Home ব্য়ৱসায়-বাণিজ্য়ঃ বিশেষ লেখাঃ ফাটবিহু: বৰ অসমৰ সংস্কৃতিৰ নিভাজ বর্নিল চিত্রকলা 🖊️ ড° নন্দ সিং বৰকলা

ফাটবিহু: বৰ অসমৰ সংস্কৃতিৰ নিভাজ বর্নিল চিত্রকলা 🖊️ ড° নন্দ সিং বৰকলা

দ্বিতীয় বিশ্বযুদ্ধ, ৪২১ ভাৰত ত্যাগ আন্দোলন, ৪৬১ মুছলিমৰ ডিৰে” একচন ডে বা দেশ স্বাধীন হোৱাৰ সময়ত নোৱাশালিৰ ৰক্তৰজ্ঞিত হৃদয় বিদাৰক ঘটনাপ্রবাহত দেশত নানান আহুকালে দেখা দিছিল। এইবোৰৰ মাজত অসমৰ মানুহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা হৃদয় আকর্ষক।

হঘুলি চাপৰি এক হৃদয় পৰশা ঠাই। ঢকুৱাখানাৰ মাটিক ৰসাল কৰা ফাট বিহু আমাৰ স্বাধীন সংস্কৃতিৰ নিভাজ, পৰিশিলিত বৰ্ণময় ৰূপক ভাস্বত কৰা কলাৰূপ৷ চাৰিকড়ীয়া নৈ পাৰৰ এই পূণ্যভূমিৰ পৰাই আমাৰ সংস্কৃতিৰ চিত্ৰমূল্যই বৰ্নিল হৈ বাখ্যা কৰিছে ঐতিহ্য প্ৰীতিৰে মানুহৰ বৰ্ণনা।
প্রাচীন কালৰে পৰা ঢকুৱাখানা অঞ্চলত সাহীকভাৱে ব্যৱসায়-বাণিজ্য কৰা ঠাইত আহোমৰজাৰ বিষয়াবৰ্গই কৰ সংগ্ৰহ কৰাৰ পৰাই এই ভূখণ্ড ‘ফাট’ নামেৰে জনাজাত।
               মানুহৰ বিৰল, বিমল, মুকুলৰ অনন্য সমাগম ফাট বিহুৰ অনন্য চিত্ৰৰ সচিত্ৰ ৰূপ। গছতলত বিভিন্ন জাতি- জনগোষ্ঠীৰ মূলতঃ মিচিং সোনোৱাল কছাৰী, দেউৰী, চুতীয়া, মৰান, তিৱা আদিয়ে প্ৰদৰ্শন কৰা মুকলি বিহু, গছতলৰ বিহু, টকা বিহু, মাছমৰা বিহু, শ‍ইচ উৎপন্ন কৰা দৃশ্যসজ্জাৰ বিহুনৃত্য, গীত-মাতে হৃদয়ৰ সমস্ত বন্ধ দুৱাৰ- খিড়িকি খুলি আহ্লাদিত কৰে।
               আদিতে ইয়ালৈ আদি, অঁকা, ডফলা, আপাতানিলোক সকলে অৰুনাচলৰ নেফাৰ পৰা আহি ফাটবিহুত বিহু মৰা শুনা যায়। তাই ভাষাৰ শব্দ ‘ফাটে’ নৈৰ পাৰত একত্ৰ হৈ বেপাৰ কৰা কালত কৰ আদায় কৰা ঠাইক সূচায়৷
                গনমুখী ফাটমুখী অসমৰ অন্যান্যবোৰ ঠাইত হোৱা বিহুতকৈ সুকীয়া। পৃথক ইয়াৰ ৰূপৰেখাও। বর্ণাঢ্য আৰু বিশাল জনসমুদ্ৰৰ পৰিভাষাত লিপিত খাই আছে আধুনিক মঞ্চ বিহুৰ বিপৰীতে প্ৰাচীন ঐতিহ্যৰ ঐতিহাসিক পৰম্পৰাৰে জাতীয় সাজ-পাৰ, গীত- মাতত নিভাজ থলুৱা সুৰ-শব্দৰ বাংময়তা, জাতিভেদ সীমাৰ পৰা বহুদূৰত অৱস্থান, ৰাজনীতিৰ উদ্ধত ফাট বিহুৰ ঢকুৱাখানাই বৰ্ণময় বিভিন্ন জনগোষ্ঠীৰ সমন্বয়েৰে এক নিজস্ব গৰিমা প্ৰতিষ্ঠা কৰি আছে বাবেই অসমৰ জাতীয়তাবাদৰ বাবে স্বতন্ত্র একক কাঠামো বর্ণিল সংস্কৃতি ঢকুৱাখানাৰ ফাটবিহু।

               অসমীয়া ভাষা, সংস্কৃতি, লোকচাৰৰ সৰ্বশ্ৰেষ্ঠ উৎসৱ ৰঙালীবিহু। ফাট বিহু আৰু অসমৰ অন্যান্য ঠাইৰ বিহু এই দুয়োৰে মিলন যদি ঢকুৱাখানাৰ ফাট বিহুৰ ৰঙেৰে সম্পুৰ্ক হয় তেন্তে আমাৰ জাতীয় জীৱন অধিক তেজস্বী হোৱাই নহয় বিহুয়ে বিশ্বায়নৰ প্ৰৱল খুন্দাৰ মৰাৰ পিছতো ভাস্কৰ হৈ জিলিকিব।

সূত্ৰধাৰাৰ অবিহনে যিদৰে অংকীয়া ভাওনা কল্পনা কৰা নাযায় সেই দৰে ফাট বিহু নেদেখিলে কোনেও ফাটবিহু সংস্কৃতিৰ মৌলিকতা ইয়াৰ ব্যাকৰণ বহুমুখী সৃষ্টিৰ প্ৰতিভা উপলব্ধি কৰিব নোৱাৰিব। গৌৰৱেৰে ক’ব পাৰি ঢকুৱাখানাৰ মাটিত থিয় হৈ হৃদয়ত গভীৰ বিশ্বাস জন্মিছে আমাৰ সংস্কৃতিয়ে ঐতিহ্যবহন কৰি জীয়াই থাকিব।
                “১৯১৭ চনৰ ৰাচিয়াৰ অক্টোবৰ” বিপ্লৱে ঢকুৱাখানাৰ মানুহৰ মনকো আঁচুৰি ঢপলাইছিল। সেয়ে ১৯১৮ চনত ফাট বিহুৱে নিজৰ গতি ৰুদ্ধ কৰিবলৈ বাধ্য হৈছিল । বৃটিছৰ নানান চক্ৰান্তত হোৱা হেৰুৱা ফাট বিহুৱে পুনৰ বহু সংঘাট, ত্যাগ আৰু যন্ত্ৰণাৰ মাজেৰে পঞ্চাশৰ দশকত পুনৰ আত্মপ্ৰকাশ কৰে ৷ এক ঐতিহাসিক কাৰকে প্রভাৱ বিস্তাৰ কৰা ফাট বিহুত ঢকুৱাখানা অঞ্চলৰ মানুহৰ চেতনা নিহিত আছে মানৱীয় প্ৰমূল্যক জীয়াই ৰখা জাতীয় লোক জীৱনৰ দৰ্শন, সংস্কৃতিৰ অম্লান আলোক বন্তিৰে। বিকৃত বেবেৰিবাং, দৃশ্যসজ্জা, বিহুৰ স্বকীয় মহিমাৰ সীমা ভাঙি অশ্লীল মাত-কথাৰ পৰা বহুদূৰত অৱস্থান কৰা ফাট বিহুৰ স্বকীয় মহিমা সুন্দৰ, নৃত্য-গীত, মাতত মৌলিকতা সু-তীব্র, সাংস্কৃতিক পৰিকাঠামো পুৰঠ বাবেই ইয়াৰ গনসংযোগ বাঢ়িছে। আধুনিক মঞ্চ বহুত প্রতিযোগিতা থাকে অন্তৰালত বহুজাতিক কোম্পানীৰ বা বিশ্বায়নৰ মুনাফা লাভৰ চক্ৰান্তই গা-কৰি উঠিছে। গীত-মাতত শ্রুতিকটু উশৃংখলতাৰ মাজত ফেশ্বন আৰু ব্যৱসায়ীক মৰ্যদাত বিহু বিকৃত হৈ ক্ৰমশঃ পন্য হৈ বুৰ্জোৱা শ্ৰেণীৰ দাস হোৱাৰ পথত।
                 এই আধুনিক মঞ্চ বিহুৰ পৰিৱৰ্তে চাৰিকড়ীয়া নৈৰ পাৰৰ নৈসগিক প্রাকৃতিক দৃশ্যসজ্জা কৃষি কৰ্মৰ সতে জড়িত ফাট বিহুৱে মানুহৰ জীৱন ধাৰণৰ লগত অন্তৰ্নিহিত হৈ থকা আৱেগ-অনুভূতি, কৃষি অনুসন্ধান, প্রেম, ভালপোৱাৰ চিত্ৰমূল্যক মনোজ্ঞৰূপতে আন্তৰিক আবেদন ৰূপে আমাৰ হাতত ধৰিবলৈ সক্ষম হৈছে। শ্ৰমজীৱি, কৃষিজীৱি গ্ৰাম্যজীৱনৰ মানুহৰ হা-হতাশা, আশা, প্রত্যয়, প্রত্যাশা আৰু সদ্দিচ্ছাক প্ৰাণৱন্তৰূপ দিয়ে বাপতি সাহোন বিহুটিয়ে।
          ফাটবিহুৰ আনন্দত মতলীয়া ঢকুৱাখানাৰ মানুহে মানুহক বুকুৰ উষ্ম আদৰনি জনালে । অসম তথা উত্তৰ পূৰ্বঞ্চলৰ সৰ্বপ্ৰান্তৰ মানুহৰ সমাগমে পূণ্যস্থানলৈ ৰূপান্তৰ কৰিলে ঢকুৱাখানাক। আতিথ্যপৰায়নতা ঢকুৱাখানা মানুহৰ অনন্য ৰূপ দেখি হৃদয় ৰোমঞ্চিত।
‘GUN’ ৰ গতি স্তব্ধ হৈ “গান” আৰু ‘নৃত্য’ৰ গতি সাৱলীল পৰিশিলিত হোৱা মহঘুলি চাপৰিৰ ভূমিত জীৱনৰ সন্ধান কৰোতে ফাটবিহুৱে বিৱৰ্তনৰ মাজেৰে সময় পাৰ কৰোতে ১৯১৮ চনৰ ফুটপাত আৰু ইংৰাজৰ বিৰুদ্ধে স্থানীয়লোকৰ বিদ্ৰোহৰ পটভূমিত স্বাধীন চেতনাৰ নৱৰূপে মনাকাশত নতুন নতুন চিন্তা-চেতনাৰ জন্ম দিলে। ইংৰাজৰ লুণ্ঠন চৰিত্ৰই ফাট বিহুক ম্লান কৰি আনিছিল। আর্থিক সংকট ইয়াৰ মূল কাৰকবোৰৰ ভিতৰত অন্যতম। সেই লুটপাতৰ ঘটনাই বিৰল আৰু জঘন্য ঘটনা হৈ ৰ’ল।
এই ঘটনাৰ লগতে দেশত নানা ঘটনা সংঘটিত হ’ল। অসহযোগ আন্দোলন (১৯২১), সাম্প্রদায়িক সংঘর্ষ (১৯২৪) আইন অমান্য আন্দোলন (১৯৩০)
              দ্বিতীয় বিশ্বযুদ্ধ, ৪২১ ভাৰত ত্যাগ আন্দোলন, ৪৬১ মুছলিমৰ ডিৰে” একচন ডে বা দেশ স্বাধীন হোৱাৰ সময়ত নোৱাশালিৰ ৰক্তৰজ্ঞিত হৃদয় বিদাৰক ঘটনাপ্রবাহত দেশত নানান আহুকালে দেখা দিছিল। এইবোৰৰ মাজত অসমৰ মানুহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা হৃদয় আকর্ষক। ঢকুৱাখানাৰ মানুহে স্বাধীনতা আন্দোলনত কৰা কষ্ট, ত্যাগ, মাটি, জাতি, দেশ-সংস্কৃতিৰ কথাকে দোহাৰে। যিয়ে এই মানুহখিনিক ধৰি ৰাখিছে ফাটবিহুৰ জৰিয়তে। ফাটবিহুৰ শৃংখলাৱদ্ধ পৰিভাষাত বাস্তৱত বিৰল ছবিখনৰ বিনন্দীয়া শান্ত অনুভৱে সংস্কৃতিৰ বাবে যেন আত্মোৎসর্গ মনোভাৱ জগাই তোলে।
               ফাটবিহুৰ গৱেষণা, অধ্যয়ন, প্ৰসাৰ, প্ৰচাৰ, শিক্ষনত দেখিবলৈ পাম আমাৰ সামাজিক ঐক্য, সম্প্রীতি, সংস্কৃতিৰ ঐতিহ্যৰ বৰ্ণময় ৰূপ মানমূল্য। ফাটবিহুৱে বাস্তৱৰ কৰটি শিলৰ ফাঁকেৰে সৰকি অহা নিৰ্মল পানীৰ ৰূপ পাইছে কেৱল ঢকুৱাখানাৰ মানুহৰ সাংস্কৃতিক চেতনা তীব্ৰতাৰ বাবে। মোৰ জীৱনৰ অভিধাত ফাট বিহু সেউজীয়া বসন্ত।
             ঢকুৱাখানাৰ বিৰল জনতাৰ মহাদৰ্শনৰ কৰবাত হয়তো ভৱিষ্যতে ফাট বিহুৱে বিৰূপ ৰূপ ধাৰণ কৰিব পাৰে যদিহে বিশ্বায়নৰ বেপাৰীসকলক আমন্ত্ৰণ জনোৱা হয় ৷ যিদিনাই এনে হ’ব সেইদিনা ফাটবিহুও পন্য হ’ব। হেৰুৱাব নিজস্ব সংস্কৃতিৰ ধ্ৰুপদী ৰূপৰ নান্দনিক দৃষ্টিনন্দন বিহুটিয়ে তেতিয়াই কেংগেৰুৰ আগঠেং দুখনৰ দৰে হৈ পৰিব হয়তো ফাটবিহু।
           ফাটবিহুৰ অনুষ্ঠানলৈ তেলমৰা শিল্পী বা ৰাজনৈতিক নেতাৰ আগমন হ’লে ফাটবিহুৰ আকৰ্ষনৰ কিছু অংশ তেওঁলোকে কাঢ়ি নিব। ঐতিহ্যখিনি মানুহৰ জীৱনৰ গ্ৰাম্য চেতনাক জীয়াই ৰাখিবলৈকে কিছু কঠোৰ স্থিতি গ্রহন কৰাটো বাঞ্চনীয়।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version