অসমত শক্তি পূজাৰ অনুক্রম
■ হৰমোহন কলিতা
পৰম সত্তাৰ লগত ঐক্য স্থাপনৰ আন্তৰিক প্ৰচেষ্টাক স্বাভাবিকতে ধর্ম বুলিব পাৰি। ধৰ্মক মানুহৰ আধ্যাত্মিক উন্নতি সাধনৰ একমাত্ৰ উপায় বুলি ক’ব পাৰি। আধ্যাত্মিক উন্নতি সাধন কৰা লোকেই নিজৰ জীৱনক সুন্দৰৰূপে গঢ়ি সত্যৰ আদৰ্শ উপলব্ধি কৰিবলৈ সক্ষম হয়। ধৰ্ম, সত্য আৰু সুন্দৰ ত্রিকোণভাবে যুক্ত। সত্য আৰু সুন্দৰ য’ত বিৰাজমান তাতেই শিৱৰ স্বৰূপ উপলব্ধি হয়। ধর্মীয় চেতনাই মানুহৰ হৃদয়-মনৰ উৎকৰ্ষ সাধন কৰি তেওঁক এক অপার্থিব শাস্তিৰ জগতলৈ কঢ়িয়াই লৈ যায়। সামাজিক অনুষ্ঠানৰ জৰিয়তে মানুহৰ মনৰ ধৰ্মবোধ প্রতিষ্ঠিত হয়। যাগ-যজ্ঞ, পূজা-পার্বণ, নাম-কীর্তন, ধর্মালোচনী সভা প্রভৃতি অনুষ্ঠানে একোটা সামাজিক ধর্মীয় অনুষ্ঠান। অতি প্রাচীন কালৰে পৰা ভাৰতবৰ্ষত অনেক দেৱ-দেৱীৰ পূজা-পার্বণ, স্তুতি-ভক্তি-সেবা আদি ধর্মীয় উৎসৱসমূহ পৰম্পৰাভাৱে প্ৰচলিত হৈ আহিছে। জনসাধাৰণৰ মাজত ঐক্য, শান্তি, সম্প্রীতি, সম্ভাৱ আৰু সদাচাৰ গঢ়ি তোলাত ধৰ্মানুষ্ঠানসমূহৰ অৱদান যথেষ্ট।

ধৰ্মীয় অনুষ্ঠানসমূহৰ পৰা ন্যায়-নীতি, আদর্শ, ধর্মীয় বিশ্বাস আদিৰ উপৰিও অসৎ প্ৰকৃতিৰ বিলোপ সাধনতো প্রভাব ঘটে। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে অসম তথা ভাৰতত মানুহৰ আশা-আকাংক্ষা, কামনা-বাসনা, দুখ-দুৰ্গতি, অপায়-অমংগল, অপ্রীতি-অসুয়া, আপদ-বিপদ, বেমাৰ-আজাৰ, মাৰি-মৰক আদিব পৰা পৰিত্ৰাণ পাবলৈ লগতে মনৰ ইন্সিত ফল লাভ কৰিবলৈ দেৱ-দেৱীৰ পূজা-অৰ্চনাৰ ধৰ্মীয় অনুষ্ঠান চলি আছে। ধৰ্মানুষ্ঠানৰ যোগেদি মানুহৰ জীবন সুখময়, মধুময় কৰি এক পৰিপূৰ্ণ মংগলময় জীবন যাপন কৰিব পাবে। ধর্মই মানুহক মাৰ্জিত আৰু সংযত কৰি সুন্দৰ-সুশৃংখল সমাজ গঠনত প্ৰভুত সহায় কৰে। ৰাষ্ট্ৰৰ উৎপত্তি আৰু বিকাশৰ ক্ষেত্ৰৰ লগতে সমাজৰ সংহতি স্থাপনতো ধৰ্মৰ অৱদান যথেষ্ট বুলি ইতিহাসে কয় ।
যি শক্তিৰ বলত ব্ৰিজগত গতিশীল হৈ আছে, সেই শক্তিয়েই পৰম বা আদ্য বা মূল শক্তি। সেই শক্তিৰ নাৰীময়ী ৰূপেই মহাদেবী। পুৰুষ মানে শিৱ আৰু স্ত্রী মানে শক্তি। প্রজনন শক্তিৰ আধাৰতৃতা নাৰীয়েই দেৱী অথবা মহাদেবী। ভাৰতবৰ্ষত অতি প্রাচীন কালৰ পৰা আদ্যশক্তিৰ বিকাশ-বিস্তৃতিৰ উমান পোৱা যায়। ভাৰতীয় সনাতন ধৰ্মৰ মূল গ্রন্থ বেদ চাৰিখন হ’ল — ঋকবেদ, যজুর্বেদ, সামবেদ আৰু অথর্ববেদ। প্রাচীনতম ঋকবেদতেই আদ্যশক্তিৰ উল্লেখনীয় বর্ণনা একাধিক ঠাইত পোৱা যায়। ঋকবেদৰ ‘দেবী’ সুক্তৰ কথা উল্লেখনীয়। ইয়াত দেৱীয়ে নিজেই প্রকাশ কৰিছে যে তেওঁৰ মহিমা সুদূৰসানী, বিশ্বব্রহ্মাণ্ডব্যাপী বিৰাজমান। আদ্যশক্তিৰ কথা সাম বা যজুর্বেদতো পোৱা যায়। ইয়াৰ পৰা অনুমেয় যে বৈদিক পৰম্পৰাত আদ্যশক্তিক বিশেষ মর্যাদা। প্ৰদান কৰা হৈছে। আদ্যশক্তি দেৱী যুগে যুগে মহাশক্তিৰূপে পূজিতা হৈ অহা মহিষমদিনী, অাধিনী আই দুর্গা দুর্গা তনাশিনী, দশভূজা আদিশক্তি মহামায়া । তেওঁ সৃষ্টি, পালন আৰু সংহারকারিণী এক মহাশক্তিৰ আধাৰ। এই মহাশক্তিৰ নারীকলী ৰূপটোৱে মহাদেৱী রূপে প্রতিষ্ঠিতা। দেৱীৰ উদ্ভৱ আৰু বিকাশৰ মূলতেই হ’ল পুৰুষ সমাজে নাৰী সমাজক দেখুওৱা শ্রদ্ধাশীল মনোভাব। ইয়াৰ পৰা কব পাৰি যে দেৱীতত্ব, বাস্তৱতাৰ আধাৰত প্রতিষ্ঠিত।
শক্তিতত্ত্ব বাস্তব উপলব্ধি আৰু বাস্তব উপলব্ধিৰ অন্যতম উদ্দেশ্য নারী সমাজক শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰা। সেইবাবেই বৈষ্ণৱ পৰম্পৰাতো শক্তিতত্ত্বই প্রাধান্য লাভ কৰিছে। অসম শক্তিবাদৰ কেন্দ্ৰ। এই ৰাজ্যত দূৰ অতীতৰ পৰা শক্তিবাদ আৰু তান্ত্রিকবাদে প্রাধান্য লাভ কৰা বুলি এজন ইংৰাজী পণ্ডিতে লিখিছে— Assam or atleast the northeast of Bengal seems to have been in [ great degree. The source from which the tantrika and sakta corrup- |tions of the reli- gion of the vedas and Purunas Proceded.
উইষ্টাৰ নিজৰ মতেও শক্তিতত্ত্ব আৰু তান্ত্রিকবাদৰ উৎপত্তিস্থল অসম আৰু বংগদেশ। ইয়াৰ পিছত ভাৰতৰ বাহিৰেও নেপাল, তিব্বত, চীন আদি দেশত বিস্তৃতি লাভ কৰিছে। প্ৰাচীন কামৰূপ যে শক্তিপূজাৰ কেন্দ্ৰ আছিল তাৰ স্পষ্ট প্রমাণ শিল্প-ভাস্কর্য, তাম্রলিপি, বাচিক কলা বা মৌখিক সাহিত্য, লিখিত সাহিত্য আদিয়ে দিব পাৰে।
প্রাচীন অসম তথা প্রাগজ্যোতিষপুৰ কামৰূপ অতীজতে অষ্ট্ৰিক আৰু কীৰাসকলৰ বাসস্থান আছিল। অষ্ট্ৰিকসকল দেৱী পূজা আৰু কীবাৰ্ট সকল শিৱ আৰু শক্তিপূজাব ভক্ত। সেয়েহে আর্য সংস্কৃতিয়ে অসমত প্ৰৱেশ কৰাৰ বহু বছৰ আগৰে পৰা দেৱ-দেৱীৰ পূজাৰ প্ৰচলন থকাটো প্রামান্য। দেৱী পূৰাণত উল্লেখ থকা মতে কামাখ্যার গিৰিবন্দৰত দেৱীক পূজা-অৰ্চনা কৰাৰ সনাতন কালৰ পৰা চলি আহিছে। দেৱী পুৰাণৰ ভাষাত — “জেে দেবীং কামাখ্যা গিৰিবন্দৰে ।”
খ্রীঃ দশম-একাদশ শতিকা মানত ৰচিত কালিকাপুরাণ গ্ৰন্থই এই দেশত দেৱী তথা শক্তিতত্ত্বৰ ব্যাপকতা, গভীরতা আৰু জনপ্ৰিয়তাৰ স্বাক্ষর বহন করে। খ্রী: দ্বাদশ শতিকাত ৰচিত যোগিনীতন্ত্ৰৰ পৰা অসমত দেৱীতত্ত্ব সাধনাৰ প্ৰাবলাৰ প্রমাণ পোৱা যায়। প্রাচীন অসমৰ বৰ্মন আৰু পাল বংশীয় ৰজাসকলৰ তাম্ৰলিপি, শিলালিপিৰ পৰা শক্তিবাদन বিকাশ- বিস্তৃতিৰ উমান পোৱা যায়। বিশ্বসিংহ, নকনাবায়ণ, গুরু সাজ আদি ৰজাসকল শাক্ত ধৰ্মৰ প্ৰতি অনুৰাগী হোৱাৰ কথা দৰং ৰাজবংশাৱলীত সন্নিবিষ্ট থকাৰ বাবে স্পষ্টকৈ জানিব পাবি।
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰজাঘৰত মহাপয়োভৰেৰে দুর্গা পূজা পাতিছিল। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে আহোম ৰাজত্ব কালছোৱাত অসমত শাক্ত ধর্মই গুরুত্ব লাভ কৰিছিল। ৰুদ্ৰসিংহই নিজে শাও ধৰ্মত দীক্ষিত হোৱা নাছিল। যদিও পুত্ৰসকলক নদিয়া শান্তিপুৰৰ বিশিষ্ট শাক্ত তান্ত্রিক পণ্ডিত কৃষ্ণলাম ভট্টাচাৰ্যৰ দ্বাৰা দীক্ষা দিয়াইছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত শাক্ত ধর্মীয় সাহিত্য ৰচনা কৰি দেৱীৰ অলৌকিক মহাত্মা আৰু কাৰ্যকলাপৰ বিৱৰণ দিছিল। আহোম ৰজা ফুলেশ্বৰীৰ আমোলত শাক্ত কবিসকলৰ ভিতৰত অনন্ত আচার্যই আগস্থান পাইছিল। তেওঁ লিখা ‘আনন্দ লহৰী’ পুথিখনত আদ্যশক্তি দুর্গা দেৱীৰ ৰূপ- সৌন্দৰ্য আৰু মহাত্ম্য প্রকাশ পাইছিল। বাজেশ্বৰ সিংহৰ আমোলৰ কবি কচিনাথ কন্দলিয়ে ‘মার্কণ্ডেয়চণ্ডী’ আৰু ‘কল্কি পূৰাণ’ ৰচনা কৰিছিল। ৰামচন্দ্ৰ বৰপাত্ৰ সেই যুগৰ এগৰাকী তান্ত্রিক কবি। তেওঁ যোগিনীতন্ত্ৰ নামৰ পুথিখন ৰচনা কৰা বুলি জনা যায়। সেই যুগতে ৰচনা কৰা ‘কামৰত্নতন্ত্র’, ‘গুপ্তমণি’, ‘ওপ্ৰসাৰ’ আদি শাক্ত ধর্মীয় পুথি পোৱা গৈছে।
দেবী ভাগৱতৰ মতে দেবী দুর্গালৈ পোনপ্ৰথমে সুৰথ ৰজাই পূজা-অৰ্চনা আগবঢ়ায়। তাৰ পিছত ৰামচন্দ্ৰই ৰাৱণক বধ কৰিবৰ নিমিত্তে শরৎ কালত দূৰ্গা দেৱীক পূজা কৰে। মহাশক্তিরূপিনী দেৱী দূর্গাক ভিন ভিন সময়ত ভিন্ন ধৰণে পূজা- অৰ্চনা কৰিছিল। শাস্ত্ৰ বা পুৰাণসমূহৰ মতে ভগৱান শ্ৰীকৃষ্ণই সৃষ্টিৰ বাবে শক্তিৰ প্ৰয়োজনত দেবী পূজা আগবঢ়াইছিল। মহাদেৱে ত্ৰিপুৰাসুৰক নিধনৰ বাবে, দেৱৰাজ ইন্দ্ৰই লক্ষ্যভ্রষ্ট হৈ আশা সিদ্ধিৰ বাবে আনকি ব্রহ্মাদেৱেও এসময়ত দূর্গা দেৱীক পূজা কৰিছিল বুলি জনা যায় ।