Home সকলোঃ কবিতাঃ ক্ৰুৰতাৰ চিত্ৰকৰ তুমি—বাবু শৰ্মা

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি—বাবু শৰ্মা

পংকিলতাৰ শুকান পাতত বনৰীয়া বহাগৰ সন্তুষ্টিৰ সৰাপাত আৱাহনৰ চন্দ্ৰবদন লয়সাৰ কৰ্ণকুহুৰ

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি
——————————
নিৰন্ধ্ৰ সেমেকা মজিয়াত
অতিক্ৰমী ডুৰন্ত্ৰ পকনীয়া সোঁত 
নৰখাদকৰ অজান্তি শূলত চৈতন্য
সত্ত্বাৰ ঝংকাৰত নসজাবা সিৰা উপসিৰাবোৰ 
পংকিলতাৰ শুকান পাতত
বনৰীয়া বহাগৰ সন্তুষ্টিৰ সৰাপাত
আৱাহনৰ চন্দ্ৰবদন লয়সাৰ কৰ্ণকুহুৰ
প্ৰনয়ৰ ঢৌ সিঁচা ৰূপৰ ৰহণ
  পূৰ্বধাৰ ভৰুন বুকুত
মাদকতা ভৰা আমেজৰ সেউজ দলিচাখন
আলিংগন মৃগনাভীৰ ফাগুন সবস
শিমলুৰ আৱেগবোৰ আজি মদাৰক
স্পৰ্শআতুৰা জিৰিক জিৰিক শব্দই
শিহৰণ কৰি তোলা সজীবন স্মৃতি।।
    
         
           বাবু শৰ্মা
           বেলতলা
           যোগাযোগ:
           ৯৭০৭০৭৫৮৪৪

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version