ইতিহাস খুচৰিলে দেখা পোৱা যায় যে পৃথিৱীৰ প্ৰতিটো সভ্যতাতে দেৱীৰ কাল্পিক ধাৰণা আছে আৰু সেই দেৱীৰ বিভিন্ন ৰূপত পূজাও কৰা হয়। আমাৰ ভাৰতবৰ্ষতো দেৱীক বিভিন্ন ৰূপত কল্পনা কৰাৰ লগতে সজোৱাও হৈছে আৰু বিভিন্ন পদ্ধতিৰে উপাসনাও কৰি অহা হৈছে। এই পূজা এক ধৰ্মীয় উৎসৱ বাবেই ইয়াৰ বিভিন্ন শাস্ত্রীয় ব্যাখ্যা আছে, পৌৰাণিক কাহিনী সংলগ্ন হৈ আছে, জড়িত হৈ আছে বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰা। শাস্ত্ৰ মতে দুর্গ শব্দই দৈত্য, কুকর্ম, দুঃখ-শোক, মহাভয়, অতিৰোগ বুজায় আৰু কাৰ্য অৰ্থ হৈছে ৰা নাশক। অর্থাৎ যি জনা দেৱীয়ে এই গ সকলোবোৰ নাশ কৰিব পাৰে তেৱেঁই দুর্গা। আনহাতে দুৰ্গা শব্দৰ সন্ধি ভাঙিলে হয় দ+উ+ৰ+গ+আ=দুর্গা। ইয়াত ‘দ’ মানে দৈত্য নাশক, ‘উ’ মানে বিঘিনি নাশক, ‘ৰ’ মানে ৰোগ নাশক, ‘গ’ মানে পাপ নাশক আৰু ‘আ’ মানে ভয় বা শত্রু নাশক। অর্থাৎ যিমানবোৰ অশুভ শক্তি আছে সেই সকলোবোৰৰে বিনাশকাৰী হৈছে দুৰ্গা। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমীলৈকে পাঁচদিন দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। এই পাঁচ দিন যথাক্রমে দুর্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়াদশমী নামে জনাজাত আৰু এই পক্ষটোক দেৱীপক্ষ বুলিও জনা যায়। দেৱীপক্ষ আৰম্ভ হয় ৰা অমাৱস্যা দিনটোৰ পৰাই যাক মহালয়া বুলি কোৱা হয়।
এই পূজা মূলতঃ বসন্ত কালত অনুষ্ঠিত হোৱা বাবে ইয়াক বাসন্তী পূজা নামেৰেও জনা যায়। শ্ৰীৰামচন্দ্ৰই সীতাৰ উদ্ধাৰ অভিযান কালত ৰাৱণক বধ কৰিবৰ বাবে শৰৎকালত এই পূজা অনুষ্ঠিত কৰিছিল আৰু তাৰপৰাই এই পূজা শৰৎকালতেই জাকজমকতাৰে অনুষ্ঠিত হৈ আহিছে।
প্রাচীন কালৰে পৰাই অসমতো দুৰ্গা পূজাৰ প্রচলন আছিল। অসমৰ প্রাচীন অনাৰ্যমূলীয় অধিবাসী সকলৰ মাজত দেৱী পূজা বা মাতৃ পূজাৰ প্রচলন আছিল। আহোম ৰাজত্ব কালৰ পৰাই বাসন্তী দুর্গা পূজা অনুষ্ঠিত কৰি অহা হৈছিল। বৰজা ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে। বসন্ত কালৰ পূজিতা এইজনা দেৱী দুৰ্গাক বিভিন্ন নামেৰে যেনেঃ কামাখ্যা, কেঁচাই ৰা খাইতী, তাম্ৰেশ্বৰী, দীর্ঘেশ্বৰী, ব্যাঘ্ৰেশ্বৰী, বুঢ়ীগোসাঁনী, সিদ্ধেশ্বৰী, তুক্ৰেশ্বৰী, জয়ন্তেশ্বৰী নামেৰে জনা গৈছিল।
অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰাৰ দৰে লক্ষীমপুৰ জিলাৰ বিভিন্ন স্থানতো অতীজৰে পৰাই দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে যদিও ইয়াৰ সঠিক তথ্য পোৱা নাযায়। ঠিক তেনেদৰে ‘লক্ষীমপুৰ’ নামটোও কেতিয়াৰ পৰা হ’ল সঠিক জনা নাযায় যদিও কোনোৱে ক’ব খোজে যে এই ভূ-খণ্ডত ৰাজত্ব কৰা আৰিমত্ত ৰজাৰ মন্ত্ৰী সমুদ্ৰৰ নাতিনী
লক্ষ্মীদেৱীৰ নামেৰেই ঠাই খনৰ নাম লক্ষীমপুৰ হ’ল। কোনোৱে আকৌ অপর্যাপ্ত ধান লক্ষ্মী খেতি হোৱা বাবে লক্ষীমপুৰ হোৱা বুলি ক’ব খোজে৷ আনহাতে এই অঞ্চলত ৰাজত্ব কৰা লক্ষ্মীনাৰায়ন আৰু সত্যনাৰায়ন নামৰ দুজন ৰজাই বাসুদেৱ বিষ্ণু পূজাৰ কাৰণে পূজাৰীক দান দিয়া দুখন তামৰ ফলি ঘিলামৰা অঞ্চলত ১৯১০ আৰু ১৯৩২ চনত উদ্ধাৰ হৈছিল। ফলিৰ পাঠ উদ্ধাৰ কৰি লক্ষীমপুৰৰে সু-সন্তান বুৰঞ্জীবিদ সৰ্বেশ্বৰ বৰুৱাই লিখি থৈ গৈছে যে লক্ষ্মীনাৰায়ন ৰজাৰ নাম অনুসৰি হে ঠাই খন আৰু জিলা খনৰ নাম লক্ষীমপুৰ হয়। ব্ৰিটিছৰ দিনত ডিব্ৰুগড় জিলাকো সামৰি লক্ষীমপুৰ জিলা আছিল যদিও ১৯৭১ চনৰ ২ অক্টোবৰত ডিব্ৰুগড়ক এৰি সুকীয়া কৈ লক্ষীমপুৰ জিলা হয়৷ তাৰ পাছত আকৌ সৌ সিদিনা ধেমাজিক লক্ষীমপুৰৰ পৰা আঁতৰাই নি ধেমাজি জিলা গঠন কৰা হ’ল। বৰ্তমান লক্ষীমপুৰ জিলাত উত্তৰ লক্ষীমপুৰ আৰু ঢকুৱাখনা এই দুটা মহকুমা, ১৩ টা মৌজা, ৯টা উন্নয়ন খণ্ড, ৭ টা ৰাজহ চক্ৰ, ৩ খন নগৰ আৰু ১,১৭৭খন গাওঁ আছে।
লক্ষীমপুৰ জিলাখনত কেতিয়াৰ পৰা দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও অতীজৰে পৰা ভালে কেইখন থান বা দেৱালয়ত গোসাঁনী পূজা কৰা হৈছিল বুলি জানিব পাৰি। অবিভক্ত লক্ষীমপুৰ জিলাত উত্তৰ লক্ষীমপুৰ নগৰৰ মাজ মজিয়াত থকা ‘বেঙ্গলী হল’তেই পোন প্ৰথম মৃন্ময় মূৰ্তিৰে দুৰ্গা পূজা অনুষ্ঠিত হৈছিল বুলি জনা যায়। এই পূজা ভাগ বৰ্তমানেও হৈ আহিছে। এই বেঙ্গলী হলক এতিয়া বিশ্ব হল নামেৰেহে জনা যায়।
উত্তৰ লক্ষীমপুৰ দৈনিক বজাৰৰ গাতে লাগি আছে পঞ্চানন দেৱালয়। পঞ্চানন শিৱৰ নাম যদিও এই দেৱালয়ত শিৱৰ বিগ্ৰহ নাই। প্রথমে এইখন আছিল পঞ্চানন নাট্য মন্দিৰ। নাটক অনুষ্ঠিত হৈছিল ইয়াত। উত্তৰ লক্ষীমপুৰ নগৰৰ পৰা তিনি কিঃমিঃ মান পূৱৰ কৰ্চন বকল গাৱঁত থকা কেঁচাইখাতী গোসাঁনীৰ থানৰ পৰা ষোড়সী মহাবিদ্যাৰ আকৃতিৰ বিগ্ৰহ ভাগ তুলি আনি পঞ্চানন নাট্য মন্দিৰত স্থাপন কৰাৰে পৰা পঞ্চানন দেৱালয় নামেৰে জনাজাত হ’ল। মূল দেৱালয়ত গোসাঁনী পূজাৰ উপৰিও কাষতে মণ্ডপ সাজি মৃন্ময় মূৰ্তিৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। ইয়াত বলি বিধানৰো প্ৰচলন আছে। কৰ্চনত এতিয়াও দেৱালয়ৰ নামত ভালেখিনি মাটি আছে আৰু পঞ্চানন দেৱালয় তদাৰক কৰোঁতা পূজাৰীয়ে ভোগ দখল কৰি আছে।
গোহাঁই মৌজাৰ বেবেজিয়া অঞ্চলত অৱস্থিত আছিল নীলতাৰা বিগ্রহ। প্রবাদ আছে যে গৰখীয়া ল’ৰাই গৰু চৰাই থাকোতে ধেমালি কৰি মাটিৰ ঢাপ এটাত ফৰিং বলি দিছিল। এবাৰ এটা ল’ৰাই ফৰিং বিচাৰি নোপোৱাত লগৰ ল’ৰাই ধেমালিতে বিৰিণা পাতেৰে তেওঁকে বলি দিব খোজাত মূৰটো ছিগি পৰে আৰু আপুনা আপুনি দেৱী মূৰ্তিৰ আৱিৰ্ভাৱ হয়। এই মূর্তি এতিয়া ভগা ছিগা অৱস্থাত। তাৰে কিছু অংশ তুলি আনি উত্তৰ লক্ষীমপুৰ নগৰৰ পৰা ৪ কিঃমিঃ মান পূৱত থকা ঘাৰমৰাত স্থাপন কৰি নীল দেৱালয় নাম দিয়া হয়। ইয়াতো দুর্গা পূজা অনুষ্ঠিত হয়। ইয়াত বলি দিয়া প্রথা নাই যদিও বলি কটা প্রকাণ্ড দা আছে। প্ৰতি বছৰে পূজাৰ শেষত দশমীৰ দিনা এই দা খন নদীত উটুৱাই দি পুনৰ তুলি আনি মন্দিৰত থোৱা প্রথা চলি আছে।
ঢকুৱাখনা নগৰৰ পৰা ৩ কিঃমিঃ উত্তৰলৈ গোবিন্দপুৰৰ দেৱলীয়াত আছে হাৰ্হি দেৱালয়। হাৰ্হি নৈৰ পাৰত অৱস্থিত কাৰণে দেৱালয় খনৰ নাম হাঁহি দেৱালয়। প্রবাদ মতে শদিয়াৰ কেঁচাইখাতী গোসাঁনীৰ পূজাত বেমেজালি ঘটাত দেৱী অসন্তুষ্ট হৈ অৱলীলা ক্রমে ভটিয়াই আহি প্ৰথমে দেওঘৰীয়াত আৰু পাছত বর্তমান ঠাইত থাকিবলৈ লয়। এই নদীৰ পাৰত কোঁচ আহোম আৰু মুছলমানৰ ৰণ হৈছিল। স্বৰ্গদেউ শিৱসিংহই এই দেৱালয় সজাই দি ভূমি দান কৰাৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। এই হাৰ্হি দেৱালয়তো দুৰ্গা পূজা বলি বিধানেৰে অনুষ্ঠিত হৈ আহিছে।
উত্তৰ লক্ষীমপুৰ নগৰৰ পৰা ৩ কিঃমিঃ মান দূৰৰ নু গড়হেগা অঞ্চলৰ তিনিকুৰীয়া গাৱঁত আছে বৈঠাৱতী ৰা দেৱালয়। দেৱালয়ৰ বাবে আহোম ৰজাই দিয়া গ ভালেখিনি কৰমুক্ত মাটি আছে। এতিয়াও দেৱলীয়া সকলে সেই মাটি ভোগ কৰি আছে। ইয়াতো বছৰি দুর্গা দেৱীৰ পূজা নিয়মিয়াকৈ অনুষ্ঠিত কৰা হয় আৰু গোসাঁনী ফুৰাবলৈ নিয়াৰ সময়ত আলিৰ কাষৰ কলগছ আৰু অন্যান্য গছ কাটি যোৱাৰ এটি নিয়ম প্ৰচলিত হৈ আহিছে। দেৱালয়ৰ দেৱী মূৰ্তিভাগ শিলত খোদিত কৰা।
ইয়াৰ উপৰিও নাওবৈচা মৌজাৰ পেৰাভাৰী গাৱঁৰ দেৱী দৌল, দেওঘৰ, খগাৰ বুঞ্জী গোসাঁনীৰ থান আদিত অতীজৰে পৰা গোসাঁনী পূজা কৰা হৈছিল। সেই দৰে বগীনদীৰ পদুমনী আইথানতো গোসাঁনী পূজা অনুষ্ঠিত হৈ আহিছে। আধুনিক কালৰ মৃন্ময় মূৰ্তিৰে কৰা দুৰ্গা পূজা উত্তৰ লক্ষীমপুৰ নগৰতে প্রায় ১৪খন মান প্রতি বছৰে অনুষ্ঠিত হয়। গতিকে সমগ্ৰ জিলা খনত শতাধিক দুর্গা পূজা অনুষ্ঠিত হয় বুলি ক’ব পাৰি। চাহ বাগান বিলাকতো এই দুর্গা পূজা এক গুৰুত্ব পূৰ্ণ উৎসৱ ৰূপে পৰিগণিত হৈ আহিছে।
܀܀܀܀܀܀܀܀܀܀܀܀܀
