আশাৰ মৰীচিকা
✍️ দিলীপ তাঁতী
টিপ চাকিৰ পোহৰেৰে বাট বুলি
এন্ধাৰ নেওচি উজ্বলিল
উৰুখা পঁজাৰ তলৰ স্বপ্নাৰ্ত হৃদয়
হেঁপাহবোৰে ঠন ধৰি
বুকুৰ গভীৰতাত গজালি মেলে
বহু আশা ভৰা স্বপ্নৰ
আইৰ বুকুখন সেইদিনা
এহাত ডাঠ হৈ ফুলি উঠিল
গৰ্বত
বয়সে আঁচোৰা ৰুক্ষ গালৰ ওপৰে
দুধাৰি আনন্দাশ্ৰু বৈছিল
লোকে লোকাৰণ্য উৰুখা পঁজাৰ তলত
কতই উপচাই দিছিল তপত চুম্বন
গাঁৱৰ বুঢ়া মেথাই
জাউৰীয়ে জাউৰীয়ে আশিস বৰষিছিল
শিক্ষাগুৰুৰ আশিসেৰে
ডিঙিত ওলমি ৰৈছিল
বিজয়ৰ স্বভিমানি গামোচাখন
জীৱনৰ তৰুণ দুপৰত
সুৰৰ লহৰ উঠে
আকাশ গলা ৰাতি
আশাৰ উন্মাদনাৰে
এগছি বন্তি
মনৰ মণিকোঠাত প্ৰজ্বলিত হ’ব।