হিত্য আৰু ফাল্গুনে যেনেকৈ মনটোক আমনি কৰে ঘৰখনকো অশান্তি কৰিহে শাস্তি পায়। বাৰাণ্ডাত উৰি আহি পৰি থকা শুকান পাতকেইটা সাবি সাৰি প্ৰতিমাই সেই অশান্তিলৈ ক্ৰক্ষেপ নকৰি গুণগুণালে প্রিয় শিল্পী জয়ন্ত হাজৰিকাৰ সেই মধুৰ গীতটো—’মোৰ ফাল্গুন আছেহি আহি বৈ তোমাৰ কথাকে ক’বলৈ…আছেনে সময় তোমার, সমীৰৰ খবৰ শুনাৰ অধীৰ নহ’বা অঞ্জনা, গীতৰ গভীৰ বেদনা… ।
হঠাৎ অহা শীতল বতাহ ছাটিয়ে তাইৰ নিসংগতাক আকৌ এবাৰ জগাই গ’ল। বাৰাণ্ডাত পাৰি থোৱা তাহানিৰ সেই আৰামী পুৰণি চকী দুখনত শুকান পাত কেইখিলামান গোট খাইছে। চকী দুখন মোহাৰি মোহাৰি তাই আকৌ সজাই থ’লে ওচৰা-উচৰিকৈ। চকী দুখনৰ ফালে চাই অলসভাবে হুমুনিয়াহ এটা কাঢ়িলে। এই শীতল আবেলিটোক চাহ একাপেৰে জীপাল কৰোঁ বুলি পাকঘৰৰ ফালে বাট ল’লে তাই।
কলিকতাৰ পৰা ঘূৰি অহাৰ পাছৰে পৰা প্ৰতিমাৰ মনটো অশান্ত হৈ আছে। যদিও জীৱন আৰু জগতক তাই নতুনকৈ চাবলৈ শিকিছিল, তথাপিও মনত স্থূল চিন্তাবোৰে গভীৰৰ পৰা গভীৰতলৈ শিপাই গৈছিল। জীৱনৰ গতি ছন্দোময় কৰাৰ বাবে বৰ্তমানটোৰ কি যে আখৰা। জীৱনত সকলোবোৰ হেৰুওৱাৰ পাছতো কিবা এক বেদনা আৰু আশংকাত তাই ভিতৰি ভিতৰি অস্থিৰ হৈ আছে। প্রতিমাই আজিকালি অন্তর্মুখী, নিস্তব্ধ, গহীন হৈ আনন্দময় জগতখনৰ পৰা বিচ্ছিন্ন হৈ থাকি ভালপোৱা হৈছে। কথাবোৰ ভাবি ভাবি তাই চাহ কাপ বনাই পাকঘৰৰ পৰা পুনৰ আগফালৰ বাৰাণ্ডাখনতে বহোঁ বুলি ওলাই আহিল। বাওঁফালৰ চকীখনতে আবেলিবোৰত অলপ সময় বহাটো তাইৰ অভ্যাস। সোঁ চকীখন অৰ্ণৱৰ। ইয়াতে দুয়োটাই বহি লৈ অফিচৰ পৰা ঘূৰি অহা অৰ্ণৱৰ ভাগৰবোৰ আঁতৰোৱাৰ চেষ্টা কৰিছিল।
বেলি দেখোন গৈ গৈ আকাশত জোন হ’ল। প্ৰতিমাৰ নাকৰ পোনে পোনে হাতত থকা তাহানিতে মৌজাদাৰণী আইতাকে উপহাৰ দিয়া পিতলৰ কাপটোত জোনটো দেখোন ওপঙি আছে। চাহৰ ৰঙে জোনাকৰ ৰং ল’লে। এশোহা নে দুশোহা মাৰি ইমানপৰে তাই বহি আছে। চাহৰ কাপটোলৈ চাই থাকিল থৰ হৈ….। চাহখিনিয়ে এনেকৈ ৰং সলনি কৰা পৰিঘটনাটো ভাল লগা নাই তাইৰ। সময়বোৰ এনেকৈ নিৰৱে তাইৰ অজানিতে গৈ থাকে আবেলিৰ পৰা সন্ধিয়া হয়; সন্ধিয়াৰ পৰা ৰাতি। সম্পূৰ্ণ ছয় বছৰৰ মূৰত তাই পুৰণি ঘৰটোলৈ উভতি আহিছে। আগফালৰ বকুলৰ পুলিটো ডাঙৰ হ’ল। পদুলিৰ কৃষ্ণচূড়াজোপা বুঢ়া হ’ল। ঘৰৰ চৌপাশটোও বহুত সলনি হ’ল। বাৰীৰ এচুকত থকা ৰমেনকাইৰ সংসাৰখনো বাঢ়িল। তাহানিতে অণুৱে দিয়া ঘৰৰ ৱালৰ ৰংবোৰ নিস্তেজ হ’ল। ভিতৰৰ বাববোৰ আগৰ দৰে একে ঠাইতে আছে যদিও জৰাজীৰ্ণ ৰূপটো চকুত পৰিছে। শহুৰ-শাহুৰ ফটো দুখন ধুলিৰে পোত খাই চিনিব নোৱাৰা হৈ আছে। সৰুতে তাই সংগীত ভাল পোৱা বাবে উপহাৰ পোৱা হাৰমণিধামখনৰো মাত হেৰাল।
যোৱা চাৰিদিন ঘৰখনৰ আগৰ ৰূপটো ঘূৰাই আনিবলৈ তাই বহুত চেষ্টা কৰিছে; অৰ্ণৱ আৰু তাই আঠ বছৰৰ আগতে যেনেকৈ কটাইছিল ঠিক তেনেকৈ । বাৰাণ্ডাৰ সোঁফালৰ চকীখন তাই আঁতৰাই পেলাব। আবেলিবোৰত আকৌ তাই অৰ্ণৱৰ স’তে বহিব । চকীখনৰ ঠাইত হুইলচেয়াৰখনত অৰ্ণৱক আনি বহুৱাই ল’ব।
আজিৰ পৰা বাৰ বছৰৰ আগতে তাই বিয়া হৈ আহোঁতে এখন ভৰা সংসাৰেৰে ঘৰখন উখল-মাখল হৈ আছিল। অৰ্ণৱৰ ভনীয়েক দুজনী আছিল তাইৰ পৰম বান্ধৱী। এটা সময়ত দুয়োজনী বিয়া হৈ গুচি গ’ল ঘৰখন এৰি। শহুৰ-শাহু অগাপিছাকৈ ঢুকুৱাৰ পাছত নিঃসন্তান অৰ্ণৱ আৰু প্ৰতিমাই ঘৰখনৰ দুজনীয়া এটি পৰিয়াল হৈ পৰিল। শিৱসাগৰৰ এই ঘৰখনৰ পৰা অ’এনজিচিৰ চাকৰিটোলৈ অৰ্ণৱ ৰাতিপুৱা ওলাই যায় আৰু আবেলি উভতি আহে অৱসন্ন হৈ। অৰ্ণৱৰ এই ভাগৰুৱা মুখখন উজলাবলৈ প্ৰতিমাই তাক সংগ দিয়ে আবেলিটোত। আবেলিটো, বাৰাণ্ডাখন, চকুৰ আগত পাক খাই থকা মণিপ্লেণ্টৰ লতাডাল আৰু সিহঁতহাল; এইখিনিৰে জীৱনৰ এচমকা উপভোগ্য কৰি তুলিব জনা হ’ল প্ৰতিমাই। সমুখৰ শিলিখাজোপাৰ পৰা চৰাইকেইটাই সিহঁতক আবেলিটোত সদায়েই চাই থাকে। বিস্কুটৰ টুকুৰা দুটা প্রতিমাই দলিয়াই দিব বুলি সিহঁতো নিশ্চিত হৈ বহি থাকে।
এই গতানুগতিকতাক প্ৰত্যাহ্বান জনাই এদিন অৰ্ণৱৰ ট্রেন্সফাৰৰ অৰ্ডাৰ আহিল কলিকতালৈ। ভৰা ঘৰখনৰ পৰা দুজনীয়া পৰিয়াললৈ কমি অহা ঘৰখন ৰমেনকাইৰ হাতত গটাই সিহঁত দুটা কলিকতা পালেগৈ। মোহময়ী কলিকতাই প্রতিমাক আদৰি ল’লে।
“প্রতি..”
ভিতৰৰ পৰা অৰ্ণৱে কঁপা কঁপা কণ্ঠৰে তাইক মতা শুনি প্রতিমা উধাতু খাই দৌৰি গ’ল। পিঠিৰফালে গাৰুটো ভৰাই দিলে অর্ণৱে অলপ আৰাম পায়। হাতেৰে ঢুকি নোপোৱা গাৰুটোলৈ আঙুলিয়াই একো নক’লে সি ৷ ক’ব পৰাকৈ তাৰ গাত ইমান শক্তিয়েই নাই। প্রতিমাক কোৱাৰো প্ৰয়োজন নাই। আজি তিনিবছৰ ধৰি তাই এইখিনি কৰি অভ্যস্ত হৈ পৰিছে। তাৰ মূৰটো অলপকৈ দাঙি গাৰুটো তাই ভৰাই দিলে। মূৰৰ চুলিখিনি কমি আহিছে। = তাতে আঙুলি বুলাই দিলে প্রতিমাই। অর্ণৱে চকু দুটা মুদি তাইৰ আঙুলিৰ পৰশ অনুভৱ কৰিবলৈ চালে। পিছমুহুর্ততে প্ৰতিমাৰ চকুহাল বিচাৰি তৎপৰ হৈ উঠিল সি। সেহাই সেহাই মাথোঁ এটা শব্দ মুখত ফুটি উঠিল— “খালা ?”
প্রতিমাইও একেদৰেই “অ” বুলি উত্তৰ দি থ’লে । আবেলি যে চাহ একাপ খোৱাৰ পুৰণি অভ্যাস এটা প্ৰতিমাৰ এতিয়াও আছে অর্ণৱে জানে। কলিকতাত থাকোঁতে সেই সৰু বেলকনিখনতে দুয়োটা কুচিমুচি বহিছিল আবেলি পৰত। শান্তি নিকেতনৰ ফালৰ পৰা বতাহ এচাটিয়ে সিহঁতৰ বেলকনিটো কোৱাই গৈছিল। ষ্ট্রীট লাইটৰ পোহৰখিনিয়ে পাতৰ মাজেদি যেতিয়া সিহঁতৰ কথাৰ ভাগ ল’বলৈ বেলকনিটোত থিতাপি লৈছিল তেতিয়াহে সিহঁতে বেলকনিটো এৰি ভিতৰ সোমাইছিল ।
তিনিটা বছৰ কলিকতাত কটোৱাৰ পিছত প্ৰতিমাই মসৃণ জীৱনটোত প্ৰথম উজুতি খালে। অৰ্ণৱৰ হাৰ্টৰ দুৰ্বলতা ধৰা পৰিল। প্ৰথম অৱস্থাত অফিচ কৰি আহি ভাগৰুৱা হৈ পৰা মানুহটো ক্রমান্বয়ে অধিক ভাগৰুৱা হৈ পৰিল। হস্পিতালত ভৰ্তি কৰি প্ৰতিমাই অকলে অকলে সকলো দায়িত্ব চম্ভালিবলৈ ‘কষ্ট পাইছিল। কিন্তু দীৰ্ঘদিন ধৰি একেখিনি কামত তাই অভ্যস্ত হৈ পৰিছিল। কোম্পানীৰ খৰচত চিকিৎসা চলা বাবে তাই টকা-পইচাৰ পৰা কিছু পৰিমাণে মুক্ত হৈছিল । তথাপিও সদায়েই খৰচবোৰ মিলাবলৈ লৈ তাই চিন্তিত হৈ পৰিছিল।
কোৱাটাৰটোত কেইদিনমান ৰখাৰ পাছত আকৌ অৰ্ণৱক হস্পিতালত ভৰ্তি কৰাটো নিত্যনৈমিত্তিক কাম হৈ পৰিছিল । ডাক্তৰ ৰথীন্দ্ৰ বৰুৱাই ৰোগী অৰ্ণৱৰ চোৱা-চিতা কৰি কৰি ডাক্তৰৰ দায়িত্বৰ উপৰিও পৰিয়ালৰ এজন ব্যক্তিৰ খবৰ লোৱাৰ দৰে যিকোনো সময়তে খা-খবৰ কৰিবলৈ লৈছিল । কোনো আত্মীয় মানুহ নথকা এই মহানগৰখনত প্ৰতিমাই ডাক্তৰ ৰথীন্দ্ৰৰ সাহচর্যত সকাহ পাইছিল। অসম সন্তান ৰথীন্দ্ৰৰ সস্নেহ সাহচর্যত প্রতিমাই আত্মীয় মানুহৰ অভাৱবোধৰ পৰা মুক্ত হৈছিল । ৰথীন্দ্ৰৰ তত্ত্বাৱধানত থকা ৰোগী হিচাপে হস্পিতালখনত প্ৰতিমাই নিবিচৰাকৈয়ে সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। কোনো চিকিৎসাই অৰ্ণৱক সুস্থ কৰি তুলিব পৰা নাছিল। অকলশৰে ঘৰটোত ৰাতিটো কটাই দিনটো অৰ্ণৱৰ শুশ্রূষাত পাৰ কৰিছিল প্রতিমাই। বেছি অসুস্থতা দেখিলে ৰাতিও অৰ্ণৱৰ কাষতে তাই টোপনি গৈছিল। ৰথীন্দ্ৰ, অৰ্ণৱ আৰু প্ৰতিমাৰ দৈনিক সংযোগতে তিনিটা বছৰ পাৰ হৈ গৈছিল । অর্ণর যে কোনোদিন সুস্থ হৈ নুঠে চা তাৰ আভাস ৰথীন্দ্ৰৰ কথা-বতৰাৰ পৰা প্ৰতিমাই বুজি তে পাইছিল। “তুমি এনেকৈয়ে থাকিবানেকি প্রতিমা? কি ভাবিছা তুমি নিজৰ কথা?” ডাঃ ৰথীন্দ্ৰই মাজে মাজে এই একেটাই প্রশ্ন কৰি থাকে প্রতিমাক। প্রতিমাই আজিলৈকো কোনো উত্তৰ দিয়া নাই। ঘৰৰ পৰা কিবা এটা বনাই নিলে মাজে মাজে ৰথীন্দ্ৰক মাতি আনে তাৰ সোৱাদ ল’বলৈ। কেতিয়াবা প্রতিমাই হস্পিতালত পলম কৰিলে ড্ৰাইভাৰটোৰ হতুৱাই গাড়ীখন দি প্রতিমাক কোৱাটাৰলৈ পঠিয়াই দিয়ে সি । এনেকৈয়ে সিহঁতৰ মাজৰ আন্তৰিকতাৰ পৰিসীমা সীমাবদ্ধ হৈ থাকে। অলপ সুস্থ হৈ অৰ্ণৱ কোৱাটাৰত থকা সময়ত ৰথীন্দ্ৰই সঘনে আহি খবৰ লৈ যায়হি। প্ৰতিমাৰ মুখত কেতিয়াও হাঁহি দেখি পোৱা নাই ৰথীন্দ্ৰই। তাই হাঁহিবলৈ চেষ্টা কৰে অৰ্ণৱৰ সমুখতহে। তাইৰ বিষণ্ণতাই অৰ্ণৱক অধিক দুৰ্বল কৰি তুলিব বুলি প্রতিমাই জানে। অৰ্ণৱৰ সমবয়সৰ ডাঃ ৰথীন্দ্ৰও গহীন- গম্ভীৰ এজন ব্যক্তি। প্রতিমাক সন্মান কৰি প্ৰথম অৱস্থাত আপুনি বুলিয়েই সম্বোধন কৰিছিল সি। কেতিয়াৰ পৰা আপুনি গুচি তুমি হ’ল সেয়া মনত নাই সিহঁতৰ।
“অৰ্ণৱৰ সময় চাপি আহিছে প্ৰতিমা” – হস্পিতালৰ কেন্টিনত মাজতে টেবুলখন লৈ ডাঃ ৰথীন্দ্ৰই প্ৰতিমাক সুযোগ বুজি কথাযাৰ জনালে। প্রতিমাই অলপ সময় টেবুলত হাত দুখন পাতি থুতৰিটো গুজি দি তভক মাৰি ৰ’ল। চকুলৈ লক্ষ্য কৰি ৰথীন্দ্ৰই দেখিলে তাইৰ চলচলীয়া চকুহাল। প্ৰতিমাৰ বাবে এয়া কোনো আচম্বিতে শুনা খবৰ নহয়। যোৱা তিনিবছৰে অৰ্ণৱক চিকিৎসা কৰাই তাই ইতিমধ্যেই বুজি উঠিছে অৰ্ণৱৰ বিদায় সমাগত বুলি । ডাঃ ৰথীন্দ্ৰৰ সহায় আৰু চিকিৎসা নোপোৱা হ’লে অৰ্ণৱক ইমানদিন কাষত নাপালেহেতেন। সেয়ে তাই কৈ পেলালে— “আপোনাৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম।”
ৰথীন্দ্ৰই বুজা-নুবুজাৰ দোমোজাৰে ক’লে— “মইতো একো কৰিব নোৱাৰিলোঁ। অৰ্ণৱ সুস্থ হৈ উঠিব বুলি বহুত চেষ্টা কৰিলোঁ। বহুকেইজন ছিনিয়ৰৰ পৰামৰ্শও ল’লোঁ। কিন্তু অৰ্ণৱক আগৰ দৰে সুস্থ কৰি তুলিব নোৱাৰিলোঁ।”
“সেয়েতো আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম সদায় । আপোনাৰ সহায় নোপোৱা হ’লে অৰ্ণৱক বহুত দিনৰ তা আগতেই হেৰুৱালোঁহেতেন।” মা তার ত
ভডীও নিচেই কম কথা পতা প্ৰতিমাৰ মুখৰ পৰা মাতয়াৰ পাই = ডাঃ ৰথীন্দ্ৰই আকৌ আগৰ দৰে সুধি পেলালে— “তুমি কি ভাবিছা তোমাৰ নিজৰ বিষয়ে? তুমিতো অকলশৰীয়া হৈ পৰিবা?”
ৰথীন্দ্ৰলৈ নোচোৱাকৈয়ে প্রতিমাই কৈ গ’ল— ‘মই গেছে মোৰ বিষয়ে একো ভবাই নাই। অৰ্ণৱক লৈয়ে মই জীয়াই আছোঁ। অর্ণৱ নাথাকিলে ময়ো নাথাকিব পাৰোঁ।” ৰথীন্দ্ৰই কিছু আবেগিক কণ্ঠৰে প্ৰতিবাদ কৰি উঠিল—“তুমি জীয়াই থাকিব লাগিব। অৰ্ণৱৰ প্ৰতি তোমাৰ স্নেহ থকা বাবেই ৮. তুমি জী উঠিব লাগিব আকৌ। অর্ণৱে নিবিচাৰে তাৰ লগতে তুমিও নিঃশেষ হৈ যোৱাতো।”
সুযোগ বুজি ৰথীন্দ্ৰই অলপ অলপকৈ কৈ পেলালে— “প্রতিমা, তুমি জানাই ময়ো যে আজি কত বছৰ ধৰি অকলশৰে আছোঁ । তুমিও অকলশৰে থকাতকৈ আমি দুয়ো একেলগ হ’ব নোৱাৰোঁনে?”
প্রতিমাই কোনো উত্তৰ নিদিলে । আনকি এক অহেতুক, অবাঞ্ছিত কথা এষাৰ শুনি উচপখাই উঠা যেনও দেখা নগ’ল। ৰথীন্দ্ৰৰ সংসাৰ বুলিবলৈ যে এতিয়া একো নাই সেই কথা প্রতিমাই জানে। আগতে কেইবাবাৰো তাই ৰথীন্দ্ৰক আকৌ বিয়া পাতি নতুন সংসাৰ এখন আৰম্ভ কৰিবলৈও কৈছিল।
অৰ্ণৱৰ কাষতে বহি হাতৰ আঙুলিবোৰ টানি টানি তাৰ জঠৰতা লাঘৱ কৰিবলৈ প্ৰতিমাই চেষ্টা কৰিছে। টোপনি নহাকৈয়ে চকু মুদি পৰি থকা অৰ্ণৱক উদ্দেশ্যি তাই ক’লে— ‘হুইল চেয়াৰ এখন অৰ্ডাৰ দিছোঁ । কালিলৈ পাবহি। আবেলি কাবলি বাৰাণ্ডাতে বহিবগৈ। অর্ণৱে অকণমান হঁহাৰ দৰে কৰিলে; একো ক’বলৈ চেষ্টা কৰা নাই সি। এই চাৰিদিনতে প্রতিমাই অৰ্ণৱ শুই থকা ৰুমটো যিমান পাৰে সিমান নতুনকৈ সজাইছে। ৰমেনকাইক কৈ থৈছে পুৱা সতেজ ফুলকেইপাহমান সদায় আনি দিবলৈ; অৰ্ণৱৰ চকুত পৰাকৈ সজাই থ’ব। টিভিটো আকৌ সক্ৰিয় কৰিছে। ড্রয়িংৰুমৰ পৰা আনি অর্ণৱে দেখাকৈ ৱালত লগাই দিছেহি । কলিকতাত অৰ্ণৱৰ শেষ দিনকেইটা পাৰ কৰিবলৈ প্ৰতিমাৰ সত নগ’ল। শৈশৱ-কৈশোৰ পাৰ কৰা তাৰ ঘৰখনৰ পৰাই সি বিদায় লওক। অন্তিম মুহুৰ্তলৈকে তাৰ স’তে প্রতিমাই সময়খিনি পাৰ কৰিব যেনেকৈ বিয়া হৈ অহা দিনাৰ পৰা এইখন ঘৰতে সিহঁতে নতুন জীৱন বিচাৰি পাইছিল। অফিচৰ যাৱতীয় কামবোৰ কৰি এদিন অর্ণৱক লৈ প্ৰতিমা শিৱসাগৰৰ ঘৰখনলৈ গুচি আহিল। ৰথীন্দ্ৰই চিকিৎসা সংক্রান্তীয় সকলো কাম-কাজ ঠিক কৰি দিলে।
ৰথীন্দ্ৰৰ ফোন। অৰ্ণৱৰ ভৰি দুটা পিটিকি থাকোঁতে প্রতিমাই মোবাইলৰ স্ক্ৰীণলৈ চাই ডাঃ ৰথীন বুলি দেখা পালে। আহি পোৱাৰ পাছতে ৰথীন্দ্ৰই ফোন কৰি খবৰ লৈছিল ৷ প্ৰতিমাৰ ব্যস্ততাৰ কথা ভাবিয়েই হয়তো এইকেইদিন ফোন কৰা নাই। অর্ণৱে মোবাইলৰ ৰিংট’ন শুনি ব্যগ্ৰ হোৱা দেখি প্রতিমাই মোবাইলটো দাঙি স্ক্ৰীণখন দেখুৱাই দিলে। মূৰটো অকণমান লৰাই অর্ণৱে কলটো ৰিচিভ কৰিবলৈ ইংগিত কৰিলে। “পিছত ময়ে কৰিম। এতিয়া থাকক” বুলি অর্ণৱক কৈ প্রতিমাই ফোনটো কাটি দিলে। ফোনটো একাষৰীয়াকৈ থৈ অৰ্ণৱৰ ভৰি দুটাত তেল ঘঁহি মালিচ কৰি দিলে।
প্রতিমাই পিছত’ বুলি কৈও ৰথীন্দ্ৰলৈ ফোন নকৰিলে ৷ কলিকতাৰ পৰা আহিবৰ পৰত ৰথীন্দ্ৰই শেষবাৰৰ বাবে কৈ পঠিয়াইছিল— “তুমি কি সিদ্ধান্ত ল’লা মোক জনাবা।”
প্রতিমাই একো সিদ্ধান্ত লোৱা নাই। ৰথীন্দ্ৰৰ কথাখিনিত সত্যতা আছে। জীৱনটো তাইৰ পৰি আছে। অৰ্ণৱৰ উপাৰ্জনত জীয়াই থাকি নিজে উপাৰ্জন কৰাৰ কথা নাভাবিলে তাই। অৰ্ণৱৰ স্মৃতিৰে তাই জীয়াই থাকিম বুলি ভাবি লৈছে। অকল স্মৃতিৰে জানো জীয়াই থাকিব পাৰে মানুহে? জীয়াই থাকিবলৈ মানুহক বহুত কিবাকিবিৰ প্ৰয়োজন হয়। স্মৃতি এক অনুভৱহে। স্মৃতিয়ে নিসংগতাক সংগ দিব নোৱাৰে। স্মৃতিয়ে ভাত-কাপোৰ নিদিয়ে। ৰথীন্দ্ৰই নিজৰ সংগীৰূপে বিচৰাতকৈ তাইক সংগ দিয়াৰ কথাহে কৈছে। যোৱা তিনিটা বছৰ সি প্ৰতিমাক সংগহে দি আহিছে; ইমানদিনে সংগী কৰাৰ কথা কোৱা নাছিল। কি দোষ আছে ৰথীন্দ্ৰৰ। প্ৰতিমাই কথাবোৰ জুকিয়াই থাকোঁতে ৰাতিটো পাৰ হ’ল। পিছদিনা আবেলি হুইলচেয়াৰখন আহি পোৱাত অৰ্ণৱক দাঙি চেয়াৰখনত বহুৱাই বাৰাণ্ডালৈ বাৰাণ্ডালৈ লৈ আহিল। “বকুলৰ পুলিটো ৰুই থৈ গৈছিলা যে চোৱাচোন কিমান ডাঙৰ হ’ল।” প্রতিমাই কাষতে চকীখন লৈ অৰ্ণৱক ক’লে— “তললৈ মূৰ কৰি নাথাকিবাচোন, সৌৱা চোৱা কলিকতাৰ ৰ’দজাকতকৈ ইয়াত আবেলিৰ ৰ’দজাক বেছি ৰঙীন।”
ৰথীন্দ্ৰই ফোন কৰা নাই। ৰথীন্দ্ৰৰ ফোন ৰিচিভ নকৰাটো এয়াই প্ৰথম প্ৰতিমাৰ বাবে। আবেলিৰ এই ৰং দুদিন পাছত অর্ণৱে নেদেখিব। কিন্তু তাই জীয়াই থাকিব। আবেলিটোলৈ নোচোৱাকৈ তাই চকু মুদিতো জীয়াই থাকিব নোৱাৰে। তাই গান্ধাৰীৰ দৰে চকুত কাপোৰ বান্ধি জীয়াই নাথাকে।
ৰথীন্দ্ৰক এনেকৈ অপমান কৰাটোও কৃতজ্ঞতা হ’ব নোৱাৰে। ৰথীন্দ্ৰই বিচৰা ধৰণে তাই সিদ্ধান্তটো জনাই দিব ।
মোবাইলটো লৈ প্ৰতিমাই ফোন লগালে ৰথীন্দ্ৰলৈ। “অৰ্ণৱ কেনে আছে প্রতিমা ? তোমাৰ স্বাস্থ্যলৈও খবৰ ৰাখিবা। থাইৰয়ডৰ টেবলেট খাবলৈ নাপাহৰিবা। শুনাচোন প্রতিমা, তুমি গ’লাগৈ ভালেই হ’ল। তোমাৰ অনুপস্থিতিত মই আকৌ এবাৰ কথাবোৰ জুকিয়াই চাব পাৰিলোঁ। তোমাক সমুখত দেখি থাকি মই হয়তো আৱেগিক হৈ পৰিছিলোঁ সেয়ে তোমাৰ অনিচ্ছা স্বত্বেও তোমাক সংগ দিবলৈ মনটো ব্যগ্ৰ হৈ পৰিছিল। তুমি মোৰ আহ্বানক পাহৰি যোৱা এতিয়া। ভবিষ্যতে তোমাৰ যিকোনো বিপদৰ সময়ত মোক জনাবা । যি পাৰোঁ তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম।”
আবেলিটো সন্ধিয়ালৈ সলনি হ’লনে প্রতিমাইহে আন্ধাৰ দেখিছে। নহয়, ইমান আন্ধাৰ হোৱা নাই। অর্ণৱে তললৈ মূৰ কৰি বহি আছে হুইলচেয়াৰখনত। আন্ধাৰ নহওঁতেই প্রতিমাই চেয়াৰখন চলাই নিলে ভিতৰলৈ।