শৰতৰ অনুভৱ 🖋️ হৰমোহন কলিতা

শৰতৰ অনুভৱ

আহিন মানেই শৰৎ। শৰতক হাতবাউলি মাতে আহিনে যেতিয়া নীলা আকাশৰ বক্ষ ভেদ কৰি এজাক বতাহ নামি আহে। সঁচাই গ্রীষ্মৰ শেষত আহিনৰ পয়োভৰ। ঋতু আছে ঋতু যায়, কিন্তু প্রত্যেক ঋতুৰে এক সুকীয়া মাদকতা আছে। ঋতুৱে ঋতুৱে ৰূপ সলাই বর্ণময় পৃথিৱীৰ। বর্ষাকালীন গ্ৰীষ্মৰ নিদানৰ দহন, উদ্দীপ্ত শিখাৰ দিনবোৰ যৱনিকা পৰাৰ পিছতে প্রকৃতিয়ে হাত বাউলী আলফুলে আদৰি লয় শান্ত আৰু সুকোমল দিন আৰু ৰজনী। আহিন নামটোতেই নিহিত হৈ আছে প্ৰকৃতিৰ এক অনন্য নিজস্ব ৰূপ। শেৱালীৰ সুবাসেৰে আচ্ছন্ন হৈ থকা মনোমোহা দিনবোৰ অভিনয় সোণোৱালী ছবি আঁকি শান্ত, সৌম্য আৰু নিৰ্মল অনুভূতিৰে আরবি পেলাই প্রতিজন মানুহৰ হৃদয় মন।

প্ৰকৃতিৰ নিয়ম মানিয়েই পৃথিৱীৰ বুকুলৈ নামি আহে শৰতৰ উলাহৰ মেলা। আহিনৰ আকাশত শুকুলা মেঘৰ লুকা-ভাকুৱে মানুহৰ মনত অলেখ স্বপ্নৰ জোৱাৰ তোলে। আহিনৰ ফৰকাল আকাশখন শুকুলা মেঘৰ পৰিভ্ৰমণত সমাৱেশ ঘটায় অপৰূপৰ ৰূপ। আহিনৰ পৰশ লাগি শান্ত হৈ পৰা নদ-নদীবোৰৰ চৌপাশে ফুলা কঁহুৱা বনৰ ফুলৰ সৌন্দৰ্য, বতাহত ভাঁহি অহা পদুলিমুখৰ শেৱালীজোপাৰ মৃদু সুৱাস, দূবৰি বনে দলিচা পৰা নিয়ৰৰ মুকুতাৰ লয়লাস নাচোনত প্ৰেমৰ সতেজ গোন্ধৰে মানুহৰ হৃদয় স্পৰ্শ কৰি যায়। সেয়েহে হীৰেন ভট্টাচাৰ্যৰ এটি কবিতাত লিখিছে—

‘সুখী শেৱালীৰ উৰণীয়া গোন্ধ,

তোমাৰ অমল শৰীৰৰ শৰৎময় সোণোৱালী ছা, ফটফটীয়া বিলৰ পানীৰ সুশীতল শব্দ,

মোৰ গাৰ কাষেৰে গুচি যায় নির্বিঘ্নে। …’

সেউজীয়া ধাননী পথাৰৰ ওপৰেদি ৰিব ৰিবকৈ বলিথকা বতাহজাকৰ সপোন দেখা আহিন, পথাৰৰ গেঁৰ ধৰা ধাননীক লৈ খেতিয়কে ৰচা সপোনৰ আহিন । শ্ৰদ্ধা-ভক্তি, মৰম-স্নেহ, প্রেম-প্রীতি আৰু ভাতৃত্ববোধেৰে গঢ়ি উঠা ৰঙীণ সপোনৰ আহিন।

আহিনৰ আগমনত আহি পৰে প্ৰাৰম্ভিক বিশ্বকৰ্মাৰে উৎসৱৰ উল্লাহ। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ জয়গানেৰে এক মধুময় ক্ষণত শৰতক আকোঁৱালি লোৱাৰ প্ৰতিস্তুতিৰে ধৰালৈ নামি আহে আদিশক্তি দূর্গতিনাশিনী মা দূর্গা দেৱী।

য়া দেৱী সর্বভূতেষু শক্তি ৰূপেও সংস্থিতা। নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নম:।।

দেশত যেতিয়া অপায়-অমংগল,অন্যায়-অত্যাচাৰ, মাৰি-মৰক, দুখ-দুৰ্গতি, অভাৱ-অনাটন, দূর্ভিক্ষই দেখা দিয়ে তেতিয়াই সর্ব শক্তিরূপিণী দুর্গা দেৱীৰ আৱিৰ্ভাৱ হৈ সকলো শত্রু নিধন কৰি শান্তি-সম্প্ৰীতি প্রতিষ্ঠা কৰে বুলি জনমানসত এক দৃঢ় বিশ্বাস আছে। সেইবাবে যুগে যুগে দুর্গা দেৱীৰ পূজা-অৰ্চনা চলি আহিছে আৰু চলি থাকিব।

যিদৰে দেশত শাস্তি সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে আদ্যশক্তি দুর্গা দেৱীক পূজা-অৰ্চনা কৰে তেনেদৰে জাতি এটাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সংকট কালত প্ৰতিগৰাকী দায়বদ্ধ নাগৰিকে সৎ-চিন্তা চৰ্চাৰে জাতিটোক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগে। বর্তমান সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্রতি প্রত্যক্ষ বা পৰোক্ষভাৱে এক ভাবুকিৰ সৃষ্টি হৈছে। ইংৰাজী ভাষাৰ আগ্রাসন, বাঙলা ভাষাৰ প্ৰাদুৰ্ভাৱ আৰু হিন্দী ভাষাৰ পয়োভৰত অসমীয়া ভাষাৰ সংকট বাৰুকৈয়ে নামি আহিছে। ৰাজ্য চৰকাৰৰ ইংৰাজী ভাষাৰ প্ৰীতি, উচ্চ আৰু মধ্যবিত্তৰ নিজৰ ভাষাৰ প্ৰতি অনিহা আৰু অধিক লালসাত অসমীয়া ভাষা ধ্বংস হোৱাৰ উপক্ৰম। ছাত্র-ছাত্রী, অভিভাৱক আৰু বৌদ্ধিক সমাজত পঢ়ুৱৈৰ সংখ্যা তাকৰ হোৱাত ভাষাৰ কৰ্ষণ হ্ৰাস পাবলৈ ধৰিছে। আধুনিক প্রযুক্তি বিদ্যা, ইণ্টাৰনেট আদিৰ প্ৰয়োগৰ বাবেও ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ মাত্ৰা কমি যোৱা বুলি অনুভৱ হৈছে।

মানুহৰ জীৱনৰ হাঁহি –কান্দোন, দুখ-বেজাৰ,আশা-আকাংক্ষা এই সকলোবোৰ সহজ সৰল আৰু সুন্দৰকৈ প্ৰকাশ কৰিব পাৰি কেৱল মাতৃভাষাৰ জৰিয়তেহে। এই আটাইবোৰ শব্দব্রহ্মৰ যোগেদি সুন্দৰ সুললিত ভাষাৰে প্ৰকাশ কৰাটোৱেই হৈছে সাহিত্য। যিদৰে ভাবহীন শব্দৰ কোনো সার্থকতা নাথাকে তেনেদৰে ভাষাহীন কোনো জাতিৰ জীয়াই থকাৰ মাদকতা নাথাকে। প্রত্যেক জাতিৰে একোটা নিজস্ব ভাষা আছে। নিজৰ মনৰ ভাৱ সমূহক সুন্দৰকৈ প্রতিফলিত কৰিবলৈ হ’লে মাতৃভাষাৰ অতিকৈ প্ৰয়োজন ।

অতীতৰ পৰা বৰ্তমানলৈকে যিসকল বিদ্যমান ব্যক্তিয়ে ভিন্ন ক্ষেত্ৰত চাকৰি,ব্যৱসায় আদি কৰি আছে, যিসকলে ৰাজনীতিৰ পথাৰখনত দপদপাই শাসনৰ বাঘজৰী লৈ আছে, যিসকল শিক্ষাবিদে স্কুল-কলেজত শিক্ষাদান কৰি আছে, যিসকল আজিও শিক্ষাক্ষেত্ৰৰ লগত জড়িত হৈ শিক্ষাৰ বিভিন্ন আঁচনি তৈয়াৰ কৰি ছাত্ৰ-ছাত্ৰী সকলক দেশৰ সুনাগৰিক গঢ়ি তোলাৰ চেষ্টা কৰি আছে সেইসকল ব্যক্তি মাতৃভাষাৰ বিদ্যালয় – মহাবিদ্যালয়ত শিক্ষা গ্রহণ কৰিছিল। আজি কিছু বছৰৰ পৰা অসমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে প্রশাসনিক বিষয়া হিচাপে নিয়োজিত হ’বলৈ সক্ষম হৈছে। এইবোৰৰ বেছিভাগেই নিজৰ মাতৃভাষাৰ বিদ্যালয়ত অধ্যয়ন কৰা। ৰাষ্ট্ৰীয় শিক্ষা-নীতি 2020’তো প্ৰাথমিক আৰু মাধ্যমিক স্তৰত মাতৃভাষাত শিক্ষাদান কৰাৰ পোষকতা কৰিছে। এইক্ষেত্ৰত মাতৃভাষাৰ লগতে সহযোগী ভাষা হিচাপে দেৱনাগৰীক ভাষাৰ উল্লেখ আছে। কিন্তু অসম চৰকাৰে মাতৃভাষাৰ লগতে ইংৰাজী ভাষাকহে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। এইটোৱেই সৰ্বসাধাৰণৰ গাঁৱলীয়া হোজা ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত কু-প্ৰভাৱ পৰিব পাৰে বুলি আমাৰ ধাৰণা হয় । বৰ্তমান ইংৰাজী ভাষা প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তি, সংগঠনে মাত মাতিছে যদিও চৰকাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা নায় । অসমৰ গাঁৱলীয়া অঞ্চল আৰু কিছু নগৰ অঞ্চলতো একেটা ভাষা (মাতৃভাষা)ত শিক্ষাদান কৰিও ভাল ফলাফল দেখুৱাব পৰা নাই, যাৰ ফলত চৰকাৰে তেনে স্কুলবোৰ বন্ধ কৰিবলৈ নীতি নিৰ্দেশনা জাৰি কৰিছে। আমাৰ বোধে। য’ত এটা ভাষাত শিক্ষাগ্ৰহণ কৰিও ভাল ফলাফল দেখুৱাব পৰা নাই তেনেক্ষেত্ৰত দুটা ভাষাত অধ্যয়ন কৰিলে আৰু অধিক নিম্নগামী ফল পোৱাৰ আশংকা হয়। অৱশ্যে দুই এজন ছাত্র-ছাত্ৰীৰ ক্ষেত্ৰত সুকীয়া। ডাক্তৰ আৰু অভিযন্তা হ’বলৈ হ’লে গণিত আৰু বিজ্ঞান বিষয়ক যে ইংৰাজীত শিক্ষাদান কৰিব লাগে তেনে নহয়। নিজৰ ভাষাৰ। জৰিয়তে সূক্ষ্মভাৱে সকলো বিষয় অধ্যয়ন কৰিবলৈহে সহজ বুলি পূৰ্বপুৰুষ সকলৰ অভিমত। মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়নৰ ক্ষেত্ৰত একাধিক ভাষাৰ জ্ঞান আহৰণ কৰি ল’ব পাৰে তাত কোনো সন্দেহ নাই। এইবিষয়ত আলোচনা কৰাৰ যথেষ্ট থল আছে। অসমৰ বুদ্ধিজীৱী, শিক্ষাবিদ আৰু সমাজ সচেতন ব্যক্তি সকললৈ আমি আগুৱাই দিলোঁ।

যাহওক এনেকুৱা এক দুৰ্যোগৰ সময়ত কেইগৰাকীমান বিশিষ্ট চিন্তাশীল ব্যক্তিৰ প্ৰেৰণাত আমি সত্য, পৱিত্ৰতা আৰু নিঃস্বার্থভাৱে বিভিন্ন জনৰ দিহা-পৰামৰ্শৰে ভিন্নজনৰ ভিন্ন ৰুচিসম্পন্ন লেখাৰে সকলোৰে উপভোগ্য হোৱাকৈ ‘অনুৰাগ” নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিছোঁ। আহিনৰ আগমনৰ লগে লগেই শাৰদীয় সংখ্যা হিচাপে প্ৰথম বছৰৰ প্ৰথম সংখ্যা প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছোঁ।

আশাকৰোঁ সুধীসমাজে আমাক দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতাৰে আমাৰ প্ৰয়াসক বাস্তবায়িত কৰাত উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধনত সহায় কৰিব।

সম্পাদকীয়
– হৰমোহন কলিতা

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version