Home সকলোঃ প্ৰচ্ছদ নিবন্ধঃ শিশু নির্যাতন এক মানসিক ব্যাধি ♦ বিনীতা নাথ

শিশু নির্যাতন এক মানসিক ব্যাধি ♦ বিনীতা নাথ

◊ দেশত শিক্ষিতৰ সংখ্যা যিমানেই বাঢ়িছে সিমানেই দিনে দিনে বাঢ়ি গৈছে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড, চোৰ, ডকাইত, হত্যা আৰু বহুতো বেআইনী কাৰ্য্যকলাপ। কিন্তু অতি পৰিতাপৰ কথা যে ভাৰতত শিশু সকলেও এই অত্যাচাৰৰ পৰা হাত সাৰি যাব পৰা নাই। ক্ষীপ্ৰতাৰে বাঢ়ি গৈছে শিশুৰ ওপৰত শাৰীৰিক তথা মানসিক নির্যাতন, যি নিৰ্যাতনৰ বলী হৈ আজি শিশুয়ে আধা ফুলা অৱস্থাতেই জীৱন নাটৰ সামৰণি মাৰিব লগা হৈছে।

শিশু নির্যাতন এক ডাঙৰ অপৰাধ ৷ শিশু বুলিলে সাধাৰণতে ল’ৰা বা ছোৱালী দুইটাকে বুজায়। কিন্তু দেখা যায় যে ল’ৰা শিশুতকৈ ছোৱালী শিশুবোৰে আনৰ চক্ৰান্তৰ বলী হৈ মৃত্যু পৰ্য্যন্ত সাবটি ল’ব লগা হৈছে। ই অতি দুখৰ বিষয়। আজিৰ ছোৱালী শিশুসকলে বিশেষকৈ যৌন নিৰ্যাতনৰ বলী হৈ মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে নতুবা আজীৱন মানসিক ৰোগীৰ শাৰীত পৰি জীৱনৰ সমস্ত সুখ হেৰুৱাব লগা হৈছে। সভ্যতাই মানুহৰ মূৰত ধৰিলেও কিন্তু আসুৰিক বৰ্বৰতা শিক্ষিত লোকেও এৰিব পৰা নাই। কন্যা সন্তান হোৱা হেতুকে এতিয়াও পুত্ৰ সন্তানৰ দৰে মৰম-আদৰ আৰু সন্মান পাবলৈ সক্ষম হোৱা নাই কিছু শিক্ষিত বা অশিক্ষিত ঘৰৰ ছোৱালী শিশু সন্তানবোৰে। কিন্তু আজিৰ যুগত কন্যা সন্তান এগৰাকীয়ে কি কৰা নাই ! ক’বলৈ গ’লে পুৰুষতকৈ মহিলাসকলেই বেছি আগবাঢ়ি গৈছে সকলো দিশতে। ভাৰতবৰ্ষৰ প্ৰথম গৰাকী নাগৰিকেই দেখোন মহিলা, ইয়াতকৈ আৰু ডাহৰ উদাহৰণ লাগে নে ?

আজি দেখিবলৈ গৈছে যে, অন্য দেশৰ তুলনাত ভাৰতবৰ্ষত বিশেষকৈ অসম, দিল্লী, বিহাৰ আদি ৰাজ্যসমূহত শিশুসকলে অধিক হাৰত যৌন নিৰ্যাতনৰ বলী হোৱাৰ বাতৰি পোৱা গৈছে। কিন্তু অতি আচাৰ্য্যকৰ কথা যে আশী শতাংশ পিতৃ-মাতৃয়েই কন্যা শিশুসকলৰ মানসিক অত্যাচাৰৰ লগত জড়িত হৈ আছে। আকৌ শাৰিৰীক অত্যাচাৰ বুলি ক’লে নিজৰ পিতৃ-মাতৃৰ পৰাই বহুতো শিশু ভুক্তভোগী হৈ আছে। কাৰণ ঘৰখন পৰিচালনা কৰিবৰ বাবে দুখীয়া শ্ৰেণীৰ ল’ৰা ছোৱালীসকলক মাক-দেউতাকে উপাৰ্জনৰ বাবে বিভিন্ন কামত লিপ্ত কৰায়। যদি সিহঁতে কাম কৰিবলৈ ইচ্ছুক নহয় বা সমর্থ নহয় তেন্তে সিহঁতৰ ওপৰত আৰম্ভ হয় শাৰিৰীক আৰু মানসিক অত্যাচাৰ ।

বৰ্তমান কন্যা শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়টো অধিক চিন্তনীয় হৈ পৰিছে। ছোৱালীজনী ঘৰৰ পৰা অকলে ওলাই যোৱাৰ পিছত আকৌ বা সুস্থ শৰীৰে ঘৰ আহি পায়নে নেপায় সেয়া এক অতি চিন্তনীয় বিষয় । অকল শিশুকন্যাটিৰ ক্ষেত্ৰতে নহয়; এয়া সকলো মহিলাৰ ক্ষেত্ৰতে বুলি ক’লেহে বেছি সমীচিন হ’ব।

২০০৭ চনত ভাৰতত, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে পৰিচালনা কৰা এটা পৰ্যালোচনাত দৃষ্টিগোচৰ হৈছে যে পাঁচ বছৰৰ পৰা এঘাৰ বছৰৰ শিশুসকলেই বিভিন্ন অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছে। এই অত্যাচাৰসমূহৰ ভিতৰত যৌন নিৰ্যাতনৰ লগতে শাৰিৰীক আৰু মানসিক অত্যাচাৰো অন্যতম ৷ আগতেই কোৱা হৈছে যে শিশু নির্যাতন এক ডাঙৰ অপৰাধ, তাৰোপৰি শিশু এটিয়ে যেতিয়া কোনো দুষ্টলোকৰ প্ৰৰোচনাত পৰি যৌন নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয়, যেনে ধৰক— যৌন উদ্দেশ্যৰে শিশু এটিৰ গোপন অংগসমূহ বিভিন্ন ধৰণেৰে স্পৰ্শ কৰা যাক sexual as- sault বুলি কোৱা হয় তেনে লোকক তিনি বছৰৰ পৰা পাঁচ বছৰলৈ কাৰাদণ্ড দিয়াৰ উপৰিও জৰিমনাৰ শাস্তি বিহিব পাৰে। তাৰোপৰি যদি শিশু কন্যাটিক ফুচুলাই নি বা জোৰ জুলুম কৰি শিশুটিৰ লগত যৌন সম্পৰ্কত লিপ্ত হয় তেনে ধর্ষণকৰীক অতি কমেও বিশ বছৰৰ পৰা আৰম্ভ কৰি আজীৱন পৰ্যন্ত কাৰাদণ্ড অথবা মৃত্যুদণ্ড পর্যন্ত বিহিব পাৰে । তাৰোপৰি যৌন উদ্দেশ্যৰে শিশুৰ ওচৰত অশ্লীল শব্দ প্ৰয়োগ কৰা বা নিজৰ গোপন অংগসমূহ শিশুটিক দেখুৱাই দিয়া, অশ্লীল ভিডিঅ’ বা ফটো দেখুওৱা আদিবোৰে অমানসিকতাৰ পৰিচয় দিয়ে আৰু তেনে ব্যক্তিও আইনৰ ওচৰত দোষী ৰূপে সাব্যস্ত হয়। ইয়াৰোপৰি শিশুক পর্ণক্সগ্রাফিক উদ্দেশ্যত ব্যৱহাৰ কৰিলে পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে জৰিমনা পর্যন্ত হ’ব পাৰে৷ গতিকে দিনে দিনে শিশুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ওপৰত আইনগত প্ৰতিকাৰৰ ব্যৱস্থা কৰিবলৈ ভাৰতীয় সংসদে “The protection of children from sexual offenses act 2012” আইনখন বলবৎ কৰিছিল যদিও এই ক্ষেত্ৰত আইনখনে আশা কৰা মতে সফলতা লাভ কৰিব নোৱাৰিলে ৷ এইটো সত্য যে আইন আছে আৰু আইনৰ চকুত অপৰাধী বুলি গণ্য হ’লে অপৰাধীজনৰ শাস্তি হ’বই। কিন্তু আমি আইনলৈ যোৱাৰ সেই মুহূৰ্তলৈ ৰৈ নাথাকি আগতেই আমি সকলোৱেই সচেতনতা অৱলম্বন কৰিব লাগিব। আমি আমাৰ সন্তানটিক মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াব পাৰিম নে !

কোনোপধ্যেই নোৱাৰোঁ। তাৰ বাবে সন্তানটিৰ ওপৰত প্ৰথমতেই পিতৃ-মাতৃয়েই দৃষ্টি ৰাখিব লাগিব । আজিৰ দিনত ‘ৰক্ষকেই ভক্ষক’ হোৱা দেখা যায়। গতিকে শিশুটিয়ে যাতে কাৰোবাৰ অমানবীয় আচৰণৰ বলি হ’ব লগা নহয় তাৰ বাবে অভিভাৱকসকল সচেতন হোৱাটো নিতান্তই প্রয়োজন। আজিকালিৰ কর্মব্যস্ততাৰ মাজত আৱদ্ধত অভিভাৱকসকলে সন্তানৰ ওপৰত চকু ৰখাটো টান হৈ পৰিছে সময়ৰ অভাৱত; যাৰ ফলত সিহঁতে কি কৰিছে, কি খাইছে, ক’ত গৈছে আদিবোৰৰ প্ৰতি প্ৰায়ে জ্ঞাত নহয়। তথাপিও অতি ব্যস্ততাৰ মাজতো কিছুমান ক্ষেত্ৰত সন্তানৰ লগত সম্পৰ্ক ৰখাটো খুৱেই প্ৰয়োজন। পাৰিলে এঘন্টাৰ বাবে সন্তানক ‘কোৱালিটি টাইম’ দিব পাৰিলে সিহঁতৰ বিষয়ে বহুত কথাই জানিব পাৰি। দিনটোৰ যিকোনো খোৱাৰ সময়ত এবাৰ হ’লেও লগ দিয়াটো প্ৰতিজন অভিভাৱকৰ দায়িত্ব হিচাপে ল’ব লাগে।

শিশুৰ ওপৰত নিৰ্যাতন বুলি ক’লে আৰু এটা কথা আহি পৰে। সেয়া হ’ল বাল্য বিবাহ। বাল্য বিবাহ এক মহা অপৰাধ। কিন্তু আজিৰ সভ্যতাৰ যুগতো কিছুমান পিচপৰা অঞ্চলত শিশু কন্যাটিক অতি সৰুতেই বিবাহ পাশত আৱদ্ধ কৰাই মৃত্যু মুখলৈ ঠেলি দিয়াৰো অলেখ উদাহৰণ পোৱা যায়। কৈশোৰৰ দেওনা পাৰ নহওতেই শিশু কন্যাটিক পুৰুষ এজনৰ হাতলৈ গোটাই দি যেন জীৱনৰ এটা ডাঙৰ কৰ্তব্য সমাধান কৰিলে বুলি ভবা পিতৃ-মাতৃ হালে এবাৰলৈও ভাবি নাচায় যে ছোৱালীজনীক তেওঁলোকে তিল তিলকৈ মৃত্যুৰ মুখলৈহে ঠেলি দিছে। কাৰণ সৰুতেই বিবাহ পাশত আৱদ্ধ হোৱাৰ ফলত কন্যা সন্তানটিয়ে শাৰিৰীক আৰু মানসিকভাৱে অতি দুৰ্বল হৈ পৰে আৰু শেষত ৰুগীয়া শৰীৰেৰে দিনবোৰ পাৰ কৰিবলগীয়া হয়। বাল্য বিবাহৰ পৰিণতি অতি ভয়াবহ আৰু সুদূৰপ্ৰসাৰী। সৰুতেই বিবাহ পাশত আৱদ্ধ হোৱাৰ ফলত প্রয়োজনীয় শিক্ষা লাভৰ পৰা বঞ্চিত হৈ শিশু কন্যাসকলে সিহঁতৰ মৌলিক অধিকাৰ ব্যৱহাৰ কৰিব নোৱাৰে আৰু সীমিত স্বায়ত্বশাসনৰ মাজত থকাৰ ফলত শাৰিৰীক আৰু মানসিকভাৱেও যথেষ্ট পৰিমাণে ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে।

এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিছে। উদাহৰণ স্বৰূপে ২০০৬ চনত বাল্য বিবাহ নিষেধাজ্ঞা আইনত বাল্য বিবাহ নিষিদ্ধ কৰা হৈছে আৰু এই ক্ষেত্ৰত জড়িত লোকসকলক শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু এ আইনসমূহৰ কাৰ্য্যকৰীকৰণ কিছু দুৰ্বল হোৱা হেতুকে আইনী প্রক্রিয়াসমূহ বলবৎ কৰাটো এতিয়াও এক প্ৰত্যাহ্বান হৈয়ে আছে। কিন্তু ১৯২৯ চনত প্ৰৱৰ্তন কৰা বাল্য বিবাহ নিয়ন্ত্রণ আইনখনে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত যিবোৰ পদক্ষেপ লৈছে সেইবোৰ থুলমূলকৈ হ’ল—

১। শিশুৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা ব্যক্তিগৰাকী যদি ওঠৰ বছৰতকৈ বেছি আৰু একৈশ বছৰৰ তলত হয়, তেন্তে তেনে ব্যক্তিৰ ক্ষেত্ৰত পোন্ধৰদিন পর্যন্ত কাৰাদণ্ড, অথবা এহেজাৰ টকাৰ জৰিমনা নতুবা দুইটাই হ’ব পাৰে।

২। একৈশ বছৰৰ ওপৰৰ ব্যক্তি যদি শিশু বিবাহ কাৰ্য্যত লিপ্ত হয়, তেন্তে তেনে ব্যক্তিৰ ক্ষেত্ৰত তিনিমাহ পৰ্যন্ত কাৰাদণ্ড অথবা জৰিমনাও হ’ব পাৰে ৷

৩। বাল্য বিবাহৰ বাবে উদ্‌গনিমূলক উপদেশ দিয়াও এক অপৰাধ। ইয়াৰ বাবে তিনিমাহ পর্যন্ত কাৰাদণ্ড নাইবা জৰিমনাও হ’ব পাৰে।

৪। বাল্য বিবাহৰ লগত জড়িত শিশু কন্যাটিৰ অভিভাৱকসকল লাগিলে তেওঁ পিতৃ-মাতৃয়েই হওক বা অইন কোনোবা, তেনে ব্যক্তিৰ ক্ষেত্ৰত তিনিমাহ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ উপৰিও জৰিমনাও হ’ব পাৰে।

৫। এই আইনৰ অধীনত বিচাৰ প্ৰক্ৰিয়া মেট্র পলিটান দণ্ডাধীশ অথবা প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত বিচাৰ কৰা হয় ।

৬। এনে ধৰণৰ অপৰাধজনিত অভিযোগ পোৱাৰ পিছত আদালতে অনুসন্ধান চলায়।

গতিকে শিশুক লৈ যিবোৰ আইন বিধিৱদ্ধ কৰা হৈছে সেইবোৰ সময় সাপেক্ষে উচিত ব্যৱহাৰ কৰিব পাৰিলেহে দেশত সঘনাই চলি থকা এই অমানৱীয় অত্যাচাৰৰ পৰা শিশুসকলক বচাব পৰা যাব ৷ তাৰ বাবে দেশৰ প্ৰতিজন সচেতন নাগৰিকে আগুৱাই আহিব লাগিব আৰু শিশুৰ ওপৰত কৰা নিৰ্যাতন ৰোধ কৰিবলৈ আইনী প্ৰক্ৰিয়াসমূহেৰে আগবাঢ়িব লাগিব। তেতিয়াহে শিশুসকল শাৰিৰীক আৰু মানসিকভাৱে সুস্থ আৰু সৱল হৈ থাকিব পাৰিব । কাৰণ আমি সকলোৱেই মনত ৰখা উচিত যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত।

সেয়ে শিশুৰ ওপৰত যিকোনো নির্যাতন এক মানসিক ব্যাধি বুলিয়েই ক’ব লাগিব। কাৰণ এজন অসুস্থ আৰু মানসিক বিকাৰগ্ৰস্তলোকেহে এনে কাৰ্য্যত সঘনাই লিপ্ত হ’ব পাৰে। গতিকে তেনেলোকক সেই সুবিধাৰ পৰা বঞ্চিত কৰিবলৈ হ’লে আমি প্রতিজন অভিভাৱকেই সচেতন হৈ শিশুৰ জীৱনটোক বচাব লাগিব। সেয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version