Home ব্য়ৱসায়-বাণিজ্য়ঃ বিশেষ লেখাঃ চাহ শ্রমিক জনজীৱনত ৰঙালী বিহুৰ প্ৰভাৱ 🖊️ দিলীপ তাঁতী

চাহ শ্রমিক জনজীৱনত ৰঙালী বিহুৰ প্ৰভাৱ 🖊️ দিলীপ তাঁতী

প্ৰকৃতিৰ লিলা ভূমি আই অসমী। অসমৰ প্ৰাকৃতিক ৰূপ সৌন্দৰ্যই সমগ্ৰ বিশ্বৰ জনগণৰ চকুত চমক সৃষ্টি কৰি আহিছে। ঋতু পৰিৱৰ্তনৰ লগে লগে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰো পৰিবৰ্তন হয়। এই প্রাকৃতিক পৰিবৰ্তনৰ লগে লগে মানুহৰ মনৰো উৎসাহ- উদ্দীপনা · আনন্দ উল্লাস, মনৰ অৱকাশ আদি ভাৱ ৰাজিৰো পৰিবৰ্তন হোৱা পৰিলক্ষিত হোৱা দেখা যায়। মানুহ, প্রাকৃতিক সৌন্দৰ্যৰ উপাসক। প্রকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ৰূপসুধা পান কৰাত
আপোন পাহৰা হয়। সৃষ্টিৰ পাতনিৰে পৰা মানুহে প্ৰকৃতিৰ পৰা পোৱা উপকাৰ পাহৰিব নোৱাৰি ভিন ভিন ঋতুত ভিন ভিন উৎসৱ- পাৰ্বণৰ মাজেৰে প্ৰকৃতি ৰাণীক আদৰি আহিছে।
শীতৰ কুঁৱলী ঠেলি নীৰস শুকান এটা আবেষ্টনীৰ পৰা মুক্তি লাভ কৰি ঋতু ৰাণী
বসন্তৰ আগমনৰ লগে লগে আই অসমীৰ প্ৰাকৃতিক সৌন্দৰ্য এগৰাকী পূৰ্ণ যৌৱনা গাভৰুৰ দৰেই চঞ্চলা হৈ পৰে। গছ-গছনিয়ে নতুন সাজ পিন্ধে। শুভ্ৰ পুষ্পৰে সুশোভিত হয় বিৰিখৰ লঠঙা ডাল৷
কামিনী-কাঞ্চন, নাহৰ, তগৰ, কেতেকী, পলাশৰ আমোল-মোলত বসন্তৰাণী অলংকৃত হয় ন-কন্যাজনীৰ সাজত।
মানৱৰ ক্ৰমবিৱৰ্তনৰ লগে লগে কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰাৰ পৰাই কৃষিৰ ওপৰত ভিত্তি কৰিয়েই বিভিন্ন উৎসৱ পাৰ্বণ উদযাপন কৰি আহিছে। প্ৰকৃতি ভূমি উৰ্বৰা হৈ শস্যৰে নদন-বদন হোৱাৰ কামনাৰে সহস্ৰ উপচাৰেৰে পালন কৰা হয় বসন্ত উৎসৱ। পথাৰ শুৱনি হৈ পৰা শ্যামল বৰণীয়া শস্য নষ্ট নহ’বৰ বাবে কাতি মাহত তুলসী তলত জ্বলোৱা বন্তি গছিৰে প্ৰাৰ্থনাৰে পালন কৰোঁ কাতি বিহু । পথাৰৰ সোণোৱালী সোণ গুটি চপাই হোৱাৰ অন্তত পালন কৰোঁ ভোগালী বিহু ভোগৰ মাধ্যমেৰে।
অসমী আইৰ বুকুত অসমীয়া জনজীৱনে বহু যুগৰ পৰাই পালন কৰি আহিছে, অসমীয়াৰ বাপতি সাহোন এই তিনি বিহু উৎসৱ। এই তিনি বিহু উৎসৱ এতিয়া হৈ পৰিছে অসমীয়া জাতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগ স্বৰূপ। অসমীয়া জাতীয় জীৱনৰ সামাজিক পৰিবৰ্তনৰ লগে লগে বৃদ্ধি পাইছে বিহু উৎসৱৰ বিচিত্ৰতা।
বিহু — সংস্কৃতিৰ ভোগজৰা, ভোগ মনৰ ভোগথলী, ৰঙাইৰ ৰংচৰা। বিহুত আছে ভোগৰ আনন্দ, তৃপ্তিৰ ৰসস্বাদ, সৃষ্টিৰ গৌৰৱ আৰু দৃষ্টিৰ ৰোমাঞ্চ। বিহুৱে বহন কৰে অতীতৰ ইতিহাস, বৰ্তমানৰ বিৱৰ্তন আৰু ভৱিষ্যতৰ ভৱিষ্যতবাণী। সমাজ জীৱনত আনন্দৰ কল্লোলে কঢ়িয়াই আনে জাতিৰ গৌৰৱ ৷
উজ্জ্বল-অনুজ্জ্বল সহস্ৰ তৰাৰে বুটা বছা বিশাল মুক্ত আকাশৰ দৰেই পৰিপুষ্ট বৰ লুইতৰ দুয়ো পাৰ বিভিন্ন জাতি, জনজাতিৰে। বসন্ত ৰাণীৰ আগমনত সকলো জাতি, জনগোষ্ঠীৰ ডেকা গাভৰুৰ মন মতলীয়া হৈ পৰে সুগন্ধি কেতেকীৰ মনমোহনীয়া আমোল-মোলত ৷ বৰ লুইতৰ দুয়ো পাৰৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ ডেকা গাভৰুৰ দৰেই চিৰসেউজ কুঁহিপাতৰ অংকুৰে অংকুৰে সোমাই থকা চাহ শ্রমিক ডেকা গাভৰুৰ মনো বসন্ত ৰাণীৰ আগমনত মতলীয়া হৈ পৰে ঢোল, পেঁপা, গগণাৰ মতলীয়া ছেৱত। পাহৰি যায় নিজকে শ্রমিক জনগোষ্ঠীৰ বুলি। জাতি ভেদৰ শংকা বাদ দি মতলীয়া হৈ পৰে বিহু গীতৰ অমল অনুৰাগত ৷ প্ৰৱাহ মান হৈ পৰে আৱাহমান গতিৰ বৃহত্তৰ অসমীয়া জাতিৰ মূল সুঁতিৰ লগত । সকলো শ্ৰমিক ডেকা গাভৰুৱে বিলাই দিয়ে নিজক অসমীয়া বুলি।
অসমৰ জাতীয় ঐতিহ্য বহন কৰা জাতীয় উৎসৱ ৰঙালী বিহু অপৰিবৰ্তিত নিয়ম নীতিৰে আৱহ মান কালৰ পৰা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে পালন কৰি আহিছে। সৃষ্টিৰ কৰ্ষণ কাৰ্যৰ বাহক গৰুক চ’ত মাহৰ সংক্ৰান্তিৰ দিনা সহস্ৰ উপচাৰেৰে লাও, বেঙেনা, মাহ, হালধি, তেল-টেঙাৰে নোৱাই ধোৱাই মাখিয়তী পাতেৰে গৰুৰ গাৰ পৰা মাখি খেদি খেদি –
“লাও খা বেঙেনা খা…
নৃত্য, গীতত। মন ভৰপূৰ হৈ পৰে আনন্দ-উল্লাসত।
অতীতত চ’ত মাহৰ ৰাতি বিহুত নাছিল বাধা, ব্যভিচাৰ। আছিল আনন্দ, যৌৱনৰ বিচৰণ। প্ৰত্যেকৰ হৃদয়ত আছিল স্বাভাৱিক মৰম স্নেহ, প্ৰেম প্ৰীতিৰ ডকাবন্ধা ইতিহাস৷ বিহু গীতৰ মূর্ছনাত, নৃত্যৰ লয়ত আৰু বাদ্যৰ সমলয়ত ডেকা গাভৰুৱে পাহৰি গৈছিল সময়ৰ ব্যৱধান।
সেয়ে বিহু গীতত গায়
“এপৰ দুপৰ কৰি
নিশা পাৰ হ’ব
বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু
গোৱাৰ দৰেই অসমৰ চিৰসেউজৰ বুকুত সোমাই থকা চাহ শ্রমিক জনগোষ্ঠীৰ লোকসকলেও অপৰিবৰ্তিত নিয়ম নীতিৰেই পালন কৰে অসমীয়াৰ বাপতিসাহোন গৰু বিহু । মানুহৰ বিহুৰ দিনা জেষ্ঠ জনৰ সেৱা লোৱা ৷ ঢুলীয়াৰ ঢোলৰ ধিনিকি ধিনদাও, টকা, গগণা, পেঁপাৰ মাতত শ্রমিক ডেকা গাভৰু মতলীয়া হৈ পৰে। মৰমৰ দীঘে দি চেনেহৰ বাণীৰে বোৱা বিহুৱানখনো আপোনজনক উপহাৰ দিবলৈ পাহৰা নাই। দৈ, চিৰা, তিল পিঠা, ঘিলা পিঠা, পথাৰৰ ঢোপ খেল, চোতালৰ কড়ি খেল, কণি যুঁজ, ইঘৰ সিঘৰ, ইষ্ট-কুটুম্ব আৰু বন্ধু- বান্ধৱৰ প্ৰতি বিহুৰ সম্ভাষণ জনোৱা ইত্যাদিত চাহ শ্রমিক ডেকা গাভৰুৱে পালন কৰি আহিছে।
মুঠতে ৰঙালী বিহুৰ প্ৰভাৱ পৰিলক্ষিত হয় চাহ শ্রমিক জনজীৱনৰ সকলো দিশতে। ককালত টঙালি, মূৰত ফুলাম গামোচাৰ পাগ মাৰি শ্ৰমিক ডেকা গাভৰুহঁতো মতলীয়া হৈ পৰে বিহু থলীৰ বাকৰিত। মৰমে নাজানে জাতি ধৰ্ম, বসন্তৰ মতলীয়া বা ই নামানে উচ্চনীচ। চহা গাঁৱলীয়াৰ লগতে চাহ শ্রমিক জনজীৱনৰ শ্ৰম ক্লান্ত
জীৱন ক্ষণিকৰ বাবে ঝুমুৰ নৃত্য, গীতত মতলীয়া হৈ পৰাৰ দৰে মন প্রাণ উজ্জীৱিত হৈ পৰে ৰঙালী বিহুৰ আমাৰ বিহুত আমনি নাই
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই আমাৰ বিহু ভাঙোতা নাই।”
হৃদয়ৰ অপ্ৰকাশ্য আৱেগ অনুভূতিৰেই হেঁপাহ পলুৱাই বিহু নাচে, হিয়া উবুৰিয়াই গায় অসমীয়া ভাই ভনীহঁতৰ লগত মনৰ শংকা পৰিহাৰ কৰি চাহ শ্রমিক ডেকা গাভৰুৱে।
সৃষ্টিৰ পাতনিৰে পৰাই বহাগৰ গোটেই মাহটোৱেই ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ ৰৈছিল। নাছিল মানুহৰ অভাৱ, মনত উচ্চ-নীচ, জাতি-ধৰ্ম ভেদা-ভেদ। নাছিল এতিয়াৰ দৰে জন বিস্ফোৰণ ৷ মানুহে নাপাতিছিল অসমীয়াৰ বাপতি- সাহোন তিনিবিহু– আজিৰ দৰে বেকাৰীৰ সামগ্ৰীৰে। অসমীয়াৰ বাপতি-সাহোন তিনি বিহুক আদৰি আনিছিল মেট মৰা ভঁৰালৰ বিভিন্ন ধৰণৰ ধানৰ সু-স্বাদু পিঠা পনাৰে।
ব’হাগ বিহু, অসমীয়া জাতিৰ জাতীয় সংস্কৃতি আৰু ঐক্যৰ ঘাই খুটা স্বৰূপ। বিভিন্ন জাতি উপজাতিৰ সংমিশ্ৰণ আৰু সংযোজনেৰে গঢ়ি উঠা সুদৃঢ় ভেটিক আৰু দৃঢ় কৰি গঢ়ি তোলাত চাহ শ্রমিক জনগোষ্ঠীৰ অৰিহণা আজি অনস্বীকার্য।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version