Home সকলোঃ কবিতাঃ মোৰ প্রিয় গান নদী ■ ড° তিলক শ‍ইকীয়া

মোৰ প্রিয় গান নদী ■ ড° তিলক শ‍ইকীয়া

মোৰ প্রিয় গান নদী

■ ড° তিলক শ‍ইকীয়া

বতাহত এতিয়াও উপঙি আছে সেই নদীৰ সুগন্ধ

যাৰ তেজস্বী শক্তিত জীপাল হয় পথাৰ

উদ্ভাসিক শস্যৰ দৰে মানুহ।

তথাপি মাজে মাজে কোনোবা নদীয়ে ধৰে কালমূর্তি

শুকান বালিৰে নিৰ্মাণ কৰে এখন ‘চমৰাজান’

নিৰ্মমভাৱে পুতি যায় সেউজীয়া গাঁও অঘৰী হয় মানুহ ।

তথাপিও মোৰ বাবে প্রিয় গান নদী।

বতাহৰ সৈতে যি নিৰন্তৰ সুৰ দিয়ে ঢৌৰ স’তে। ঘৰ মোৰ নদীৰ পাৰত

নদীৰ কল্লোলিত আনন্দই গঢ়ে মোৰ জীৱন।

বহুদিন হ’ল সেই নদীৰ সুৰ মই শুনা নাই।

ভৰলুৰ পানী হ’ল ক’লা, প্ৰতি চহৰৰ বৈ যোৱা জুৰিবোৰ পোত গ’ল জাৱৰৰ তলত

দুর্গন্ধ বতাহে এতিয়া পুতি পেলাই আমাৰ উশাহবোৰ।

বৰ দুৰ্গন্ধময়ী আমাৰ ঘৰবোৰ

বালি আৰু শিলাময় ঘৰবোৰে দি থাকে আমাক যান্ত্রিক উশাহ আমি নিৰ্মাণ কৰো নতুন সভ্যতা।

ইয়াত আছে মাথো কলাপানীৰ জাৱৰে ভৰা সোতহীন নৰ্দমা।

ইয়াত মানুহ নাই।

কেৱল মানুহৰ দৰে আমিবোৰ জীয়াই আছো । , নীৰৱভাৱে

যন্ত্রণাহীন তথাপি এতিয়াও মোৰ বাবে প্রিয় গান নদী

যি ধু দিব পাৰে আমাৰ জীৱন শিৰাই শিৰাই প্ৰবাহিত কৰিব পাৰে অমৃত সুগন্ধ ৷

দুপাৰ বিস্তাৰ কৰি যি নদীয়ে দিব পাৰে শ‍ইচৰ ঐশ্বৰ্য।

শুকান বালিতো গজিব পাৰে এটা সেউজীয়া গান।

অপেক্ষাত আছো সেই গানৰ বাবে

যি গানে সেউজীয়া কৰিব মানুহ ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version