মই উপঙি আছো বিবেকৰ স’তে
■ দীপালী বৰুৱা
মই উপঙি আছো বিবেকৰ স’তে
অনাবিষ্কৃত নক্ষত্ৰৰ পোহৰত
প্রাচীন হৃদয়খন আঁতৰাই
এটি লহমাৰ বাবে সংস্থাপিত কৰি ল’লো
এখন নতুন হৃদয় ।
হৃদয়ৰ চোতালত দেখোন এখন অৰণ্য
অৰণ্যত এজাক জোনাকীৰ জিলমিল
মনৰ ইলেকট্ৰৰণবোৰো হঠাতে অশান্ত সেউজীয়া অৰণ্যখনে
হাত বাউলি মাতে মোক
চাকৈ চকোৱাৰ কলৰৱত
উজাগৰে পৰি ৰোৱা ৰাতিটোৱে
একান্তই কামনা কৰে
প্রিয়তমৰ উপস্থিতি।
আজি কেইবাদিনো হ’ল
ট্রেন্সফৰ্মাৰ বেয়া হোৱা
ইনভাটাৰেও পোহৰ নিদিয়া হ’ল
সেয়েহে মম জ্বলাইছো ।
মমৰ শিখা লৰিছে চৰিছে
যেন বতাহৰ স’তে কথা হে পাতিছে
তোমাৰ স’তেও মই কথা পাতি আছো অনুভৱেৰে – বিবেকেৰে -ব্যাকুলতাৰে । কথাবোৰ দেখোন শেষেই নহয়
এটা ৰঙা বেলি এটা সেন্দুৰীয়া আলি
আৰু …
এচোতাল জোনাকত
শেষ ৰাতিৰ জোনে
লুকা-ভাকু খেলে ।
আঁতৰাই দুঃখৰ মালিতা
ভালপোৱাৰ খিৰিকিৰে
সোমাই আহিলা তুমি
উৰুৱাই সুখৰ পতাকা ।
