Home সকলোঃ পুৱাতে নগৰখনে গালে মুখে হাত থৈ বহি থাকে ●দেৱপ্ৰসাদ তালুকদাৰ

পুৱাতে নগৰখনে গালে মুখে হাত থৈ বহি থাকে ●দেৱপ্ৰসাদ তালুকদাৰ

পুৱাতে নগৰখনে গালে মুখে হাত থৈ বহি থাকে

●দেৱপ্ৰসাদ তালুকদাৰ

পুৱাতে মুকলি কৰি প্ৰাৰ্থনাৰ দুৱাৰ খিৰিকী ওলাই আহো প্ৰাতঃভ্ৰমণলৈ ইমান মুকলি হৈ থাকে ফুলৰ সুবাস লৈ উন্মুক্ত বতাহ চাটি যেন সাৰ পাই চুইছেহি গছৰ পাত লতা বন ফুলৰ পাহি

নগৰখনৰ ফুটপাথ, পার্ক, দোকানৰ চুক কোণত খালি হৈ সিঁচৰিত হৈ পৰি থাকে হাফ, কোৱাটাৰ, ফুল কাৰোবাৰ দেহ-মন পূৰ্ণ কৰি ওৰেতো বাতি

ইমান নিকা প্রশান্তিৰে ভৰা দোকমোকালিটো কিবা খালি খালি কৰি থৈ যায়। ভিতৰখন শূন্য হৈ পৰি থকা বটলবোৰ

কি বেদনাত ভাবনাৰ ৰঙীণ গধূলিবোৰ লাহে লাহে গধুৰ হৈ আহিলে ৰাতি দুৰ্ভাৱনাৰ দুৱাৰ খিৰিকীবোৰ খোল খায়

ইমান নিকা হৈ আহে পুৱাৰ দুহাত কোমল মন বননি

চৌপাশৰ নিৰ্জনতাই, শাৰী শাৰীকৈ ৰিঙিয়াই মাতে গা মন গধুৰ হ’লেও কিবা এটা ভাল লগাই পাতলায় মনৰ পদুলি পিছে, এই খেলিমেলি খালি বটলৰ পৰিৱেশে বিচলিত কৰে নতুনক লৈ দেখি থকা সপোনবোৰ

অনিশ্চয়তাৰ সাঁকোখনত নগৰখন কঁপি উঠে বিষাক্তবোৰ গিলি গিলি এচামে পুৱাৰ বেলিটো মনিব নোৱাৰা হয়।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version