Home সকলোঃ এটা নৈপৰীয়া কবিতা ● ড° চয়নিকা বৰুৱা

এটা নৈপৰীয়া কবিতা ● ড° চয়নিকা বৰুৱা

এটা নৈপৰীয়া কবিতা

● ড° চয়নিকা বৰুৱা

নদীৰ মাজৰ ডাঙৰ শিলছটাত ওপৰত সুবিশাল নীলা আকাশৰ ছাঁ পানী-যুঁৱলিৰ স্ফটিক স্বচ্ছ পানীত কণকণ মাছৰ ধেমালি বৰশীটো আৰু অলপ দূৰলৈ পাতিলোঁ বহুকেইখন পৰ্যটকৰ নাও নদীৰ সৌন্দৰ্য উপভোগ কৰি তেওঁলোক মতলীয়া .. জিৰণি জানো মোৰ বিলাস হ’ব পাৰে? দুখন ভিন্ন পৃথিৱী।

মই বহি আছিলোঁ

হাতত বৰশীটো লৈ

মোৰ দৃষ্টি পুঙাটোত

কাষেৰে পাৰ হৈ গৈছে

মাছ এটাৰ আশাত ম‍ই

ঘন্টাৰ পিছত ঘন্টা এনেকৈয়ে বহি আছোঁ

এনেদৰে চলি থাকে অৱসৰ বিনোদন আৰু ক্ষুধাৰ

(স্নংপেডেঙৰ মাছমৰীয়াজনৰ হাতত )

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version