য সকলে স্থাপন কৰি, খোল-বাদ্য ,হৰি নাম প্ৰসঙ্গ পৰম্পৰাগত ভাৱে পৰিবেশন কৰি অসমীয়া সমাজখনৰ এক উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছিল।

অসমৰ সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শঙ্কৰ দেৱে সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰি আৰু বৰগীত সমূহ ৰচনা কৰি  , লোক-সংস্কৃতি চৰ্চা কৰি আমাৰ সমাজখনৰ বিকাশৰ কাৰণে এক উল্লেখনীয় পথ প্ৰদৰ্শন কৰি থৈ গৈছে । সাম্প্ৰতিক সময়ত বিভিন্ন পৰিস্থিতি চিন্তা চেতনা বোৰ পৰিবৰ্তন হৈছে ।যদি সময়ৰ সোঁতত উটি যোৱা বিধৰ হয়,তেন্তে সেয়া হ’ব জাতিটোৰ বাবে চৰম দুৰ্ভাগ্যৰ বিষয় । গতিকে অসমীয়া জাতিটোৰ বৌদ্ধিক জীৱনৰ ওপৰত নামঘৰৰ বিশেষ স্থান আছে । আমি সকলোৱে নামঘৰ/সত্ৰ পবিত্ৰ ঠাই বোৰ ৰক্ষণা-বেক্ষণ দিব লাগিব ।সমাজখনক শুদ্ধ পথত আগবঢ়াই নিব লাগিব।

● অনামিকা (সংগীতা)কলিতা/শুৱালকুছি।
দূৰভাষ-৭০০২৯৪২৫৯১

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version