Home খাদ্যাভ্যাসঃ অত্যাধিক বায়ু প্ৰদূষণৰ বাবে স্তন কেঞ্চাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে

অত্যাধিক বায়ু প্ৰদূষণৰ বাবে স্তন কেঞ্চাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে

● উচ্চ মাত্ৰাৰ বায়ু প্ৰদূষণ থকা অঞ্চলত বাস কৰা মহিলাৰ স্তন কেন্সাৰৰ আশংকা অধিক হ’ব পাৰে বুলি স্বাস্থ্য বিজ্ঞানীসকলে শেহতীয়া এক অধ্যয়নত প্ৰকাশ কৰিছে।

আমেৰিকাৰ ফ্লোৰিডা বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে ২ লাখ ৮০ হেজাৰ গৰাকী মহিলাৰ মেমোগ্রাফিক স্ক্ৰীণিং কৰি পৰীক্ষা কৰি এই বিষয়ে অৱগত কৰিছে। ইয়াৰ লগতে বিজ্ঞানী সকলে এইটো প্ৰকাশ কৰিছে যে মহিলাসকল বাস কৰা অঞ্চলঅমূহত বায়ু প্ৰদূষণৰ তথ্যও সংগ্ৰহ কৰা হৈছিল।

স্তনৰ আকাৰ স্বাভাবিকতকৈ ডাঙৰ হোৱাটোও স্তন কেন্সাৰৰ বাবে এক আশংকাজনক কাৰক হ’ব পাৰে বুলি প্ৰমাণিত হৈছে। গবেষকসকলে প্রকাশ কৰিছে যে, স্তনৰ স্থূলতা মেমোগ্ৰাফিৰ জৰিয়তে জুখিব পৰা যায় আৰু এই পৰীক্ষাৰ দ্বাৰা স্তনত থকা কেন্সাৰৰ বাবে উন্মুক্ত উপাদান বা অৱস্থা আদি স্পষ্টভাৱে চাব পৰা যায়।

স্তনত ফাইব্রোগ্নেণ্ডুলাৰ উপাদানৰ মাত্ৰা বেছি থাকে আৰু মেমোগ্ৰাফীত এই কথা ধৰা নপৰে কিন্তু স্তন টিউমাৰ ধৰণৰ সমানতা বৰ সহজতে নিৰ্ণয় কৰিব নোৱাৰি। গৱেষকসকলে প্ৰকাশ কৰিছে যে, পিএম ২-৫ৰ এক এককৰ বুদ্ধিয়ে যিকোনো মহিলাৰ স্থূল স্তনৰ আশংকা চাৰি গুণলৈকে বৃদ্ধি কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version