Home সকলোঃ কবিতাঃ বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

প্ৰকৃতিৰ ন-ফুলৰ ৰাঙলী  আভাষৰ দলিচা  ৰঙা শিমলুৰ পাৰভগা আনন্দ  শিমলুৰ উদং বুকু সজীবন হব

বহাগৰ গীতাঞ্জলিত এভুমুকি
————————————–
প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ
যৌৱনৰ মাদকতা ভৰা ঝংকাৰ
কপৌ পাহিয়ে নিজৰা বিয়পাব প্ৰেমিকৰ অন্তৰ 
নাহৰ তগৰৰ উপসিৰাত সাঁতোৰিব পকনীয়া আশা
জেতুকাৰ সৃস্টিৰ জীৱন কলাৰ ভাৱনাৰ মোহ
জীপাল বৃস্টিয়ে মন আজোঁৰা সেমেকা মজিয়া
ঠেৰেঙা লগা শীতৰ মৃগনাভিৰ ৰূপৰ ৰহণ
প্ৰকৃতিৰ ন-ফুলৰ ৰাঙলী  আভাষৰ দলিচা
 ৰঙা শিমলুৰ পাৰভগা আনন্দ
 শিমলুৰ উদং বুকু সজীবন হব
বহাগৰ স্পৰ্শ আতুৱা জিৰিক জিৰিক বাঁহীৰ সুৰ
বহাগৰ আবেগে টগবগাই যৌৱনৰ মধুৰ ক্ষন
বহাগত জী উঠা কপৌৰ শিহৰণ ধ্বনি
জীৱন জীয়াৰ অনন্য যাত্ৰা
কলিজাত ৰহণ সনা নাচনীৰ নুপুৰ দৃষ্টিভংগী
নাচনীৰ নাচত উত্তাল জীৱাস্মৰ সৰাপাত
ৰিঙা ৰিঙা মাতেৰে যৌৱনৰ আগজাননি দিছে
বহাগৰ ডোলে সিঁচি দিয়া প্ৰণয়ৰ পুস্পবোৰ
মানস পটৰ স্মৃতিত আপোন বহাগ
সেউজ সপোন ৰচাৰ বাট বুলিছে
দেহ মন উত্তাল কৰা বহাগৰ ভৰুন বুকু।।
       ৰিতুপৰ্ণ শৰ্মা
       বেলতলা, চন্দন নগৰ
       যোগাযোগ:
       ৯৭০৭০৭৫৮৪৪

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version