আচৰণ
■ সুনীতি তালুকদাৰ কলিতা
সুৱাসনাই কেতিয়াবা ভাবিছিল নে তাইৰ জীৱনত অ এনে এটি অঘটন ঘটিব বুলি? নাই তাই কেতিয়াও ভবা নাছিল৷ মাক দেউতাকৰ সংস্কাৰত উমলি-জামলি ডাঙৰ দীঘল হোৱা দেখা সুৱাসনাই কোনো পধ্যেই ভবা নাছিল এনে এটি সংঘাত। তাইৰ বিবেকে কোৱা নাছিল যিজনী মানুহে দহ মাহ দহ দিন গৰ্ভত কঢ়িয়াই জন্ম দি ডাঙৰ দীঘল কৰিলে সেই মানুহ জনীকে ইমান অৱজ্ঞা কেনেকৈ সম্ভৱ হ’ব হ’ব পাৰে? যিজন মানুহে — নিজৰ মাককে চিনি নাপাই, তেনে এজন বিবেকহীন মানুহৰ লগত তাই কেতিয়াও সুখী হ’ব নোৱাৰে। বাৰে বাৰে ন-কইনা সুৱাসনাই ফুল শয্যাৰ ৰাতি স্বামীক প্ৰশ্ন কৰিছিল। মাই খালে নে?
নাই, মাই নেখায়।
আপুনি মোৰ কাৰনে সুস্বাদু ভোজনৰ থাল লৈ আনিছে, কিন্তু আগতে আপুনি মাক খুৱাই লওক। নাই, মা বুঢ়া মানুহ, যেনে তেনে নিজে কিবা এটা খাই লয়৷ কেতিয়াবা খায় কেতিয়াবা নেখায়। নাই, অ মাই খোৱাৰ পাছত হে মই খাব পাৰিম। নাই নাই, মাৰ খোৱাৰ কোনো চখ নাই। তুমি খাই লোৱা৷ বাৰে পতি একেটা কথাকে শুনিবলৈ ভাল নেলাগিল সুৱাসনাৰ। লগে লগে যাৱতীয় কাপোৰ – কানিৰ বেগখন লৈ মাকৰ ঘৰলৈ বুলি ঢাপলি মেলিলে।
এদিন মনে বিচৰা মানুহ জনৰ লগত সুৱাসনাৰ সংসাৰ খন ঠন ধৰি উঠিল। স্বামীৰে সৈতে এখন সুখৰ সংসাৰ য’ত হাঁহি আৰু আনন্দৰ এক সুন্দৰ সমলয়।
পৰিপক্ক বয়সত সুৱাসনাই এদিন ল’ৰা দুজনক ক’লে, বোপাইহঁত মোক এখন ৰে’লৰ টিকত কৰি দিয়া। মই তীর্থস্থানলৈ যাব বিচাৰো।
মাকৰ কথাত ল’ৰা দুজনে উত্তৰ দিলে। কিন্তু গমা, আপুনি অ’কলে কেনেকৈ যাব? তাৰোপৰিআপোনাৰ বয়স হৈছে এতিয়া। আপোনাৰ লগত অ আমি দুয়ো একেলগে যামগৈ। মাকৰ যাত্ৰা পথত কিবা অসুবিধা হ’ব বুলি ভাবিয়ে দুয়ো ভায়েক একেলগে মাকৰ সাৰথি হৈ ওলাল।
মন্দিৰৰ প্ৰাঙ্গনত সুৱাসনাই ল’ৰা দুটিৰ সৈতে খানা খাই থকা সময়তে অলপ দূৰত দেখা পালে এজন মানুহ। মানুহ জনৰ অপৰিষ্কাৰ পিন্ধন উৰণ, চেহেৰাটো দেখি ভাব হ’ল কেইবাদিনো ধৰি যেন উপবাসে আছে। তাৰোপৰি মুখমণ্ডলত দাৰি গোফ, চুলিৰ এক অবর্ণনীয় ৰূপ। মানুহ জনক লক্ষ্য কৰি সুবাসনাই ক’লে, বোপাইহঁত, সৌ মানুহজনৰ অৱস্থাটো চোৱাচোন। তোমালোকে এটা কাম কৰা, তাক ধুৱাই পৰিষ্কাৰ পৰিচন্ন কৰি ভাল কাপোৰ পিন্ধাই এসাজ ভালকৈ খানা খুৱাই দিয়া। মাকৰ কথা মতে ল’ৰা দুজন মানুহ জনৰ ওচৰলৈ বুলি গৈ থাকিল। সুৱাসনাই ভালকৈ নিৰীক্ষণ কৰি মানুহ জনৰ কাষ চাপি আহিল আৰু ক’লে, আপোনাৰ এই ৰূপ কেনেকৈ হ’বলৈ পালে? মোৰ ল’ৰাহঁতে ঘৰৰ মানুহে মোৰ সকলো সা-সম্পত্তি কাঢ়ি লৈ যোৱাৰ পিছত মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। এতিয়া মই সৰ্বহাৰা হৈ ভিক্ষা কৰি ঘুৰি ফুৰি ক’ৰবাত কিবা পালে খাও নেপালে নাই। এতিয়া মোৰ কোনো ঘৰ নাই। ফুট পাথেই মোৰ ঘৰ সিদিনা ফুলশয্যাৰ ৰাতি আপোনাক এৰি মই কিয় গুচি গৈছিলো এতিয়াও কাৰণটো মই আপোনাক জনোৱা নাই। আপুনি নিজৰ স্বাৰ্থ আৰু সুখৰ কাৰণে নিজৰ জন্মদাতৃ মাৰ কথা নেভাবি আপুনি অকল মোৰ ওপৰত অৰ্থাৎ পত্নীৰ ওপৰত হে গুৰুত্ব দিয়া দেখিলোঁ। মই ভাবিলো, মোৰ বিবেকৰ সংঘাটে মোক সঁকিয়াই দিলে যিজন মানুহৰ মনোভাৱ ইমান নিকৃষ্ট সেই মানুহ জনৰ লগত সংসাৰ কৰি মই সুখী হ’ব নোৱাৰিম। আৰু সেই কাৰণেই আজি মাতৃক বৃদ্ধাৱস্থাত যিয়ে অৱহেলা কৰে সেইজনকো নিজৰ লৰাই এনেকুৱাই আচৰণ কৰিব৷
܀܀܀܀܀܀܀܀܀܀܀܀
