Home সকলোঃ কবিতাঃ সংযোগ নে সত্তাৰ স্ফুলিংগ-ৰিতুপৰ্ণ শৰ্মা

সংযোগ নে সত্তাৰ স্ফুলিংগ-ৰিতুপৰ্ণ শৰ্মা

অনুভৱৰ ভোটাতৰাত বিন্দুমাত্ৰ হালধীয়া আবেলি     বাস্তবক হৃদয়ত গভীৰ উপলব্ধি   কল্পনাৰ মাধ্যমত চিন্তাৰ গঠনমূলক ৰূপ উভতাই আনিবলৈ নোৱাৰা প্ৰতীকিৰ অনুকৰণ   নিমিলা অংকত বিষাদৰ কোলাহল

সংযোগ নে সত্তাৰ
                স্ফুলিংগ
         ————————-
অনুভৱৰ ভোটাতৰাত বিন্দুমাত্ৰ হালধীয়া আবেলি
    বাস্তবক হৃদয়ত গভীৰ উপলব্ধি
  কল্পনাৰ মাধ্যমত চিন্তাৰ গঠনমূলক ৰূপ
উভতাই আনিবলৈ নোৱাৰা প্ৰতীকিৰ অনুকৰণ
  নিমিলা অংকত বিষাদৰ কোলাহল
আশাৰ সপোনবোৰ অকাল বিয়োগ
তৰংগ ভেদি শিথিল সমীকৰণ
অভিমানবোৰলৈ আক্ষেপ
শূন্যতাৰ এলান্ধুবোৰৰ চৰিত্ৰ কিয় সলনি নহয়
   শৰতলৈ এখন পত্ৰ লিখিছো
   হাঁহিৰ মালিতা গাঁঠিবলৈ
শেতা পৰা হৃদয়ত আকৌ থিতাপি লবানে
জোনাকৰ প্ৰেমময় ছাঁ মেঘচ্ছন্ন কৰিবনে
এঙেৰুবা কলিজাত ন্যায়ৰ আশা আজিও নিস্তেজ।
         ৰিতুপৰ্ণ শৰ্মা
         নামঘৰ পথ,
         বেলতলা।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version