Home সকলোঃ কবিতাঃ মাতাল নিশাৰ চিৰ নিদ্ৰাত/ অমৃত কণ্ঠ -ৰিতুপৰ্ণ শৰ্মা

মাতাল নিশাৰ চিৰ নিদ্ৰাত/ অমৃত কণ্ঠ -ৰিতুপৰ্ণ শৰ্মা

এদিন তুমিয়েই কৈছিলা  অভিজিত মুহূৰ্তত জন্ম মোৰ  সমগ্ৰ বিশ্ববাসীৰ বুকু উদং কৰি  ডেউকা বিহীন পক্ষী হৈ 

মাতাল নিশাৰ চিৰ নিদ্ৰাত
————————————
 অমৃত কণ্ঠ  
—————-   
শেষ বুলিলেইতো শেষ নহয়
আকৌ আৰম্ভ হয় শেষ নহয়
ৰক্তবীজৰ মাতাল নিশাৰ 
মায়াবিনী ৰাতিৰ বুকুত 
জুইয়ে দহা কলিজাত 
নতুনকৈ উশাহ লৈছে 
উকা কপালত জিলিকি ৰোৱা
ৰঙা বেলিটো এতিয়াও আপোনজনৰ নামত
আধৰুৱা কথাবোৰ কবলৈ এতিয়াও বহু বাকি 
পৰিধিৰ বৃত্তত অভিমান আৰু অভিযোগবোৰ 
গহীন নিশাত ফুলা নিয়ৰৰ
এপাহ নিয়ৰৰ ফুল 
এদিন তুমিয়েই কৈছিলা 
অভিজিত মুহূৰ্তত জন্ম মোৰ 
সমগ্ৰ বিশ্ববাসীৰ বুকু উদং কৰি 
ডেউকা বিহীন পক্ষী হৈ 
আকাশ চুব কি দূৰ্বাৰ হেঁপাহ 
বহু আশাৰে ৰৈ আছে 
আজন্ম প্ৰকৃতি 
প্ৰাণহীন প্ৰকৃতিত অমৃত ঢলাৰ আশাত 
কেনেকৈ ইমান নিষ্ঠুৰ হব ললা
প্ৰাপ্তিৰ প্ৰাচুৰ্য্যৰ পূৰ্ণতাৰ দলিচা পাৰি 
জিৰিক্ জিৰিক্ শব্দৰ তালত
পাখি মেলি উৰিবলৈ জিয়ণীয়া সপোন 
সাতোৰঙী স্বপ্নৰ নিৰিবিলি জোনাকৰ 
ছন্দে ছন্দে সুৰৰ মূৰ্চ্ছনা 
তন্ময়তাৰ উন্মেষ ঢালি 
বিশ্বৰ ছন্দে ছন্দে ছন্দোবদ্ধ কৰি ৰাখি গলা 
মিতিৰালি আৰু কিমান কৰিবা 
সীমান্তত নিৰৱ নায়ক হৈ 
প্ৰতি নিশ্বাসত উশাহৰ নৱ ইতিহাস  ।।
                    ৰিতুপৰ্ণ শৰ্মা
                       বেলতলা

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version