Home সকলোঃ গল্প-অণুগল্পঃ কুঠাৰ ■ মণিকুন্তলা ভট্টাচার্য

কুঠাৰ ■ মণিকুন্তলা ভট্টাচার্য

কুঠাৰ

■ মণিকুন্তলা ভট্টাচার্য

বৰিকটীয়া আৰু জলকুঁৱৰীৰ নামত যে ইতিমধ্যে কিবাকিবি সাধুকথা ৰচনা হৈ গৈছে, এই কথা হিটলাৰে নাজানিছিল। মাকে বলি থকাতহে সি কুঠাৰখন লৈ ওলাই আহিছিল। ৰাতিপূৱাৰ পৰা ঘৰখনৰ গোটেইসোপা মানুহে তাক কেবল কানকে পাচি থাকে। বৰ বিশেষ পাতা নিদিয়ে, ইখন কাণেৰে শুনি সিখনেৰে উলিয়াই দিয়ে। দেহাটো তাৰহে কোনোবাই হুকুম দিলেইবা, দেহাটোক কাম কৰাই সি কিয় কষ্ট দিব। আৰু এইখন ঘৰত কাম নকৰিলেও তাৰ ভাগটো কোনেও পানীলৈ দলিয়াব নোৱাৰে।

কিন্তু কুঠাৰখন যে পানীত পৰিলগৈ। কোনে দলিয়ালে বাৰু? গছজোপাত অপদেৱতা নাথাকিলেহে হৈছে। ইমান সুন্দৰকৈ ফেৰেঙনিটোত বহি সি মৰা ডালটোত ধাপটো মাৰিছিলহে একে কোবে হাড়ৰ কুঠাৰ উফৰি পৰিলগৈ তলব নৈখনত, নালডাল হাততে ৰ’ল।

এতিয়া সি নৈৰ পাৰত। দুয়োহাত কঁকালত থৈ পানালৈ চাই ৰৈছে। পানীত তাৰ প্ৰতিবিম্ব। সিয়েইনে এইটো। কঁকালত দুয়োহাত খোৱাত ভাৰ হাতখা গেঞ্জীয়ে উদঙাই ৰখা সুঠাম বাহু সুন্দৰকৈ জিলিকিছে পানীত। বোৱতী নৈৰ পানী। পুহৰ নৈৰ পানী। ৰাতিপুৱাৰ চিকুণ ৰদত নৈখনৰ গাভৰু বুকু কাঁচৰ ঢৌ হৈ উঠা-নমা কৰিছে। তাতে ৰৈ গৈছে তাৰ সুঠাম বাহু, তৰুণ দেহৰ প্ৰতিবিম্ব।

নাই নাই, হিটলাৰৰ দৰে কেৱল বজাৰৰ টকা গণিব পৰা ৰাভা গাঁৱৰ ডেকাটোৱে নাজানে নাৰ্ছিচাছৰ কাহিনী। তথাপি সি তেনেকৈয়ে কিছু সময় ৰৈ থাকিল। কিয় এনে লাগিছে, নিম্নক যেন কাহানিও চোৱা হোৱা নাই, জানিবলৈ। পোৱা নাই তাৰ সৌন্দৰ্যৰ কথা । নিজকে তাৰ খুব পছন্দ হ’ল। এৰা, সি দেখাত সুন্দৰ। চকুত যদি এযোৰ ধুনীয়া ৰঙীন চছমা আৰু দেহাত এযোৰ টিপটপ পোছাক লগাই দিয়া হয়, তেন্তে সি দেখোন একেবাৰে চিনেমাৰ হিৰ’। কেলেণ্ডাৰে কেলেণ্ডাৰে ওলমিব তাৰ ফটো। সোঁৱে-বাঁৱে থাকিব অন্ধৰাৰ দৰে দিপলিপ গাভৰু।

খঁচকৈ তাৰ নিচেই কাষেদি টুনী এজাক উৰি গ’ল। ধান দাই শেষ কৰাৰ

পিছতো পথাৰত সিহঁতৰ আধিপতা। সি কঁকালৰ পাজালখনি যিমান পাৰে ওপৰলৈ টানি কোচাই ল’লে। দীঘলে পাঁচহাত আৰু বহলে এহাত এনে পাজাল এখন কঁকালত মেৰিয়ায়ে সি দিনৰ দিনটো কটাই দিয়ে। অৱশ্যে এতিয়া জাৰৰ দিন বুলিয়ে দীঘল পেণ্ট এটাও মাজে- সময়ে পিন্ধি ভাল পায়। শীতকালি বেলিয়ে এইবোৰ গাৱলৈ ভুমুকিকে নামাৰে। গোটেইসোপা ব’দ আৰু উম লগা উত্তাপ গাৰোহঁতৰ মাজতে বিলাই সাং কৰে। লালমে গছত ওলমি থকা সুমথিৰাবোৰ ৰ’দ পৰি পকি উঠে। ৰাভাহঁতৰ ফালে সেয়েহে নেকি ভুমুকি মাৰিবলৈ বেলিয়ে আহৰিকে নাপায়। এতিয়া এই পথাৰৰ কাষত, নৈৰ বুকুত চকমকাই উঠা বেলিৰ পোহৰে তাৰ ভিতৰখনত তোলপাৰ লগাবহে খুজিলে যেন।

পাজালখন কোঁচাই সি পানীলৈ নামি গ’ল। জাৰকালি নৈবোৰ শুকাই-খীনাই যায়। তলীখন কাছৰ দলঙৰ দৰে উঠি আহে। তথাপি সি খুলি খুপি নামি গ’ল। ভৰিৰেই খেপিয়াই খেপিয়াই বিচাৰি ফুৰিলে নাল নোহোৱা কুঠাৰখন। সাৱধানেৰে অত্যন্ত সাৱধানেৰে। নৈব তলীৰ বোকাত আত্মগোপন কবি থাকে অসংখ্য ষড়যন্ত্ৰকাৰী। ছেগ মিলিলেই কেঁকোৰা হৈ চেপি ধৰিব, শামুকৰ ভগা খোলা হৈ ভৰিৰ তলুৱা শালি ধৰিব । এতিয়া আকৌ তাৰ লগতে যোগ হ’ল কুঠাৰৰ ধাৰ। গাঁৱৰ অগণন সৰু সৰু ল’ৰা-ছোৱালীয়ে এই নৈতে উমলি জামলি সিহঁতৰ শৈশৱ পাৰ কৰিছে। দুই-এবাৰ ঘৰৰ কোনোবাই গতা মাৰি হিটলাৰকো নৈলৈ দলিয়াইছিল আৰু সি ভেঁ ভেঁকে মুখ মেলি উঠি আহিছিল পাৰলৈ। বাৰম্বাৰ। এৰা, সি নৈ-পুখুৰী একোতে নামিবলৈ উৎসাহ অনুভৱ নকৰা এটা গাঁৱৰ ল’ৰা। কোনোবা গাঁৱত আছেনে এনে ল’ৰা, যি মাছ ধৰি ভাল নাপায়, পথাৰৰ বোকাত লেটি লৈ ভাল নাপায়? আছে, এনে ল’ৰাটোৱেই হৈছে হিটলাৰ । সি নাঙল চাঁচি দিব, মাছ ধৰা সঁজুলি সাজি দিব, গৰু-ম’হ চৰাবলৈ নিব, খৰি লুৰি দিব, কিন্তু সি এইবোৰত নাই। গাঁৱৰ গাভৰুমখাই তাক জোকাই মাৰে। কেইজনীমানে ভয়াতুৰ বুলিও মুখ টিপি হাঁহে। সিদিনা গাৰো পাহাৰৰ পৰা ৰাতিৰ আন্ধাৰত কোনোবা নামি আহিল, পাহাৰৰ নামনিত বাস কৰা ৰাভাহঁতৰ ধাননিত জুই লগাই দিলে। সকলো ঢপলিয়াইছে পথাৰলৈ, হিটলাৰ আঁঠুকাঢ়ি সোমাইছেগৈ গোহালিত। বাপেকে তাক সৰুতে কৈছিল— পশু-পক্ষীয়ে মানুহক কেতিয়াও জ্বলাই নামাৰে, কাৰো ভঁৰাল নজ্বলায়, কথাই পতি হাতত খঙৰ দা নোতোলে।

কাটি দমাই থোৱা ধান পুৰি ছাৰখাৰ হৈ গ’ল। আনহে নালাগে হিটলাৰৰ সৰু ভায়েকহঁতেই তাৰ পিছত দল বান্ধি হাতত জুইশলা লৈ ঘূৰি ফুৰা হ’ল, ছেগ পালেই ছাই কৰি পেলাব গাৰোৰ ঘৰ।

হিটলাৰ মাজ নৈখনতে বহি দিলে। পাহাৰ-ভৈয়ামৰ জুয়ে যেন তাৰ দেহাটো ডেই নিছে। শীতলাব পাৰিবনে এই নৈখনে।

এটা সময়ত হিটলাৰ পুনৰ পাৰলৈ উভতি আহিল। তিতা পাজালখনিৰ গাঁঠি সোলোকাই সি ৰ দলৈ পিঠি দি বহি পৰিল । নৈখনৰ বুকু কাঁচৰ ঢৌ হৈ উঠা নমা কৰিছে। কিমান বয়স হ’ল এই নৈখনৰ? সিপাৰত সৌৱা সাতজোপাকৈ এলানি খেজুৰৰ গছ। টেকেলি কিছুমান ফল ওলমাদি ওলমিছে। ৰস গোটোৱা টেকেলি। পিছত সেইবোৰ পগাই গুৰ তৈয়াৰ কৰা হয়। কোনে ইমান পৰিপাটিকৈ গছকেইজোপা ৰুইছিল ? তাৰ বাপেকে এদিন কৈছিল— বোলে মানুহ মৰিলে মাটি হৈ মাটিৰ লগত মিলি যায়, মানুহে সেয়ে নিজৰ ল’ৰা-ছোৱালীৰ নামত এজুপিকৈ গছ ৰুব লাগে। গছ সদায় ৰৈ থাকে মানুহৰ বাবে। গছে ফল দিয়ে, ছাঁ বতাহ দিয়ে, দিয়ে আশ্রয়ো। আৰু এই নৈখনে ? সি ৰ’দ জিলমিল নৈৰ বুকুলৈ চাই ৰ’ল। এই নৈখন কাৰো বাবে নৰয়, অবিৰাম কল্কল খলখল … ।

হঠাতে তাৰ গা শিয়ৰি উঠিল। এই নৈখনতে দুদিন আগতে ওপঙি উঠা নাছিলনে মানুহৰ শ? কোনোবা গাৰোৰৰ মাটিৰ কাষত ঘৰ সাজি বাস কৰা মানুহ আছিল সেইটো। হৈছে কি গাৰোহঁতৰ? কিয় চলিছে গোপন ষড়যন্ত্ৰ, পানীৰ তলত কাঁইট পুতিছে কিয় ৰাভাহঁতে? কি কাজিয়াৰ ফলত কটা গ’ল ৰাভা, পিছদিনা জ্বলিল পথাৰ, তাৰ পিছত মৰিল গাৰো, জ্বলিল গাৰোৰ ঘৰ?

হিটলাৰৰ কাণত সেন সেন ধৰণৰ শব্দ এটি বাজি উঠিল। দা-কুঠাৰ ধৰোৱাৰ শব্দ। কোনে কাক কাটিব ?

তাৰ ডিঙি শুকাই গ’ল। বুকুখন কেনেবা লাগি গ’ল। ইমানতে ৰ’লেই হয় কাজিয়া-পেঁচালবোৰ

সি ঘৰলৈ উভতিল। মাকে সুধিলে— খৰি ক’ত?’ ‘গছতে আছে।’

“ইমান সময় ক’ত আছিলিগৈ ?’

“নৈত।’

“নৈত? হেৰৌ বলিয়া হ’লি নেকি?” ‘কুঠাৰখন পানীত পৰিল ৰহ, তাকে বিচাৰি পানী ঘোদালিছিলো।’

ইমানতে কাহিনী সামৰি সি এৰাল দিয়া গাভিনী গাইজনীক পানী খুৱাবলৈ বুলি ফালৰি কাটিলে। কিন্তু সেই কুঠাৰখন? নাল এৰি পানীত জঁপিয়াই পৰা কুঠাৰখন কেনি গ’ল? ঢৌ উটি যাবলৈ শ নহয়তো।

কুঠাৰখনে হিটলাৰক অনুসৰণ কৰিবলৈ ল’লে নে সিহে সেইখনক প্ৰদক্ষিণ কৰিবলৈ ল’লে, ধৰিব নোৱাৰা অৱস্থা। পিছদিনা, আকৌ সি নৈখনলৈ গ’ল। কঁকালত দুহাত থৈ কিছু সময়ৰ বাবে হ’ল নাৰ্ছিছাচ। তাৰ পিছত হ’ল কুঠাৰৰ গৱেষক। এখন নাল নোহোৱা কুঠাৰৰ কিমান ওজন হ’ব পাৰে। ইমানটো ওখ ফেৰেঙণিব পৰা উফৰিলে কিমানদূৰত পৰিবগৈ পাৰে, সি মনতে হিচাপ-নিকাচ কৰিবলৈ ধৰিলে। যোৱাৰাতি তাৰ পহৰাৰ পাল আছিল। নিশাৰ আন্ধাৰৰ ছেগ লৈ গাৰোঁহঁতে যাতে কাৰো ঘৰ জ্বলাবহি নোৱাৰে, সেইবাবেই ডেকাহঁতে পাল পাতি পহৰা দিবলৈ লৈছে। কুঠাৰ হেৰুওৱা হিটলাৰ হঠাতে বিষণ্ণ হৈ পৰিল। কিমান দিনলৈ চলিব এই হিংসা-ষড়যন্ত্র? কি বিচাৰে মানুহবোৰে? সি কি বিচাৰে, এৰা সি?

গধুৰ গধুৰ মনেৰে কুঠাৰ বিচাৰি হিটলাৰ পুনৰ নৈত নামিল। আজি কেৱল ভৰিৰেই নহয়, হাতেৰেও সি খেপিয়াই কুঠাৰখন বিচাৰি ফুৰিলে। ৰ’দ উঠি আহিছে, জিলমিলীয়া ঢৌবোৰ কুহুমীয়া হৈ আহিছে। সি মাজ নৈতে বহি দিলে। নাৰ্ছিছাচৰ বাহু ডুবি গ’ল পানীত। তাৰ চকুযুৰি মুদ খাই আহিল। বোধকৰো টোপনি খতি হোৱাৰ কাৰণতে এনে অনুভৱ। সি জানি-বুজিয়ে চকু মুদি ৰ’ল। চৰাই-চিৰিকটিৰ মাত শুনা গৈছে। কি চৰাই? সি কাণ পাতিলে। কিন্তু কিয় এয়ে লাগিছে যেন সকলো চৰাইৰে মাতৰ ওপৰত কেৱল শুনিবলৈ পোৱা গৈছে এবিধ চৰাইৰে মাত। কাউৰিৰ।

হয়, সেয়া কাউৰিৰে মাত। জুই নেকি কাউৰি বাহত? চকু মেল খাই গ’ল হিটলাৰৰ। মুহূৰ্ততে পানীৰ পৰা উঠি সি ঢাপলি মেলিলে তাৰ গাঁৱলৈ… ওপজা ঘৰৰ চোতাললৈ…।

গোটেই চুবুৰি পুৰি ছাৰখাৰ … ।

কোলাত শিশু লৈ চুলি মেলি দৌৰিছে নাৰী…।
হিটলাৰহঁতে গাঁও এৰিছে। পুলিচ আহিছিল। গাৰোৰ দাৰ ঘাপত শৰীৰৰ মঙহ এৰাই যোৱাহঁতক হাস্পতাললৈ পঠিয়াই দিছে। সন্ধিয়া নামি আহিছিল। সদৰ আলিৰ একাষৰ পাঠশালাখনতে মানুহবোৰ কিবাকৈ ৰ’লগৈ।
হিটলাৰ মাকৰ নিচেই কাষতে ৰৈ থাকিল। নিজকে তাৰ অথাই সমুদ্রলৈ জাঁপ দিয়া কুঠাৰখন যেন লাগিল, সেয়ে সি মাকৰ গাতে লাগি ব’ল। যেন মাক নহয়, সেয়া কুঠাৰৰ বিচ্ছিন্ন হৈ পৰা নালটোহে।

“গাৰোহঁতকো গুলাই এৰা নাই আমাৰ ল’ৰাই। কিন্তু বেচেৰা ৰুজভেল্ট…।’

মাকে রুজভেল্টৰ নাম লৈ বিনাবলৈ ধৰিলে। হিটলাৰৰ দদায়েকৰ ল’ৰা ৰুজভেল্ট জখমী হৈ গৈছে। তেজে তেজ হৈ গৈছে। ইমান তেজ থাকেনে এজন মানুহৰ দেহত ? চার নেৱাৰি হিটলাৰে চকু গোহালিলৈ ঘূৰাইছিল। গোহালিটোও ছাই হৈ গৈছিল। অঘাইতঙীয়া গাভিনী গাইজনী খুটাত আটি আটি পঘাৰে বান্ধি থোৱা আছিল। উস্ চাব নোৱাৰি সেইফালে। গোহালিটোৰ চাল খহি তাইৰ গাতে পৰিছিল। জ্বলি জ্বলিয়ে তাই দৌৰিছিল। বাগৰি পৰাৰ পিছত দেখা গৈছিল গৰ্ভৰ সন্তান।

হিটলাৰ মাকৰ গাতে লাগি ৰ’ল। কিমান মানুহ জখম হ’ল, কেইটা মৰিল কোনে জানে সঠিক হিচাপ?

সি মাকলৈ চালে। কোলাত নাতিটো লৈ মানুহজনীয়ে এইবাৰ বোৱাৰীয়েকৰ বাবে বিনাইছে। এহাত বহল, আঢ়ৈহাত দীঘল খাম্বাং এখনি বুকুৰ ওপৰত পেলাই লৈ মানুহজনীয়ে বুকু ভুকুৱাই আছে আৰু কোলাত বহি নাতিটোৱে কলমটিয়াই আছে। হিটলাৰে শিশুটিলৈ হাত মেলি মাকৰ কোলাৰ পৰা নিজৰ কোলালৈ তুলি সি বহাৰ পৰা থিয় হ’ল। এবছৰৰ আগতে পাণ্ডুৰোগত তাৰ ককায়েক ঢুকাইছিল। মানুহটোৱে পাহাৰৰ নামনিৰ মাটিকঁঠালৰ খেতিডৰা চোৱা-চিতা কৰিছিল। তাতে চালি এখন সাজি আছিল। এদিন ওচৰৰে মাৰাক নামৰ লেঙেৰা গাৰোৰৰ জীয়েকক লৈ আহিল। তাৰ পিছত এই শিশুটি উপজিল, পাণ্ডুৰোগত সি ঢুকাই থাকিল, পাহাৰ-ভৈয়ামৰ সংঘাত আৰম্ভ হ’ল, আৰু আজি পাহাৰে টানি আজুৰি লৈ গ’ল হিটলাৰৰ বিধৱা বৌৱেকক । আৰু এই শিশুটো? তাৰ মাকক মোমায়েকহঁতে শত্ৰুৰ চোতালৰ পৰা টানি লৈ যোৱাৰ সময়ত, হিটলাৰহঁতৰ ঘৰখন দাউ দাউকৈ জ্বলি উঠাৰ সময়ত এই শিশুটো ঘৰত নাছিল। সদায় ওমলাৰ দৰে চুবুৰিৰ ল’ৰা- ছোৱালী এৰাহে কেঁকুৰিটোৰ বঁটৰ তলত উমলি আছিল। তাতে টুচৰি ফুৰিছিল শিশুটোৱে। ফলত সি ৰাভাহঁতৰ মাজত থাকি গ’ল। বিচ্ছিন্ন হৈ গ’ল সি গাৰো মাকৰ পৰা। অথাই সমুদ্ৰত উফৰি হেৰাব খোজা কুঠাৰহে যেন এই শিশুটো। শিশুটোক কান্ধত লৈ হিটলাৰ মুকলিলৈ ওলাই আহিল। খালী পোছাক পিন্ধা দুই এজন এতিয়াও ইয়াতে আছে। জুম বান্ধিছে গাঁৱৰ পুৰুষসকল। ডেকাহঁতে ছটফটাই- ধৰফৰাই আছে, এতিয়া সিহঁতৰ হাত দা-কুঠাৰ নাই, খোঁচনিত নাই জুইশলা বাহ । তথাপি সিহঁতে দাঁত কৰচি অগ্নিবৰ্ষা দৃষ্টিৰে ঘনেপতি গাৰো পাহাৰলৈ চাই পঠিয়াইছে। য’ত লমালমে ওলমি থাকে বেলিৰ ৰহন সানি মৌ মিঠা সুমথিৰাবোৰ ।

ভতিজাকক কান্ধতে শুৱাই লৈ হিটলাৰ তাতে বৈ থাকিল । নৈ-পুখুৰী পাৰত সদায়ে থমকি ৰোৱাৰ দৰে আজিও ইমানতে তাৰ খোজ থমকি ব’ল। গাঁৱৰ ছোৱালীহঁতৰ জিভা শুকাই আজি সৰাপাত হৈ পৰিছে, আজি সিহঁতে নক’লেও হিটলাবে জানে সি যে ভয় খাইছে। তাৰ ভৰিৰ তলুৱাত ভয়ে গোট মাৰিছে, গোটেই দেহাজুৰি ভয়ৰ ৰঘুমলাই ছানি ধৰিছে।

ভয়তে তাৰ ভোক-পিয়াহ ক্লান্তি একো নোহোৱা হৈ গৈছে। নৈত মৰা মানুহ ওপঙি উঠিছে, দাউ দাউকৈ ধাননি জ্বলিছে, গোটেই গাঁও ছাৰখাৰ হৈ গৈছে, জুয়ে পোৰা গাইৰ পেটৰ মাজৰ পৰা পোৱালিৰ অপৈণত দেহ বাহিৰ হৈ গৈছে। উঃ উঃ কি সহিব নোৱাৰা দৃশ্য। কেনেকৈ তাৰ বিধৱা বৌয়েকক তাইৰ ককায়েকহঁতে টানি চোঁচৰাই লৈ গ’ল, উঃ সি দৃশ্য সি অনুমানো। কৰিব নোৱাৰে।

হিটলাৰৰ গাল-কাণ উষ্ণ হৈ উঠিল। তাৰ সুন্দৰ সুঠাম কুৰি বছৰীয়া নাৰ্ছিছাচ দুবাহুৰ পৰা হাতৰ মুঠিলৈকে পেশীবোৰ টনটনাই উঠিল, সিৰাবোৰ স্ফীত হৈ পৰিল।

কি হৈছে তাৰ ?

ক’ৰ পৰা আহিছে দেহলৈ এনে অদ্ভূত অনুভৱ ?

সন্ধিয়া নামি আহিছিল… ৰাতিও হ’ল। মাকৰ কাষতে হিটলাৰ চেপেটা লাগি পৰি ৰ’ল। কিন্তু কি হৈছে তাৰ, এনে কিয় লাগিছে। কোনোবাই যেন ঘৰ বুলি ভুলতে তাৰ দেহলৈহে দলিয়াই দিছে জ্বলি থকা জুইশলা কাঠি এডাল, দাউ দাউকৈ জ্বলিছে সি। এৰা হিটলাৰৰ দেহ জ্বলিছে। গোহালিৰ খুটাত পঘাৰে আটি আটি বান্ধি থোৱা গাইজনীৰ দৰেই তাৰ নাৰ্ছিছাচ দেহটো দগ্ধ হ’বলৈ গৈ আছে।

সি উঠি বহিল। ককায়েকৰ ল’ৰাটো মাকৰ বুকুত গোল হৈ সোমাই আছে। কাৰ সন্তান এইটো, ৰাভাৰ নে গাবোৰ। বুজন হৈ কাৰ বাবে কান্দির সি, ৰাভা বাপেক নে গাৰো মাকৰ বাবে?

হিটলাৰৰ দেহত জুই জ্বলিছে। গোহালি এৰি দৌৰা গাইজনীৰ দৰেই অৰ্ধদগ্ধ অৱস্থাৰে সি পাঠশালাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল।

বাহিৰত নিচুকণি জুই একুৰা বেৰি পুৰুষখিনি বহি আছে। ডেকাহঁতে এতিয়াও গাৰো পাহাৰলৈ চাই আছে। সুমথিৰাবোৰে এইহেন আন্ধাৰত তাৰ সৌন্দৰ্য হেৰুৱাই পেলাইছে। আনকি পাহাৰটোৱেও তাৰ সেউজীয়া পোছাক হেৰুৱাই পেলাইছে। সকলো ক’লা হৈ পৰিছে, মিলি গৈছে আন্ধাৰ বৰণত। আন্ধাৰত মুনিব-তিৰোতা, ভাল-বেয়া, ৰাভা গাৰো একো চিনিব নোৱাৰি। চিনিব পাৰি, গৈ থকা দুভৰিৰে, কেৱল চিনিব পাৰি সেয়া পাহাৰ নে ভৈয়াম ।

সিও জুইকুৰাৰ একাষে ৰ’লগৈ। সেয়া জুই আছিল, নৈব পানী নহয়, তথাপি সি তালৈকে একেথৰে চাই ৰ’ল। আৰু অতি আশ্বৰ্যকৰ কথা যে জুইকুৰাৰ মাজতে সি দেখা পাই গ’ল তাৰ নাৰ্ছিছাচ দেহৰ প্ৰতিবিম্ব। হয়, নৈৰ কাচৰ বুকুত নাচি থকা নাই এই দেহ, এই দেহ এতিয়া জুইৰে প্রোজ্জ্বল। একেবাৰে ধলপুৱাতে সি এখোজ দুখোজকৈ ওচৰৰে হাবিডৰাত সোমালগৈ। ওখ গছ এজোপাত উঠি যিমান দূৰলৈ দেখা যায়, চালে। হয় হয়, ঠিকেই দেখিছে সি, ঠিক

অনুমান কৰিব পাৰিছে বেলি উঠো উঠো যেন কৰা

গাৰোপাহাৰৰ নামনিয়েই হয় সেয়া।

সি গছৰ পৰা নামি আহিল। শিবিৰলৈ উভতিল। সেই নামনিতে আছিল ককায়েকৰ মাটিকঁঠালৰ খেতি। গাৰোহঁতৰ দখললৈ যোৱা বেছ কিছুদিনেই হ’ল। বেছ কিছুদিন ধৰি গোপন ষড়যন্ত্র কিছুমান চলি আছিল। অ’ত ত’ত লুটপাত- মাধৰ, হিংসা-প্রতিশোধ আদি ছেগাচোবোকাকৈ চলি আছিল। সকালোৱে ভাবিছিল এদিন সেয়া নোহোৱা হৈ যাব। সপোনতো কোনেও ভবা নাছিল ঘৰ-পথাৰ ছাৰখাৰ হ’ব পাৰে বুলি, এনে দুর্দশা হ’ব বুলি।

গধুৰ মনেৰে শিবিৰলৈ ওভতা হিটলাৰৰ কাণত ভতিজাকৰ কান্দোন পৰিলহি। মাকক বিচাৰি আমনি কৰিছে সি ।

গৈ থকা হিটলাৰ ৰ’ল। উভতি চালে হাবিডৰাৰ আটাইতকৈ ওখ গছজোপাৰ মুধলৈ। হয়, তাৰ পৰাই বিনিকি মণিব পাৰি গাৰোহঁতক লগ কৰিবলৈ যোৱা লুংলুঙীয়া বাটটো। সি আকৌ খোজ ল’লে। সেই বাটেদিয়েই তাৰ বিধৱা বৌয়েকক টানি চোঁচৰাই নিছিল তাইৰ ককায়েকহঁতে। তাৰ দেহৰ জুইৰ উত্তাপ বাঢ়িল ।

নাই নাই, সি নাৰায়ণ নাজানে। বৌয়েকক বিচাৰি যোৱা লক্ষ্মণৰ কাহিনী ক’তো শুনা নাই। তথাপি তাৰ দেহত দগ্ধতাৰ ভমভমনি চলি থাকিল। থেনথেনাই থকা ভতিজাকক মাকৰ কোলাৰ পৰা লৈ সি শিবিৰত আশ্ৰয় লোৱা চুবুৰিৰে ল’ৰা- ছোৱালী বাহৰ ওচৰ পালেগৈ। সুধিলেগৈ—

“তহঁতে আজি নেখেল নেকি?

সিঁহতে তাৰ মুখলৈ চাই ৰ’ল। একো ও-আ নকৰিলে। সি আকৌ ক’লে—

“যেতিয়া খেলিবি, আমাৰ এই নেলছনকো ল’বি দেই।” এইবাৰো সিহঁতে নিমাত। স্থিৰ। হিটলাৰৰ কিবা লাগি গ’ল । কিহৰ দোষত ল’ৰা-ছোৱালীহঁতে আজি হেৰুৱাবলৈ ধৰিছে সিহঁতৰ শৈশৱ? এৰা, এই অৱস্থাত কান্দি থেনথেনাই মাকহঁতক আমনি কৰাৰ বাহিৰে আৰু একো কৰিব নোৱাৰে সিহঁতে ।

শিশুটি জোকাৰি জোকাৰি নিচুকাই সি বাহিৰলৈ ওলাল । অলপ পিছত আহাৰ-পানী আহি পোৱাৰ কথা। চৰকাৰী সাহায্য। সেয়া আহি পোৱাৰ আগতেই শাৰী পাতিছে ভোকাতুৰ মানুহবোৰে ।

সি আকৌ গাৰো পাহাৰলৈ চালে। ৰ’দত সুন্দৰকৈ ঠন ধৰি উঠিছে পাহাৰটোৱে।

সি গাঁৱৰ ডেকাহঁতলৈ চালে। সকলো একো একোকুৰা জুই। তাৰ ক’বৰ মন গ’ল সিহঁতক — ‘ব’ল পাহাৰটোকে পুৰি পেলাওঁ.. । ব’ল, হাবিৰ মাজৰ পৰা চৰাই ধৰি অনাদি আমাৰ বৌজনীক ধৰি লৈ আহোগৈ।’

কিছু সময় একে ঠাইতে ৰৈ সি ডেকা এজনৰ ওচৰ চাপি গ’ল। ওচৰহে চাপিল, কিন্তু একো সুধিব নোৱাৰিলে, মাতকে নোলাল তাৰ।

তথাপি হিটলাৰৰ দেহৰ জুই জ্বলিয়েই থাকিল । ভতিজাকৰ মুখলৈ মূৰ তুলি চাব নোৱাৰে। সমনীয়াহঁতক ফুচুলাই ৰাতিৰ অন্ধকাৰত লৈ যাব নোৱাৰে গাৰো পাহাৰৰ লুংলুঙীয়া বাটেদি, ভতিজাকৰ সন্মুখত তাৰ মাকক আনি থিয় কৰাই দিবহি নোৱাৰে। কারণ এটাই, আজি সিহঁত নিৰস্ত্ৰ। নিৰস্ত অৱস্থাৰে কেনেকৈ সন্মুখীন হোৱা যায় শত্ৰুৰ ?

চৰকাৰৰ ফালৰ মানুহ আহি গৈছে, ছিৰা-কম্বল বিলাই গৈছে, দি থৈ গৈছে আশ্বাস, সকলোবোৰ হেনো সিহঁতে ঘূৰাই পাব, গাঁৱলৈ উভতিব পাৰিব; গাৰোহঁতৰ চৰকাৰী মানুহো আহিছে। সীমান্তত জুই-তেজ আৰু নোহোৱা হ’ব, কেৱল চলিব সেই অতীজৰ সুমথিৰা সুমথিৰা হাঁহিৰ আদান-প্রদান।

সকলোৱে প্ৰাণভৰি বিশ্বাস কৰিছে কথাবোৰ । হাস্পতালত পৰি থকা জখমীহঁতেও পাইছে উপযুক্ত চিকিৎসা, গতিকে আৰু পোৱাৰ সম্ভাৱনা আছে, কথাবোৰ, আশ্বাসবোৰ বিশ্বাসযোগ্য হৈ উঠিছে।

তথাপি হিটলাৰৰ নাৰ্ছিছাচ দেহ দগ্ধ।

বৌৱেকজনীক ঘূৰাই পাবনে শিশুটিয়ে? দ্বিতীয়দিনা সি আওবাটেৰে নৈখন বিচাৰি গ’ল। গাঁৱৰ মানুহে কয় নৈত জলকন্যা থাকে। অকলশৰে ভৰদুপৰত কোনো ডেকা শুদাহাতে যাব নালাগে তালৈ । হাতত কটাৰী, নহ’লে দেহত মাদলী লৈ যাব খুজিছা যদি যোৱা।

নাই নাই এই কথা নাজানে হিটলাৰে । সি জানে কেবল সেই নৈৰ বুকুত এখন নাল হেৰোৱা কুঠাৰ পৰি আছে, আজি যদি বিচাৰি পায়, আজি ৰাতিতেই যাব সি পাহাৰীয়া লুংলুঙীয়া বাটেদি বৌয়েকৰ মাকৰ ঘৰলৈ। আজি ঘৰ-সম্পত্তি সকলো নাশ হৈ গৈছে, তথাপি মানুহকেইটা আছে, মানুহে মানুহে থাকে পৌৰষত্ব। এই পৌষত্বৰে ভয়াতুল হিটলাৰে দগ্ধ হৈ গৈছে, ঘৰৰ নাৰীক ৰক্ষণাবেক্ষণ দিব নোৱাৰিব কিয় সি? ঘৰৰ শিশুৱে কিয় হাহাকাৰ কৰিব মাকক বিচাৰি সি হেন মানুহ এটা থাকোতে? কিয় সি নোৱাৰিব বাপেকে ৰুই থৈ যোৱা গছ এজোপা হ’ব?

যি হয় হ’ব, আজি হাতত কুঠাৰ লৈ সি লক্ষ্মণ যাবই সীতা বৌৱেকক বিচাৰি হিটলাৰ নৈত নামিলগৈ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version