Home সকলোঃ কবিতাঃ যন্ত্ৰণাৰ অমোঘ প্ৰক্ৰিয়া-ৰিতুপৰ্ণ শৰ্মা

যন্ত্ৰণাৰ অমোঘ প্ৰক্ৰিয়া-ৰিতুপৰ্ণ শৰ্মা

স্তিমিত বৈভবমুখৰ সন্নবেশিত  সাত্বিক জীৱন জাগৰণৰ নিসৰ্গ উপত্যকা শাশ্বত বোলোৱা ফাকু ৰঙৰ

যন্ত্ৰণাৰ অমোঘ প্ৰক্ৰিয়া
——————————
থমকি ৰোৱা স্মৃতিবোৰ
নকৈ সজোৱাৰ অভিলাস লৈ
পুনৰ উভতি নোযোৱাৰ বাটলৈ
এখোজ দুখোজকৈ আগৱাঢ়িলো
স্বপ্নীল প্ৰত্যাশাৰ নীৰৱ যন্ত্ৰণা
সেই গতি বলিছিল নেকি বতাহ ধুমুহা
ৰূপ পকনীয়া জুৰি আছিল অপত্য স্নেহ
আপোনজনৰ হৃদয়ৰ গুনগুনিবোৰ
নিতাল মাৰিছিল যাত্ৰাপথৰ জেংজোং
যন্ত্ৰণাক্ষিপ্ত অস্ফুট জীৱন ধাৰাৰ প্ৰতিলিপি 
স্তিমিত বৈভবমুখৰ সন্নবেশিত 
সাত্বিক জীৱন জাগৰণৰ নিসৰ্গ উপত্যকা
শাশ্বত বোলোৱা ফাকু ৰঙৰ
উজ্জীৱিত সৃজনীশক্তিৰ আপদীয় সন্ধিক্ষন
অজস্ৰ হেঁপাহ এলানি আৱেগ
নিয়ৰভঙা হৃদয়ৰ পদূলি
উন্মদ ঐতিহ্যৰ ৰৈ যোৱা
নৈ:শন্দ্যৰ প্ৰাপ্তিৰ শূন্য সংঘৰ্ষ
অট্ৰহাস্যৰ নৃত্যধতা প্ৰচ্ছদপট
নগ্ন আবেশৰ ছাইৰঙী অস্তিত্ব
অৰ্থলিস্প পদপথত প্ৰতিনিয়ত মেৰুনৰঙী
ৰিক্ত বিবেক এপিয়লা সুখ
আৰ্তস্বৰ জড়তাৰ অনামী সন্ধিক্ষন
হৃদয়ৰ বুকুচাৰ অস্ত্ৰবিহীন স্বপ্নদ্ৰস্ট্য
বিষাদৰ নীৰব হন্ন বলয়
অদৃশ্যৰ মাজত বিলীন হব দিয়া
দুটি ক্ষন দিগন্তৰ সীপাৰে অলপ জিৰণি দিয়া।
             ৰিতুপৰ্ণ শৰ্মা
             বেলতলা
   যোগাযোগ: ৯৭০৭০৭৫৮৪৪

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version