Home সকলোঃ কবিতাঃ “অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

মই অনুভৱ কৰোঁ পোহৰৰ অদৃশ্য উপস্থিতি, যেন প্ৰতিটো নিঃশেষৰ অন্তৰতেই লুকাই থাকে এক নতুন সূচনা।

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”
নিশাৰ গহীন নিৰ্জনতাত
যেতিয়া সময়ো স্থবিৰ হৈ ৰয়,
মই তেতিয়া শুনো
নিজৰ অস্তিত্বৰ নিঃশব্দ স্পন্দন, 
এক অজানা প্ৰশ্নৰ দৰে
যি কেতিয়াও উত্তৰ নাপায়।
চিন্তাৰ অনন্ত প্ৰবাহে
মোক লৈ যায় সেই সীমালৈ,
য’ত বোধ আৰু অবোধৰ মাজত
অস্তিত্বই নিজকে হেৰুৱাই পেলায়।
মনৰ আকাশত তেতিয়া
জ্বলি উঠে কিছুমান ৰঙহীন স্বপ্ন,
যিবোৰে নীৰৱে কয়—
“জীৱন মাথোঁ এক অনন্ত অনুসন্ধান।”
অন্ধকাৰৰ গহ্বৰতো
মই অনুভৱ কৰোঁ পোহৰৰ
অদৃশ্য উপস্থিতি,
যেন প্ৰতিটো নিঃশেষৰ অন্তৰতেই
লুকাই থাকে এক নতুন সূচনা।
প্ৰশ্নই মোৰ সঙ্গী,
স্বপ্নই মোৰ আশ্ৰয়,
আৰু এই নিঃশব্দ যাত্ৰাই
মোৰ জীৱনৰ একমাত্র প্ৰমাণ।
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version