দৃষ্টিহীন স্বপ্নৰ শলিতা
—————————–
আশাৰ বহাগত সপোনৰ ডেউকা
ফাগুনৰ বিবস্ত্ৰ বতাহছাটিয়ে
উতুৱাই নিয়া জোবোৰা সপোনবোৰ
অনুভূতিৰ ঢেৰেকনি নিৰবধি দাপোন
হৃদয়ৰ নীলা কাঁইটবোৰ পূৰঠ হৈ উঠিছে
লেৰেলিব খোজা অজুত নিৰ্ভয়
শূন্যতাৰ পয়োভৰত উত্ৰাৱল
চিৰযৌবন জোনাকৰ কাল নিৰৱধি
নি:সংগতাই যুগ যুগৰ উপাসক
আলোকিত ৰক্তজবাৰ সপোনৰ গান
ঘূৰ্নিচক্ৰৰ কাল অমানিশাই
ভ্ৰমি যোৱা উন্মাদনাৰ দস্তাবেজ
কুৰুকি কুৰুকি সোমাই পৰা
নিৰ্বাসিত কলিজাৰ তস্নাতৰ ৰন্ধ্ৰবোৰ
আলিঙ্গনৰ পৰিভাষাৰ গুঞ্জন।।
বশিষ্ঠ ত্ৰিদিপ শৰ্মা
বেলতলা
৯৭০৭০৭৫৮৪৪
