মহাজীৱনৰ স্বপ্নদ্ৰষ্টা হোমেন বৰগোহাঞি
■ জাহ্নবী এন ডেকা
“মই বহুত বাৰ স্বলিত হৈছে৷ বিচলিত হৈছোঁ, কিন্তু তাৰ পিছতো মনুষ্যত্বৰ সাধনাৰে পুনৰ নিজকে নিৰ্মাণ কৰি তুলি আনিছোঁ। মোৰ জীৱনৰ পৰা যদি অইন মানুহে শিকিবলগীয়া কিবা কথা আছে, তেন্তে কেবল সেইটোহে নৰকৰ গহ্বৰৰ পৰাও কিদৰে নিজে নিজকে উদ্ধাৰ কৰি প্ৰতিষ্ঠা কৰিব পাৰি। জীৱনৰ প্ৰতিটো ভুল-ত্রুটিক সাহসেৰে স্বীকাৰ কৰি আত্মবিশ্লেষণ কৰাৰ লগতে নিজৰ লেখাৰ জৰিয়তে অসংখ্যজনক মনুষ্যত্বৰ সাধনাৰ বাবে অনুপ্ৰেৰণা যোগাই মহাজীৱনৰ সন্ধান আৰু আত্মপ্ৰতিষ্ঠাৰ বাট দেখুওৱা তথা কিতাপৰ মাজতে জীৱনৰ সঞ্জীৱনী সুধা উপভোগৰ পথ দেখুৱাব পৰা এগৰাকী স্বপ্নদ্রষ্টা, যুগাৱতাৰ পুৰুষ আছিল শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰ। ১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা বৰগোহাঞি ছাৰৰ বিশাল ব্যক্তিত্বক প্ৰকাশ কৰিব পৰাকৈ উপযুক্ত লেখা এটা লিখাৰ বাবে আন বহুতৰ দৰেই আমিও তেনেই অসমর্থ। সেয়ে আমাৰ এই ক্ষুদ্ৰ লেখাত তেখেতৰ জীৱন দৰ্শন আৰু সাহিত্য সাধনাৰ এটা মাত্ৰ দিশহে উনুকিয়াব খুজিছোঁ।

নিজৰ একক আৰু অনন্য গদ্যশৈলীৰে অসমৰ সাহিত্য আৰু বৌদ্ধিক জগতখনৰ অবিসম্বাদী মধ্যমণি হৈ পৰিছিল বৰগোহাঞি ছাৰ । যোৱা প্ৰায় পাঁচ-ছয় দশক ধৰি তেখেতৰ অনবদ্য লেখাসমূহে মোহাচ্ছন্ন কৰি আহিছে অসমৰ অলেখ সাহিত্যানুৰাগী ব্যক্তিক। লেখক হিচাপে তেখেতৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্য হ’ল এয়ে যে যোৱা প্ৰায় সত্তৰ দশকৰ পৰাই অসমৰ যুৱ প্ৰজন্মকে ধৰি অসংখ্য জ্ঞানান্বেষী ব্যক্তিক অধ্যয়নৰ প্রতি ধাউতি বঢ়াই কিতাপ পঢ়াৰ এক নিবন্ধ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছিল তেখেত। সত্তৰৰ দশকৰ পিছৰ প্ৰতেকজন জ্ঞানপিপাসু ব্যক্তিৰেই গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঠনত এক প্ৰকাৰৰ অভিভাৱকৰ ভূমিকা পালন কৰি আহিছে তেখেতৰ লেখাবোৰে। আজীবন লিখাৰ সাধনাকে ব্ৰত হিচাপে গ্ৰহণ কৰা বৰগোহাঞিদেৱৰ অনুপম গদ্যশৈলীয়ে পাঠকক অহৰ্নিশে ব্যক্ত কৰি ৰাখে জীৱনৰ ৰহস্য সন্ধানত, জীয়াই থকাৰ উদ্দেশ্যৰ ( purpose of life) অনুসন্ধানত । প্ৰতিটো প্ৰজন্মৰ যুৱচামক অধ্যয়ানুৰাগী, কঠোৰ পৰিশ্ৰমী, সময়ানুবর্তী হোৱাৰ লগতে কঠোৰ অনুশাসন মানি চলি সৎ চৰিত্ৰ গঠনৰ প্ৰতি আগ্ৰহী কৰি তুলি এচাম কৰ্মোদ্যমী আৰু প্ৰাণচাঞ্চল্যৰে ভৰা যুৱ প্ৰজন্মৰ সৃষ্টিত অৰিহনা যোগাইছিল তেখেতৰ গভীৰ অধ্যয়নপুষ্ট লেখাবোৰে। ৰাজনীতি, অর্থনীতি, সমাজবিজ্ঞান, প্রযুক্তিবিজ্ঞান আদি সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত বিভিন্নজন অসমীয়াই সদায় সশ্ৰদ্ধভাৱে স্বীকাৰ কৰি আহিছে তেওঁলোকৰ শিক্ষাজীবনত বৰগোহাঞি ছাৰৰ লেখাবোৰৰ পৰা পোৱা অনুপ্ৰেৰণাৰ কথা । তেখেতৰ লেখাবোৰ অসমৰ যুৱ সমাজৰ বাবে অন্তহীন প্ৰেৰণা আৰু সানত্বনাৰ উৎস। এই প্ৰেৰণা আৰু সান্ত্বনাক মূলধন কৰিয়েই সাহিত্য, সংগীত, শিল্পকলা, সাংবাদিকতা আদিকে ধৰি আন আন বৃত্তিগত ক্ষেত্ৰবোৰত বহুলোকে শৃংখলাবদ্ধতা, মানৱতা আৰু ন্যায়সংগতভাৱে কাম কৰিবলৈ উৎসাহ আৰু প্ৰেৰণা পাইছে। নতুন প্ৰজন্মৰ বহুতেই তেখেতৰ প্ৰজ্ঞাৰ সাধনা, জীৱনৰ সাধনা, পাঠকৰ টোকাবহী, মানুহ হোৱাৰ গৌৰব আদি গ্রন্থকে ধৰি বিশ্বসাহিত্যৰ মহৎ লোকসকলৰ জীৱন বীক্ষণ সম্বন্ধে লিখা তেখেতৰ টোকাসমূহৰ পৰা পোৱা শিক্ষাৰে কঠোৰ পৰিশ্ৰম, সংযম, নিয়মানুবর্তিতা, আত্ম-অনুশাসন আদি গুণবোৰৰ অনুশীলনৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত এয়া তেখেতৰ আন এক অতুলনীয় বগুনি । এইবোৰৰ উপৰিও অসমীয়া যুৱচামক কিতাপৰ প্ৰতি আগ্ৰহী কৰি কিতাপ পঢ়াৰ এটা সুঅভ্যাসো গঠন কৰিবলৈ সক্ষম হৈছিল তেখেতৰ লেখাসমূহৰ জৰিয়তে এক কথাত কিতাপ পঢ়াৰ এক নিবন্ধ আন্দোলনৰ যেন শুভাৰম্ভহে কৰিছিল তেখেতে। তেখেতৰ লেখাই আমাক দেখুৱাই আহিছে জীৱনৰ অৰ্থ আৰু লক্ষ্য অন্বেষণৰ পথ। অসমীয়া পাঠকক বিশ্বসাহিত্যৰ প্ৰতি আকৃষ্ট কৰাৰ ক্ষেত্ৰতো তেওঁৰ অতুলনীয় অৱদানৰ কথা সাহিত্যক্ষেত্ৰৰ লগত জড়িত প্রত্যেকজনেই হয়তো অকপটে স্বীকাৰ কৰিব ।
দিবলৈ চেষ্টা কৰি জাতিৰ প্ৰতি গভীৰ দায়বদ্ধতাৰ পৰিচয় দিয়া একমাত্ৰ ব্যক্তিজনেই আছিল বৰগোহাঞি ছাৰ।
জীৱিত কালত নিজৰ জন্মদিন উদ্যাপনৰ নামত সকলো ধৰণৰ আনুষ্ঠানিকতাৰ পৰা বিৰত থকা বৰগোহাঞি ছাৰৰ জন্মদিনটো তেখেতৰ অনুগামী পাঠকসমাজে বিগত বৰ্ষ কেইটাত “প্ৰজাৰ দিন হিচাপে উদ্যাপন কৰি আহিছে। বয়স বৃদ্ধিৰ লগে লগে গভীৰ অন্তৰ্দৃষ্টি আৰু তীব্র আত্মচেতনাবোধসম্পন্ন বৰগোহাঞি ছাৰে হয়তো উমান পাইছিল মৃত্যু তেওঁৰ নিচেই সমাগত বুলি । সেয়ে বিগত বৰ্ষৰ বহুকেইটা লেখাত তেখেতে লিখিছিল বয়স বৃদ্ধিৰ বাবে মৃত্যুৰ প্ৰস্তুতিৰ কথা। মৃত্যুক যেন সহজভাৱে গ্ৰহণ কৰিবলৈ প্রস্তুতি চলাইছিল তেখেতে। মহান গণিতজ্ঞ আইনষ্টাইনৰ দৰেই এক আড়ম্বৰহীন মৃত্যু বিচাৰিছিল তেখেতে। তেখেতে মৃত্যুৰ কথা লিখিলে আমি সকলো অসমীয়াই নিৰাশ হৈছিলোঁ, হৈছিলো শংকিত আৰু ব্যথিত। কাৰণ তেখেতৰ উপস্থিতি অথবা এষাৰ মাতেই আছিল আমি প্ৰত্যেকজন অসমীয়াৰ বাবে জীৱনৰ সঞ্জীবনী সুধা। আমি সকলোৱেই বিশ্বৰ মহৎ সাহিত্যৰাজিৰ ওপৰত গভীৰ বিশ্লেষণাত্মক বিচাৰিছিলো তেখেত আমাৰ মাজত সদায় জীয়াই থাকক টোকাৰে অসমীয়া ভাষাৰ জৰিয়তেই বিশ্বসাহিত্যৰ বহল আৰু আমাৰ সকলোৰে অভিভাৱক হিচাপে, অসমীয়া জাতিৰ বিস্ময়কৰ জগতখনৰ সৈতে পৰিচয় কৰাই দি অসমীয়া অভিভাৱক আৰু দিগদর্শক হিচাপে। বিদায় দিবলৈ হয়তো পাঠকক আজীবন ঋণী কবি ৰাখিছে তেখেতৰ লেখাবোৰে। মুঠেই প্রস্তুত নাছিল কোনোজন অসমীয়াই। কিন্তু সময় সদায় তেখেতৰ লেখাৰ যোগেদিয়েই অসমীয়া পাঠকে নিষ্ঠুৰ । কৰ’না ভাইৰাছে সমগ্ৰ পৃথিৱীলৈ কঢ়িয়াই অনা অসংখ্য বিশ্বসাহিত্যৰ বহু শ্ৰেষ্ঠ গ্রন্থ, গল্প, উপন্যাস বিজ্ঞান আৰু বিপর্যয়ৰ মাজতে অসমৰ সমাজজীৱনতো দি গ’ল এক প্রযুক্তিবিদ্যা বিষয়ক লেখা, নাটক, চিনেমা, চিত্রশিল্প আদি মোক্ষম আঘাত। সেয়া বৰগোহাঞি ছাৰৰ মৃত্যু। কভিড বিষয়ৰ কালজয়ী লেখাসমূহৰ সৈতে চিনাকি হ’বলৈ সক্ষম আক্ৰান্ত হোৱাৰ পিছত নিজৰ অদম্য মনোবলেৰে হৈছে। সহজ অথচ অনুপম গদ্যশৈলীৰে লিখা তেখেতৰ বৰগোহাঞিছাৰে কভিডক জয় কৰিবলৈ সক্ষম হৈছিল যদিও আটাইবোৰ লেখাই সকলো শ্ৰেণীৰ মানুহৰ বোধগমা হোৱা কভিডোত্তৰ দুৰ্বলতাই তেখেতক কায়িকভাবে আমাৰ মাজৰ বাবে সাধাৰণ মানুহেও তেখেতৰ লেখা পঢ়ি জ্ঞান আহৰণ পৰা আঁতৰাই লৈ গ’ল যোৱা ১২ মে’ ২০২১ ইং তাৰিখে। কৰাৰ লগতে জীৱনক উজ্জীবিত কৰিবলৈ প্ৰেৰণা পায়, তেখেতৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় সাহস পায় জীৱনলৈ অহা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা ক্ষতি। তেখেতৰ অনুপস্থিতিত অসমৰ সমাজজীবন তথা কৰিবলৈ। এয়া তেখেতৰ সাহিত্য সাধনাৰ আন এক সর্বোত্তম বৌদ্ধিক ক্ষেত্ৰখনত সৃষ্টি হ’ল এক বৃহৎ শূন্যতা । আমাৰ সাফল্য। অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজজীৱনত দুর্ভাগ্য তেখেতৰ শূন্যস্থান পূৰাবলৈ হয়তো আমি অসমীয়া তেখেতৰ লেখাসমূহে সদায় অসংখ্যজনক প্ৰেৰণা যোগাই জাতিটোৰে বাট চাব লাগিব কেবাটাও বছৰ, কেবাটাও দশক আহিছে অন্তর্জগতৰ এন্ধাৰক নাশি পোহৰ অভিমুখী অথবা শতিকা। আজীৱন প্ৰজ্ঞাৰ সাধনাকে জীৱনৰ ব্ৰত হোৱাত। অসম আন্দোলনকে ধৰি অসমৰ প্ৰতিটো হিচাপে গ্ৰহণ কৰা বৰগোহাঞি ছাৰৰ জীবনাদর্শ আৰু ৰাজনৈতিক আৰু আৰ্থসামাজিক বিপর্যয়ৰ সময়ত সোঁতৰ তেখেতে দেখুৱাই যোৱা মনুষ্যত্বৰ পথ আমি সকলো বিপৰীতে গৈ হ’লেও সাহসেৰে প্ৰকৃত শুদ্ধ পথৰ সন্ধান অসমীয়াৰ বাবেই পাথেয় হোৱা উচিত।