Home খাদ্যাভ্যাসঃ কিৱি-স্বাস্থ্যৰ বাবে এবিধ উপকাৰী ফল

কিৱি-স্বাস্থ্যৰ বাবে এবিধ উপকাৰী ফল

● “কিৱি’’– এবিধ অতি উপকাৰী ফল। ভাৰতীয় বজাৰত আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়াং ভেলীৰ (Shang Kiang Valley)। প্ৰায় ১৯ শতিকাতে চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, ইয়াৰ পিছৰে পৰা এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে। কিৱি ফলবিধৰ প্রথম বাণিজ্যিক ৰোপণ নিউজিলেণ্ডত কৰা হৈছিল বুলি জানিব পৰা যায়। এই ফলবিধক ‘কিৱি’ নামেৰে এইবাবেই নামকৰণ কৰা হয় যে নিউজিলেণ্ডৰ লোকসকলক সমগ্র বিশ্বত ‘কিৱি’ (Kiwi) উপনামেৰেই পৰিচিত। সেইবাবে মূলতঃ Chirose কর্জাটেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্ৰ বিশ্বত জনপ্ৰিয় হোৱাৰ বাবে ইয়াৰ নামকৰণ হয়‘কিৱি’ নামেৰে। বৰ্তমান আমাৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে।

কিয় গুৰুত্বপূৰ্ণ ফলবিধঃ
→ ভিটামিন’ আৰু মিনাৰেলচৰ ‘পাৱাৰ হাউচ’
ভিটামিন আৰু মিনাৰ্লেসমূহ হৈছে ভিটামিন-‘এ’, ‘বি৬’, ‘’বি১২’, ‘চি’, ই’ আৰু পটাচিয়াম, কেলচিয়াম, আয়ৰণ তথা মেগনেচিয়াম। শৰীৰৰ বিভিন্ন কামকাজ সূচাৰুৰূপে পৰিচালিত হোৱাত এইবিলাকৰ ভূমিকা গুৰুত্বপূৰ্ণ। যেনে— ধমনীবিলাকৰ মাজেদি সুচাৰুৰূপে ৰক্ত চলাচল কৰা, সুস্থ হাড়, দাঁত আৰু ভাল দৃষ্টিশক্তিৰ বাবে আয়ৰণ আহৰণ কৰা ইত্যাদি। পটাচিয়ামৰ উচ্চসীমাই (প্রতি ১০০ গ্ৰামত ৩১২ মিঃগ্রাঃ) ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। আকৌ মেগনেচিয়ামে সহায় কৰে নাৰ্ভ আৰু মাংসপেশীৰ বাবেও দৰকাৰী।

ভিটামিন ‘বি৬’ৰ উত্তম উৎস

কিৱি ফলত যথেষ্ট পৰিমাণে ভিটামিন ‘বি৬’ পোৱা যায়। ভিটামিন ‘বি৬’ক ফলেট বুলিও কোৱা হয়। গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। কাৰণ ফ’লেটে ভ্রূণৰ বিকাশত সহায় কৰে তথা ইয়াক সুস্থ কৰি ৰাখে। বাঢ়ি অহা শিশুৰ বিকাশতো ফ’লেটৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version